পৃষ্ঠা:বিলাতৰ চিঠি.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
বিলাতৰ চিঠি

আমাৰ নিমিত্তে চাহ আনিবলৈ ক'লে। বিলাতত চাকৰ-বাকৰ মাতিবৰ হ’লে আমাৰ দেশৰ দৰে চিঞৰ-বাখৰ কৰিবৰ প্ৰয়োজন নাই, কিয়নো প্ৰত্যেক খোঁটালীতেই ঘণ্টা থাকে, সেই ঘণ্টা চাকৰ-বাকৰ য'ত থাকে ত'ত শুনা যায়। বহু ঠাইৰ ওচৰৰপৰাই হওক কি শোৱা খোঁটালীতেই হওক, বিজুলী-ঘণ্টা কি আন ৰকমৰ ঘণ্টা সংলগ্ন থাকে। সেই সংলগ্ন ঠাই চুই দিলে কি লাৰি দিলে ৰান্ধনি ঘৰ কি আন ঠাইত যত চাকৰ-বাকৰ থাকে সেই ঠাইত ঘণ্টা বাজেগৈ। কোন খোঁটালীৰপৰা বাজিছে, সিহঁতে গম পাই সেই খোঁটালীলৈ আহে।

 এতিয়া মিচেচ্‌ মল্লিকে সেইৰূপে ঘণ্টা লাৰি দিয়াত কিট্‌ কিট্‌ ক’লা কাপোৰ পিন্ধা, মূৰত বগা লেচৰ টুপী পিন্ধা, আৰু ক'লা কাপোৰ ময়লা নহ'বৰ নিমিত্তে ধপ্‌ ধপ্‌ কৰে বগা “এপ্ৰন” পিন্ধা গাভৰু ছোৱালী এজনী আহিল। তায়ে চাকৰণী। আমাৰ নিমিত্তে চাহ আনি হুকুম হোৱাত চাহ আনি দি তাই আকৌ গুচি গ'ল। মিচেচ্‌ মল্লিকৰ লগত কথা হ'লোঁ। আমাৰ ইয়াৰ সুপৰিচিত শ্ৰীযুক্ত সুৰেন্দ্ৰ হালদাৰক তাত দেখা পাই সন্তোষ পালোঁ। তেওঁৰ আমাতকৈ তিনি সপ্তাহ কি এমাহ আগেয়ে বিলাতলৈ গৈছিল। তেওঁৰে সৈতে বিলাতত দেখা হৈ যিমান আনন্দ হৈছিল, সেই আনন্দৰ অলপ তেতিয়াই ক্ষণস্থায়ীকৈ হ্ৰাস হ’ল। আমি তেওঁৰে সৈতে বঙ্গলাত কথা কওঁ, তেওঁ ইংৰাজীত উত্তৰ কৰে। ই অলপমান মোৰ আচৰিত লাগিল। মিচেচ্‌ মল্লিকৰ দুজন পুতেক শ্ৰীযুত হেমন্ত মল্লিক আৰু শ্ৰীযুত শিশিৰ মল্লিক আৰু তেওঁৰ দেৱৰেকৰ পুতেক শ্ৰীযুত দেবেন্দ্ৰ মল্লিকে আমাৰ সৈতে ইংৰাজীকেই কৈছিল। আমি যে ইংৰাজী কব নোৱাৰিলোঁ, তেনে নহয়, কিন্তু তিমান অভ্যাস নথকাত আৰু স্বদেশী মানুহ দেখি বঙ্গলাতে ক’বৰ ইচ্ছা কৰিছিলোঁ। সেইদেখি আমাৰ বৰ আচৰিত লাগিছিল আৰু আমি বৰ বেয়া পাইছিলোঁ। তেতিয়া সেই ভাব হৈছিল দেখিহে এই কথা লেখিছোঁ, সেই ভাব আমাৰ মনত উদয় হোৱা উচিত নাছিল যদিও।

 মিচেচ্‌ মল্লিকৰ থকা ঠাইতে তেতিয়া থাকিবৰ বন্দৱস্ত কৰি দি জগদীশ ৰায়চৌধুৰী তেওঁৰ থকা ঠাইলৈ গুচি গ'ল। আমি এটা খোঁটালী কেৰেয়া কৰিলোঁ। সেই ঘৰটো মিচেচ্‌ মল্লিকৰ ঘৰ নাছিল; তাতে তেওঁ খোঁটালী কেৰেয়া কৰিহে আছিল। শ্ৰীযুত সুৰেন হালদাৰে আমাৰ খোঁটালীলৈ আমাক লৈ গ'ল। তাত বিচনা সুন্দৰকৈ প্ৰস্তুত পালোঁ। কাপোেৰ থ’বৰ নিমিত্তে আলমাৰী আৰু দেৰাজ পালোঁ। মুখ ধোৱা মেজত চৰিয়া, জগ ইত্যাদি মুখ ধুবৰ সঁজুলি পালোঁ। শোৱা খোটালীৰ সকলো সৰঞ্জামেই পালোঁ। এটা সৰু আলমাৰীত সৰুপানী চোৱা চেম্পাৰ পটো পালোঁ। বিলাতত সৰুপানী চোৱা কাম শোৱা ঘৰতে কৰিব লাগে। পুৱা সেইটো চাকৰণীয়ে উলিয়াই লৈ যায়। বিচনাখন এনেভাৱে কৰি থোৱা আছিল, জাপেই বা ক'ত মই গম নেপাইছিলোঁ। সোধাত