পৃষ্ঠা:বিলাতৰ চিঠি.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
বিলাতৰ চিঠি
(৭)

  ইমানদিনৰ কথা এতিয়া ভালকৈ মনত নপৰে। তেতিয়া আপোনাৰ “বাহী” থকা হলে ন ন বাতৰি দি চিঠি দিলোঁহেঁতেন; এতিয়া সেই পুৰণি ভাব মনত নাহে; তেতিয়াৰ আৰু এতিয়াৰ ভাব বেলেগ। সেইদেখি এতিয়াৰ কথা ঠিক সেইভাৱে লিখা টান। মাদ্ৰাজ এৰি জাহাজ কলম্বোত ৰ’লহি।

  কলম্বো ৰাৱণৰ দেশত। কলম্বো আধুনিক চহৰ। জাহাজ বন্দৰত লাগিলেই যাত্ৰীৰ দেশ চাবলৈ যোৱাৰ হুৰমূৰ লাগে। এজন যাত্ৰীয়ে আন এজনক সোধে — “Are you going ashore at —” ( ঠাইৰ নাম দি)। কলম্বো চাবলৈ আমিও ওলালোঁ। জাহাজ পাৰত ঠিক নেলাগেহি। জাহাজৰপৰা সৰু নাও কেৰেয়া কৰি পাৰলৈ যাব লাগে। ইয়াত এক আচৰিত ৰকমৰ নাও আছে — তাক ‘কেটামাৰাণ’ বোলা হয়। আমাৰ মনত এই ‘কেটামাৰাণ’ আমাৰ খেলনাৱৰ দৰে কি তাতকৈও বেছি দীঘল যেন লাগিল। এনে নাও আমি আন ক’তো দেখা মনত নপৰে। পাৰ হৈ এখন গাড়ী কেৰেয়া কৰিলোঁ। ইয়াত মানুহে টনা গাড়ীও চল্‌তি — তাক ৰিক্‌চ (rickshaw) কয়। ইমান গৰম দেশত সিহঁতে গাড়ীখন লৈ কেনেকৈ লৰে! মানুহে পইচাৰ নিমিত্তে কি নো নকৰিব? এইবোৰ বন্দৰত ‘গাইড’ থাকে। আমি এজনৰ সাহায্য লৈছিলোঁ নে নাইক'ব নোৱাৰোঁ, বোধকৰোঁ লোৱা নাই। চহৰত ডাঙৰ ডাঙৰ য়ুৰোপীয় হোটেল আছে। সঁচাকৈয়ে যলৈকে যায় ত’তে সিহঁতে সুন্দৰৰূপে থাকে। সিহঁতৰপৰা আমাৰ এইবোৰ বিষয়ে বহুতো শিকিবলগীয়া আছে। গোটেইবোৰ হোটেলৰ ভিতৰত আমাৰ Galle Face Hotel (গল-ফেচ্‌ হোটেল)ৰ position অৰ্থাৎ ঠাই ভাল লাগিল। সমুদ্ৰৰ পানীয়ে পুৱা গধূলি দিনে-ৰাতিয়ে অনবৰত হোটেলৰ ভৰি ধুৱাই থাকে। বৰ ভাল ঠাই। আটাইবোৰ চহৰ চোৱা যাত্ৰীয়ে ‘মিউজিয়ম’ অৰ্থাৎ যাদুঘৰ চাবলৈ যায়। এই মিউজিয়ম আন দেশৰ আন মিউজিয়মৰ দৰে। ইয়াত তেনে বস্তু দেখা মনত নপৰে, যদিওবা নতুন বস্তু দেখিছিলোঁ, সি মনত নাই। তাৰ পাছত চিনেমন গাৰ্ডেন অৰ্থাৎ দালচেনিৰ বাগিচা। এই বাগিচাৰ ভিতৰত মানুহ নোসোমায়; বাহিৰৰ পৰাই বাগিচাৰ চাৰিওফালে ঘূৰে। বাগিচাখন দালচেনিৰ গছবোৰেৰে ভৰা, সেইবোৰ সুৱলাকৈ শাৰী পাতি সজোৱা বুলি মনত নহ'ল। ‘দালচেনীৰ লাঠী’ (Cinna- mon stick, sir) বুলি এই লাঠী বেচা মানুহবোৰে গাড়ী কি ৰিক্‌চৰ লগত লৰে। প্ৰায় যাত্ৰীয়ে এডাল লাঠী কিনে। কেতিয়াবা ‘চিনেমন ষ্টিক’বুলি সিহঁতে আন লাঠী বেচে, সেইদেখি কিনিবলৈ হ'লে ভালকৈ চাই-চিন্তি কিনা ভাল। কলম্বো গাড়ী কৰি তিনি চাৰি ঘণ্টামান ফুৰিলেই চোৱা হয়। ইয়াত জাহাজ যদি সৰহপৰ থাকে, তেনেহ'লে কেন্‌ডি (Candy) অথবা আন কোনো ভিতৰুৱা ঠাইলৈ ৰেলেৰে যোৱা উচিত। যিমান দেশ