পৃষ্ঠা:বিলাতৰ চিঠি.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিলাতৰ চিঠি

চাই-চিন্তি ল’ব পাৰিলে এইবোৰ দিব নলগা ঠাই বিচাৰি ল'ব পাৰি।

  আপোনাৰ নিমন্ত্ৰণ ডাঙৰ নিমন্ত্ৰণ। কি লেখিম, কি এৰিম, যি মনত আহিছে তাকে লেখিছোঁ। বিলাতৰ বিষয়ে জানিবৰ হ'লে আমাৰ দেশৰ মানুহে ডিকেন্স, থ্যাকাৰে, হেনৰীউড, ব্ৰাডন ইত্যাদি উপন্যাস লেখকৰ উপন্যাস পঢ়া ভাল। যি উপন্যাস হাতৰ ওচৰত পায় পঢ়িব; পঢ়োঁতে বিলাতৰ আচাৰ-ব্যৱহাৰ, চলিব-ফুৰিবৰ ৰীতি-নীতি কণ্ঠস্থ হৈ যাব। উপন্যাস পঢ়ি সামাজিক ৰীতি-নীতি, মানুহৰ আচাৰ-ব্যৱহাৰ যিমানদূৰ জানিব পাৰি, তেনে বোধকৰোঁ ইতিহাসতো নোৱাৰি। তাৰ মানে ইতিহাস আমি প্ৰায় স্কুলীয়া কিতাপ হেন ভাবি পঢ়োঁ, উপন্যাস তাৰ ঠিক ওলোটা। সামাজিক উপন্যাস পঢ়ি ভিন ভিন দেশৰ ৰীতি-নীতি আচাৰ-ব্যৱহাৰ সহজে জনা যায়।ইংলণ্ডীয় ভাষাত ভাল ভাল। উপন্যাস বহুত আছে। সময় থাকিলে সেইবোৰ পঢ়া ভাল।

  লণ্ডনত ব্যাৰিষ্টাৰী শিক্ষাৰ কলেজবোৰ আমি আনকথাৰ অভাৱত 'কলেজ' বুলিছোঁ—এইবোৰৰ Inn of Court কয়। এই Inn Court চাৰিটা –Inner Temple, Middle Temple, Lincoln's Inn, Gray's Inn. চাৰিওটা Inn ৰ পৰীক্ষা একে, পঢ়া একে, শিক্ষক একে, কেৱল মাত্ৰ ঘৰ বেলেগ৷ ব্যাৰিষ্টাৰ হ’লে চাৰিটা টাৰ্ম ৰাখিব লাগে আৰু পাঁচোটা পৰীক্ষা পাছ হ’ব লাগে। শুদা ১২টা টাৰ্ম কিম্বা শুদা পৰীক্ষা পাছ হলে। ব্যাৰিষ্টাৰ হ’ব নোৱাৰে। আমাৰ দেশৰ কোনো কোনো মানুহৰ ভুল বিশ্বাস আছে যে কেৱল ডিনাৰ অৰ্থাৎ ভোজ খালেই কি খুৱালেই ব্যাৰিষ্টাৰ হ'ব পাৰে। পৃথিৱীৰ আটাইবোৰ ভুল বিশ্বাসৰ ভিতৰত এই ভুল বিশ্বাস প্ৰধান শাৰীৰ। প্ৰত্যেক টাৰ্ম ছটা। ডিনাৰ খাই ৰাখিব লাগে; ই পুৰণা নিয়মৰ অৱশিষ্ট মাত্ৰ। ডিনাৰৰ সময়ত কোনো আইন সম্বন্ধীয় তৰ্ক-বিতৰ্ক নহয়। কিন্তু এইবোৰ ডিনাৰ খাবই লাগে, নেখালে ব্যাৰিষ্টাৰ হোৱাৰ মূৰৰ ওপৰত টাঙোন। আমাৰ দেশীয় হাইকোৰ্টৰ উকীলবোৰে নতুন নিয়মানুসাৰে। এবছৰ ছুটী পায়। কিন্তু ছুটী পোৱা হ'বলৈ হ'লে উকীলজনা এজন ব্যাৰিষ্টাৰৰ অফিচত এবছৰৰ নিমিত্তে সোমাব লাগিব। সেই ব্যাৰিষ্টাৰে চাৰ্টিফিকেট দিলেহে তেওঁ এবছৰৰ ছুটী পাব। উকীল Inn ত ভৰ্ত্তি হোৱা সময়ত এজন ব্যাৰিষ্টাৰৰ অফিচত সোমালে। একেলগে এবছৰ কাটি যায়। আৰু এটি নিয়ম আছে-ফাইনেল অৰ্থাৎ শেষ পৰীক্ষাটো। যদি প্ৰথম বিভাগত পাছ হোৱা যায়, তেনেহ'লে দুটা টাৰ্ম এৰি দিয়ে। তেনেহ'লে উকীলজনাই চাৰিটা টাৰ্ম অৰ্থাৎ এবছৰ বাৰিষ্টাৰ আফিচত সোমাবৰ নিমিত্তে এৰা পায়, আৰু তাৰ লগত প্ৰথম বিভাগত ফাইনেল পাছ হ'লে আৰুদুটা টাৰ্ম এৰা পায়; তেনেহ'লে তেওঁ ডেৰবছৰৰ ভিতৰত ব্যাৰিষ্টাৰ হৈ ঘৰলৈ উভতি যাব পাৰে। আৰু এটি জানিবলগীয়া কথা, উকীলজনা যদি পঁচিশ বছৰ বয়সৰ ভিতৰত প্ৰথম হয়, তিনিশ গিনি পুৰস্কাৰ পায়, আৰু আন আন প্ৰথম বিভাগত পাছ হোৱা ছাত্ৰই ৫০ গিনি পায়। প্ৰথম বিভাগত তাকৰ