পৃষ্ঠা:বিলাতৰ চিঠি.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
বিলাতৰ চিঠি

সৰু নাৱত ভৰাই শেহতহে মতা মানুহবোৰ নাৱত উঠে। এই নিয়ম যে ন্যায়সঙ্গত তাত একো সন্দেহ নাই। সেইদিনা ৰাতি সোতৰজনী তিৰুতাই গিৰীয়েকক এৰি নাৱত উঠে। কোনো তিৰুতাই গিৰীয়েকক নেৰি গিৰীয়েকৰ সৈতে একেলগে ডুবিল। কাকো কাকো বলেৰে টানি নি নাৱত ভৰোৱা হ'ল। মৃত্যু সন্নিকট দেখিও ভ্ৰক্ষেপ নকৰি কিমান মানুহে আনক ৰক্ষা কৰি নিজে প্ৰাণ হেৰুৱালে। প্ৰত্যেক জাহাজত এদল বেণ্ড বজোৱা মানুহ থাকে। এই ‘টাইটেনিক’ত যে নেথাকিব, ই নহয়। যেতিয়া গম পোৱা গ'ল যে জাহাজ ডুবিব, আৰু ৰক্ষা নাই, বেণ্ড বজোৱা মানুহদলে মানুহক উৎসাহ আৰু আশ্বাস দিবৰ নিমিত্তে নানান তৰহৰ গীতবাদ্য কৰিবলৈ ধৰিলে। শেহত যেতিয়া জাহাজ ডুবিবলৈ আৰম্ভ কৰিলে, “Nearer my God to Thee” বুলি প্ৰসিদ্ধ সঙ্গীত বাদ্য বজাবলৈ ধৰিলে। কি সাহস! কি বীৰত্ব! কি মৃত্যু! সেই বাদ্য বজাই থাকোঁতেই সানন্দে ভগৱানৰ নাম লৈ সকলো সমুদ্ৰগৰ্ভলৈ গ'ল। কিমান বীৰত্বৰ কথা, ধৈৰ্য্য, সহিষ্ণুতা, নিস্বাৰ্থপৰতাৰ কথা ক'বা। এঞ্জিন ৰূমত আকৌ জুই চোৱা মানুহসকলে শেহলৈকে কাম কৰি, কামৰ লগতে ইটোৱে সিটোক আৰু আন মানুহক উৎসাহ আৰু আশ্বাস দিবৰ অৰ্থে, নাৱৰীয়াসকলে গোৱা গীত গাই মৃত্যু সন্নিকট জানিও সমুদ্ৰৰ তললৈ গ'ল। এই যে লেখিছোঁ, সেই মৃত্যু হোৱা মানুহৰ অসীম সাহসিকতা, বীৰত্ব আৰু নিৰ্ভীকতাৰ অলপ স্মৃতিচিহ্ন বুলিহে লেখিছোঁ। কৰুণাময় পৰমেশ্বৰৰ লীলা আমি কেনেকৈ বুজিম?

 লাহে লাহে আমি ইংলণ্ডৰ ওচৰ চাপিবলৈ ধৰিলোঁ। তাৰ পাছত এদিন পুৱতি নিশা প্লিমাথ পালোঁগৈ৷ ইয়াত বহুত যাত্ৰী নামি গ'ল। প্লিমাথ ডেভনশ্বিয়াৰ। ইয়াৰপৰা গ্ৰেট ৱেষ্টাৰ্ণ ৰেলেদি লণ্ডনলৈ যোৱা হয়। ইয়াৰেপৰা বহুতো যাত্ৰীয়ে টেলিগ্ৰাম কৰি বন্ধু-বান্ধৱ, আত্মীয়-স্বজনক নিজৰ বাৰ্তা দিয়ে। আমি দিয়া নাছিলোঁ, কিন্তু আমাৰ লগৰ দুজন-এজনে দিলে।

 ইয়াত ইয়াত গ্ৰিণ্ড্‌লে, হেনৰী এচ্‌কিং ইত্যাদিৰ এজেণ্ট আহি উঠিলহি। এই এজেণ্টবোৰে যাত্ৰীসকলক সাহায্য কৰে। বিলাতলৈ যোৱা নতুন মানুহে ইহঁতৰপৰা বহুতো সাহায্য পায়। ইহঁতৰপৰা সকলো খবৰ পায়। লণ্ডনৰ ডক্‌চত কাষ্টম হাউচৰ বিষয়াসকলে বাকচ-টাকচ খুলি বহুতো সময় নষ্ট কৰে। এই এজেণ্টবোৰৰ হাতত বাকচৰ ভাৰ নিঃসন্দেহে দিয়া হয়। ইহঁতক সেই বাকচৰ সঁচাৰো দিব লাগে। চুৰ-চালিৰ ভয় নাই। লণ্ডন কি আন ঠাইৰ ঠিকনা থৈ গ'লে সিহঁতে সেই ঠাইলৈ বস্তুবোৰ পঠাই দিবলৈ ভাৰ লয়। ইয়াৰ নিমিত্তে অৱশ্যে অলপ টকা সিহঁতে লয়। সৰু এটা হাত-বেগ হাতত লৈ জাহাজৰপৰা নামিলেই সুবিধা— আন বাকচবোৰ সিহঁতৰ জিম্মাত থৈ নিৰ্বিঘ্নে নিঃসন্দেহ চিত্তে লণ্ডনলৈ নতুনকৈ যোৱা মানুহে আসোঁৱাহবিহীন হৈ হোটেল, বৰ্ডিং হাউচ, কি ঘৰত থিতাপি হ’বগৈ পাৰে। তেতিয়া লাহে লাহে আন বস্তুবোৰ গৈ পালে সুন্দৰৰূপে সময়