যাবৰ দ্বিতীয় শ্ৰেণীৰ কেৰেয়া ৩৭৫ টকা আছিল, আজিকালি বাঢ়িছে। আটাইবোৰ কোম্পানীৰ ৰেট্ এতিয়া বাঢ়িছে।
আমাৰ শ্ৰেণীত কেইটামান ভাৰতবৰ্ষত ওপজা বৃটিছ ল'ৰা-ছোৱালী আছিল। সিহঁতৰ বাপেক-মাকো কাৰো কাৰো লগত আছিল। সিহঁতৰ আৰ্থিক কি সামাজিক অৱস্থা কেনে আছিল ক’ব নোৱাৰো। ল'ৰা-ছোৱালীকেইটাৰ আমাৰ সৈতে ব্যৱহাৰ দেখি ভাল বুলি মনত নহৈছিল। সিহঁতে মিছামিছিকৈয়ে আমাৰ সৈতে কৰ্কশ আৰু অভদ্ৰ ব্যৱহাৰ কৰিছিল। সৰু ল'ৰা-ছোৱালী দেখি আমি সেই ব্যৱহাৰলৈ আওকাণ কৰিছিলোঁ। আশ্চৰ্য্যৰ কথা এই যে সিহঁতে এনে ব্যৱহাৰ মাক-বাপেকৰ আগতে কৰিছিল আৰু মাক কি বাপেকে এইবাবে সিহঁতক কোনো শাস্তি দিয়া কি শাসন কৰা দেখা আমাৰ মনত নপৰে। কিছুদিনৰ পাছত এই ব্যৱহাৰ এনেয়ে স্বাভাৱিকৰূপে কম পৰি আহিল।
আমাৰ আন সহযাত্ৰীসকলৰ সৰহভাগ সিমান উচ্চ শ্ৰেণীৰ মানুহ নাছিল বুলি আমাৰ মনত হয়। মাদ্ৰাজ কি কলম্বোৰপৰা এজন 'মজাৰ’ যাত্ৰী উঠিল। তেওঁৰ মুখ বৰ ৰঙা আৰু তেওঁ ৰঙ্গিয়াল (কেতিয়াবা কেতিয়াবা) স্বভাৱৰ মানুহ, কথামুখৰপৰা “উনৈশটাকৈ ডজনত” (এই কথাফাঁকি ইংৰাজীৰপৰা অনুবাদ, nineteen to the dozen) অৰ্থাৎ তেওঁ ইমান কথা কৈছিল যে আন মানুহৰ যেনে ডজন মানে বাৰটা, তেওঁৰ কথাৰ ডজনত ঊনৈশটাকৈ আছিল। তেওঁ বোধকৰোঁ অলপ সৰহ মাত্ৰাত ফটিকা সেৱন কৰিছিল। সেইদেখি ইদ্ৰিছ নামধাৰী খিদিৰপুৰীয়া মুছলমান খানচামাই আমাক পাঁচোটাকে, সেই মানুহজনে ফটিকা খুজিলে নিদিবলৈ কৈছিল; আমাৰ অৱশ্যে ফটিকাৰ সৈতে সম্পৰ্ক নাছিল। সেই মানুহজনে আমাৰ সৈতে খুব কথা পাতিছিল। আমাক তেওঁ নিজে নামাকৰণ কৰিছিল, যেনে – Doctor, Professor, Colonel ইত্যাদি। দুবাৰ- এবাৰ ফটিকা খাই অলপ অসদ্ব্যৱহাৰো কৰিছিল; কিন্তু ক্ষণস্থায়ী। তেওঁ স্কটলণ্ডৰ “ডণ্ডী” দেশৰ মানুহ আছিল। জাহাজৰ কাপ্তানী কৰিছিল বোধকৰোঁ, অৱশ্যে “ডনেৰা” জাহাজৰ নহয়।
আৰু এজন যাত্ৰী, মাৰ্কিন দেশীয় পাদুৰী, মূৰৰ বেমাৰৰ নিমিত্তে স্বদেশলৈ উভতি যাব লাগিছিল। এওঁ বৰকৈ চেলেউ নহ'লে পাইপ হুপিছিল। এওঁকো ইদ্ৰিছ কি আন এজন খানচামাই আমাক ফটিকা দিবলৈ মানা কৰিছিল। আমাৰ ফটিকাৰে সৈতে সম্বন্ধ নাছিল সঁচা, কিন্তু মাজে-সময়ে লুকাই-চুৰকৈ কোনেও নেদেখাত সুবিধা পালে আমি চেলেউ হুপিছিলোঁ। ভাবিছিলোঁ, চেলেউ হোপা পুৰুষ মাত্ৰৰে কাম। আমি আটায়ে ডেকৰ ওচৰত বহি আছোঁ, এনেতে এদিন সন্ধিয়া বেলিকা এই পাদুৰীজনে আহি আমাক সুধিলে, “Do any of you gentlemen smoke.” আমি ইটোৱে সিটোৰ পিনে চোৱা- চুই কৰিবলৈ ধৰিলোঁ। কোনেও কথা নকয়। দোষীৰ ভিতৰত আমাৰ মহম্মদীয় সহযাত্ৰী