দিছিল। এই ষ্টেশ্যনটি ডেভনশ্যায়াৰত। তাৰপাছত টন্টন্, নিউটন্, এবট্, টৰ্কী এৰি
পেইন্টন্ পালোঁগৈ। টন্টন্ ঐতিহাসিক ঠাই। ডিউক অব্ মন্মথে (Monmouth) এই
টন্টন্ত ইংলণ্ডত হোৱা শেহ যুদ্ধ স্বেজ্মূৰৰ যুদ্ধৰ আয়োজন কৰিছিল।
পেইন্টন পাই ষ্টেশ্যনত নামি ব্ৰেক-ভ্যানত চাওঁ যে মোৰ বাকচ অহা নাই। সেই বাকচটিতে মোৰ সকলো সম্পত্তি আছিল। মই ষ্টেশ্যনত ইয়াক সোধোঁ, তাক সোধোঁ, বাকচ নাই। পাছত ষ্টেশ্যনমাষ্টৰে মোক সুধিলে, বাকচত নাম আছিল নে নাই। মই ক’লো যে নাম নাই। তেতিয়া সি হাঁহি ক'লে, “Just fancy, a gentleman like you travelling without your name on your portmanteau.”মুখৰ ফালে চাই দেখিলোঁ সি ঠাট্টা কৰা নাই, নাম আৰু ঠিকনা লেখি যাবলৈ ক'লে—বাকচ পালে পঠাই দিবৰ নিমিত্তে। বাকচটো আৰু এখন গাড়ীত এক ঘণ্টামান পাছত আহিল। বাকচ পাই শান্ত হলোঁ।
ষ্টেশ্যনত যি ঘৰত থাকিমগৈ সেই ঘৰৰ গৰাকী বুঢ়া মিঃ মিচেলমোৰ থিয় দি আছিল। তেওঁক এজন ভদ্ৰ খেতিয়ক (Gentleman famer) বুলিব পাৰি, খেতি কৰি অঁতাই তেতিয়া বহি আছিল। Gentleman famer কথাটো ওখ খাপৰ, এওঁ একেবাৰেই ওখ খাপৰ নহ'লেও ভাল ভদ্ৰ মানুহ আছিল। অতি ডাঙৰ মানুহে কি ডাঙৰ বংশৰ মানুহে খেতি কৰিলে Gentleman famer কোৱা হয়। তেওঁ একেবাৰেই আচল বুঢ়া ইংৰাজ। তেওঁৰ সৈতে তেওঁৰ ঘৰ Whitstone House-লৈ গ'লোঁ। তেওঁৰ Devonshire accent খুব আছিল—‘r’-বোৰক ঘূৰাই কথা কৈছিল, কিন্তু আকৌ Yorkshire-ৰ ‘r’ ঘূৰোৱা আৰু একৰকম। তেওঁ বৰ ভাল মানুহ আছিল, তেওঁৰে সৈতে কিমান ধেমালি কৰিছিলোঁ, ড্ৰাফ্ট (draught) খেলিছিলোঁ। এওঁ ঘৰলৈ গৈ দেখোঁ যে আৰু এজন ভাৰতবৰ্ষীয় তাত আছিল। তেওঁ মোৰে দৰে কলেজৰ বন্ধত যোৱা। তেওঁ পাৰ্চী, নাম মিঃ হৰমাচজী জেহাৰ্গীৰ ভাভা। মহীশূৰৰ ডিৰেক্টৰ অব পাবলিক ইনষ্ট্ৰাক্সনৰ পুতেক। এইঘৰৰ পৰিবাৰৰ বিষয় অহাবাৰত কম। লাহে লাহে আৰু দুজন ভাৰতবৰ্ষীয় কিছুদিনৰ নিমিত্তে গোট খালোঁগৈ৷ এজন মিঃ সুকুমাৰ সেন আৰু সিজন কৰ্ণেল (তেতিয়া মেজৰ) এন. পি. সিংহ। এওঁ ছুটি লৈ বিলাতলৈ গৈছিল।
মিষ্টাৰ মিচেলমোৰৰ বয়স প্ৰায় ৬৫/ ৭০ বছৰমান কি তাতকৈও বেছি আছিল। কিন্তু তেওঁ খোজকঢ়াত বৰ পটু আছিল। তেওঁৰে সৈতে খোজকাঢ়ি তেওঁলোকৰ ঘৰ