পৃষ্ঠা:বিলাতৰ চিঠি.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
বিলাতৰ চিঠি

কিমান দূৰৈত! সেইখিনি সময়তে আন চাৰিজন ভাৰতবৰ্ষীয় সহযাত্ৰীৰে সৈতে চিনাকি হৈ ল'লোঁ — তাৰে এজনক এই বিলাতযাত্ৰা সম্বন্ধে দুদিন-এদিন দেখা কৰিছিলোঁ। শ্ৰীযুত যোগেন পালৰ ককায়েক এজন মাদ্ৰাজলৈকে তেওঁৰ লগত গৈছিল। আমি দয়োজনে অলপ অলপ কথা পাতিবলৈ আৰম্ভ কৰিলোঁ — আমি ইয়াৰ পূৰ্ব্বে এবাৰ সমুদ্ৰযাত্ৰা কৰিছিলোঁ — কলিকতাৰপৰা বম্বেলৈ। এই যাত্ৰাত এমাহ লাগিছিল; কিয়নো ভাৰতবৰ্ষীয় পূৰ্ব আৰু পশ্চিমৰ সমুদ্ৰতীৰৰ প্ৰায় প্ৰত্যেক ঠাইতে লঙ্কাৰ তিনিখন ঠাইত জাহাজ ৰৈছিল। সেইগুণে এমাহ লাগিছিল। সেইদেখি এইবাৰ আন আন সহযাত্ৰীক অলপ যেন অহঙ্কাৰেৰে সৈতে এই বিষয় জনালোঁ। তাৰ পাছদিনা পুৱা উঠি দেখিলোঁ যে জাহাজ সশব্দে গম্ভীৰভাৱে পানী ঠেলি নিজৰ বাট কৰি সমুদ্ৰৰ পিনে ছুটিব লাগিছে। গঙ্গা লাহে লাহে বহল হৈ আহিবলৈ ধৰিছে, পাৰ দেখা নেযায় নেযায় হৈছে। অলপ পৰৰ পাছত যিখিনি পাৰ দেখা গৈছিল, তাকো নেদেখা হ’ল। অপাৰ সমুদ্ৰ। আমাৰ নিজৰ ডেকমাচিয়াত বহি থাকোঁতে দেখিলোঁ যে জাহাজখন দুলিছে, ওপৰ-তল কৰিছে। অলপ See-Saw (চি-চ)ৰ দৰে দুলিছে। গাটো কিবা এককম কৰিবলৈ ধৰিলে। সেইদেখি তললৈ গৈ মুখ-হাত ধোৱা ঠাইত (Lavatory লেভটৰী) অলপ বতিয়ালোঁ। তাৰ পাছত ভালকৈয়ে বাতি আহিবলৈ ধৰিলে। শেহত ওপৰৰ ডেকলৈ আহি সগৰ্ব্বে আকৌ ডেক মাচিয়াত বহিলোঁগৈ। কিন্তু গৰ্ব্ব বেছিপৰ নেথাকিল। আন আন সহযাত্ৰীৰো মুখত প্ৰায় আমাৰদৰেই কেনেবা-কেনেবি ভাব দেখিলোঁ। জাহাজ বৰকৈ দোলা হেন লগাত পাটীতে গৈ শুলোঁ — আকৌ কেবাৰমান বতিয়াইছিলোঁ অৱশ্যে। এয়া গ'ল Sea-sickness অৰ্থাৎ সমুদ্ৰৰ নৰিয়াৰ পাল। মাদ্ৰাজলৈকে আমাৰ শৰীৰ ভাল নাছিল জ্বৰ আৰু গাত খহু হৈ কষ্ট পাইছিলোঁ। জাহাজত ডাক্তৰখানা আছে, সেইদেখি নৰিয়া হোৱাৰ অসুবিধা এৰি আন একো অসুবিধা আমাৰ হোৱা নাছিল। আপোনাৰ পাঠক- পাঠিকাসকলক কওঁ যে সামুদ্ৰিক নৰিয়া হলে জ্বৰ-খহু নহয়—আমাৰ শৰীৰৰ গুণেই জ্বৰ-খহু হৈছিল, সমুদ্ৰৰ দোষ নহয়। সমুদ্ৰৰ দোষ বাতি হোৱা, মূৰ ঘূৰুৱা কেনেবা-কেনেবি কৰা, বন্ধু-বান্ধৱৰ লগত কথা ক’বলৈ মন নোযোৱা ইত্যাদি। সামুদ্ৰিকনৰিয়া দুদিন-তিনিদিনৰ বেছি নেথাকে।

  মাদ্ৰাজত প্ৰথম জাহাজ ৰ’ল। এই মাদ্ৰাজ বন্দৰত জাহাজ যত লাগে, সেইডোখৰ সমুদ্ৰ বৰ উত্ৰাৱল (rough), নাৱৰীয়াবোৰে ভয়ৰ (dangerous) ঠাইবুলি কয়। সেইদেখি ‘পাইলট’ আহি জাহাজত উঠি জাহাজক সমুদ্ৰৰপৰা বন্দৰলৈ লৈ যায়। 'পাইলট' আমাৰ জাহাজৰ আৰিকাটিকে বুজক, বিভিন্ন মাথোন এই, পাইলটবোৰ শিক্ষিত যৰোপীয়, সেইদেখি সিহঁতৰ দৰমহাও বেছি। কলিকতাৰপৰাও জাহাজ পাইলটে লৈ যায় — গঙ্গা এৰি সমুদ্ৰৰ মুখৰ ওচৰত জাহাজক নিৰাপদে লৈ গৈ নামি যায়। এই