তাকে নেজানো। মই ভাভাক চিঞৰি মোৰ অৱস্থাৰ কথা ক'লোঁ। তলতে ৰেলৰ লাইন,
“ক্ৰছিং” (Crossing, যেনে গুৱাহাটীৰ বাটবোৰত দেখা যায়), ভাগ্যক্ৰমে “গেইট”খন
বন্ধ আছিল। বাইস্কিল অলপ ঘূৰাই লৈ এখন দেৱালত খুন্দা খুৱালোঁগৈ৷ ভগৱানৰ
ইচ্ছাত মোৰ একো নহ’ল, কিন্তু গাড়ীখনৰ অলপ জখম হৈছিল। কোনোবাই সোধা
মনত নাই, সুধিছিল হ’বলা, “Did you break the wall, sir?”মই আৰু সিদিনা ফুৰিবলৈ
নগ'লোঁ। লাহেকৈ দোকানখনত গাড়ীখন ওভোতাই দিলোঁ। দোকানদাৰে সকলো দেখিলে হ’বলা—“Well sir, not going for a ride?” মই অপ্ৰস্তুত হাঁহি হাঁহি কি অলপ
বেপৰোৱা হাঁহি হাঁহি কি তাৰ মাজখাপৰ হাঁহি হাঁহি ক'লোঁ যে “I have changed my
mind. I won't go for a ride this afternoon.” দোকানদাৰে চাই-চিন্তি ক'লে, “I
shall have to send you a bill for the damage, sir.” মই হাঁহি উৰাই দি “Good
afternoon” কৈ গুচি আহিলোঁ। পাছত সাত চিলিং ছয় পেনীৰ বিল আহিছিল৷ কিমান
দিছিলোঁ মনত নাই, আটাইখিনি নিশ্চয়।
এদিন এটা পুৰণা Castle (খ্ৰীষ্ট্ৰীয় ত্ৰয়োদশ শতাব্দীৰ বোধকৰোঁ) খোজকাঢ়ি চাবলৈ গৈছিলোঁ। ৫/৬ মাইলমান দূৰৈত। সেই প্ৰাসাদ এতিয়া ভগ্নাৱস্থাত। তাত চাগৈ কিমান প্ৰণয়, কিমান হত্যা ইত্যাদি সাংসাৰিক কাহিনী ঘটিত হৈছিল। হত্যা কৈছোঁ— কিয়নো কিতাপ-চিতাপৰ হত্যা, অত্যাচাৰ, প্ৰেম—এইবোৰ পুৰণা প্ৰাসাদৰ বিষয়ে পঢ়িলে পোৱা যায়। গাঁৱৰ সৰু সৰু ল'ৰা-ছোৱালীবোৰে পইচা খুজিবলৈ লৰি আহিছিল। আমাক ভাৰবৰ্ষীয় দেখি খুব ডাঙৰ মানুহ বুলি ভাবিছিল। সেইদেখি ছোৱালীবোৰে (কামাখ্যাৰ কুমাৰীহঁতৰ দৰে ডাঙৰ) “Good morning”-ৰ লগত আঁঠু অলপ দোঁৱাই Curtesy কৰিছিল। আমি দুটা-এটা পেনী নিশ্চয় দিছিলোঁ।Castle-Caretaker-কো (চৌকিদাৰ) অলপ পইচা দিছিলোঁ। টকাই সকলো বাট সহজ কৰি দিয়ে; কিন্তু টকাৰ মৰম কেইজনে বুজোঁহঁক?