পৃষ্ঠা:বিলাতৰ চিঠি.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
বিলাতৰ চিঠি

সেইদেখি খৰচ আৰু পঠোৱা নহ'ল। মিচ্‌ ম্যানিঙৰ ঠিকনাৰ কথা লেখিছিল। তেওঁ ৰাধিকাদাদাৰ ঠিকনা নেজানিছিল। সেইখিনি সময়ত তেওঁ জাৰ্ম্মেনিত; কিয়নো তেওঁ ইংলণ্ডত বিয়া কৰাইছিল মই জানো। সেই কথা বাৰু পাছত হ’ব। দেউতাৰ মুখৰপৰা মিচ ম্যানিঙৰ নাম শুনিলোঁ। দেউতাই যিখন শেহ চিঠি ৰাধিকাদাদালৈ আমাৰ আত্মীয় বন্ধু-কুটুম্বৰ বাতৰি দি লেখিছিল, সেই চিঠিখন Miss Manning ৰ ‘কেয়াৰ’ত দিয়াৰ নিমিত্তে এইজনা মহিলাৰ নাম মোৰ মনত বেছিকৈ আছিল। সেই চিঠিখন ১৮৯২ চনৰ শেহত কি ১৮৯৩ চনৰ আৰম্ভত ৩নং ওল্ড বৈঠকখানা চেকেণ্ডলেনৰপৰা লেখা হৈছিল। এইবোৰ নানান কাৰণৰ নিমিত্তে মিচ্ ম্যানিঙৰ নাম আমাৰ ঘৰত এটি ঘৰুৱা নামৰ (Household word) দৰে হৈছিল। সেই গতিকে মিচ্‌ ম্যানিঙক যেতিয়া বিলাতত দেখিলোঁ, তেতিয়া চিনাকি মানুহকে যেন দেখিছোঁ এনে লাগিল। দেওবাৰে আৰু মঙ্গলবাৰে আবেলি তেওঁ আলহী সুধিছিল। (অৰ্থাৎ তেওঁ সেই দুদিনৰ সেই সময়ত “At Home” আছিল৷ এদিন দেওবাৰে মিঃ সুৰেন হালদাৰৰ সৈতে মি ম্যানিঙৰ তালৈ গ'লোঁ। এতিয়া যিমান দূৰ মনত পৰিছে তাত সেইদিনা মিষ্টাৰ স্পীয়েৰচো আছিল। তেওঁ মিচ্ ম্যানিঙৰ তালৈ প্ৰায়ে নগৈছিল— সেইদিনা কোনো বিশেষ কাৰণতহে গৈছিল। মৃত্যুলৈকে বোধকৰোঁ মিঃ স্পীয়েৰচ আৰু তালৈ যোৱা নাছিল। তেওঁৰ তাত ভৱিষ্যতত থাকিম বুলিয়েই কি ভাৰত বন্ধু মিচ্ ম্যানিঙৰ ঘৰত বিধাতাই মিঃ স্পীয়েৰ্চ আৰু মোৰ সৈতে চিনাকি কৰি দিলে। মিঃ স্পীয়েৰ্চৰ মৃত্যু ১৮৯৯ চনত হয়। মোৰ সেইদিনা তেওঁৰ লগত চিনাকি হয়। (তেতিয়ালৈকে মই তেওঁৰ তালৈ যোৱা নাছিলোঁ, আৰু ক’ত থাকিম ঠিক হোৱা নাছিল।) বিলাত পাবৰ আঠদিনমানৰ ভিতৰত তালৈ গৈছিলোঁ। তাত বহুত মানুহৰে সৈতে দেখা হ’ল। “At Home”কি বিশেষ জানিবলগীয়া। মিচ্ ম্যানিঙৰ বিষয়ে আমাৰ এই কালৰ ল’ৰাবিলাকে বিশেষ জনা দৰ্কাৰ।


(১৯)

 কলিকতা, গুৱাহাটী ইত্যাদি ডাঙৰ চহৰত ইউৰোপীয়সকল থকা ঘৰবোৰৰ দুৱাৰমুখত “Not at Home” লেখা এটি সৰু বাকচ মাজে মাজে দেখিবলৈ পোৱা যায়। তাৰ মানে হৈছে যে ঘৰৰ ঘৈণীজনাৰ সেইখিনি সময়ত বাহিৰা মানুহৰ সৈতে দেখা কৰিবৰ সময় নাই। তেতিয়াই কিন্তু আন মানুহৰ ঘৈণীসকলে সেই বাকচটিত গিৰীয়েকৰ দুখন আৰু নিজৰ এখন নাম লেখা সৰু ডাঠপাত সেই বাকচটিত ভৰাই থৈ যায়। সেইটি দিয়াতে জনা যায় যে তেওঁ আৰু তেওঁৰ ঘৈণীয়েক দেখা কৰি গ'ল। ডাঠপাত (Card)খনৰ