আছিল। নেপোল্চৰ সৌন্দৰ্য্যৰ কথা গ’লবাৰ উল্লেখ কৰিছিলোঁ। মানুহৰ ভিতৰত যেনেকৈ অৰিয়া-অৰি লাগে, এটাই কয় “মই ডাঙৰ”, সিটোৱে কয় “মইহে ডাঙৰ, মইহে ভাল”, সেইদৰে মানুহে চহৰকো অৰিয়া-অৰিৰ বশৱৰ্ত্তী কৰি দিয়ে। আমি নেপোল্চ দেখিছোঁ, নেপোল্চ দেখিবলৈ ভাল; আকৌ যি মানুহে কন্ষ্টেণ্টিনোপল দেখিছে, তেওঁ কয় সেই ঠাই নেপোল্চতকৈও সুন্দৰ। যি হওক, নেপোল্চৰ সৌন্দৰ্য্য ভালকৈ অনুভৱ কৰিবলৈ হ'লে সমুদ্ৰৰপৰাহে ভালকৈ অনুভৱ কৰিব পাৰি। আগেয়ে কৈছোঁ, নেপোল্চৰ ‘বে’ জগদ্বিখ্যাত।
য়ুৰোপ মহাদেশৰ প্ৰধান ধৰ্ম্ম ৰোমান কেথলিক খ্ৰীষ্টধৰ্ম। এই নেপোলচত এজন ৰোমান কেথলিক আৰ্কবিচপৰ মঠ। তেওঁৰ তলতীয়া বহুতো ধৰ্ম্মৰ্যাজক। তাৰ ৰোমান কেথলিক গিৰ্জ্জাৰ সংখ্যা ২৭৫টি আৰু ৫৭টি খ্ৰীষ্টধৰ্ম্মৰ আন সম্প্ৰদায়ৰ গিৰ্জা। আমাৰ মনত আছে আমাৰ গাইডে আমাক নেপোল্চৰ এটি বৰ গিৰ্জ্জা দেখুৱাবলৈ যোৱা। যেতিয়া আমাক লৈ গৈছিল, তেতিয়া তাত পাদুৰীয়ে বক্তৃতা কৰিছিল আৰু কিছু উপাসকে সেই বক্তৃতা মনোযোগেৰে শুনিছিল। আমি লগে লগে আঁতৰৰপৰা সসম্ভ্ৰমে মূৰৰ টুপী খুলি গিৰ্জ্জাৰ আনফালে গ'লোঁ। ইয়াৰ গিৰ্জ্জাবোৰ চাবলগীয়া। য়ুৰোপৰ সকলো ঠাইতে কেথিড্ৰেলবোৰ (বৰ গিৰ্জা) চাবলগীয়া। কেথিড্ৰেলবোৰৰ বিশেষত্ব আছে। এই বিশেষত্ববোৰ চাবৰ নিমিত্তে বহুতো য়ুৰোপীয় আৰু মাৰ্কিন দেশীয় মানুহে এঠাইৰপৰা আন ঠাইলৈ ফুৰি ফুৰে।
ইয়াত এটি বিশ্ববিদ্যালয়ে আছে। ঠায়ে ঠায়ে এনে বিশ্ববিদ্যালয় আমাৰ ভাৰতত কেতিয়া হ'ব?
তাৰ পাছত আমি নেপোল্চৰ জাতীয় মিউজিয়ম চাবলৈ গ'লোঁ। “জাতীয়” (নেচনেল, National) নামটো গেৰিবল্ডীৰ দিনৰপৰা হৈছে। আগেয়ে ইয়াৰ নাম মিউজিও বৰ্বনিকো আছিল। এই মিউজিয়মত কিমান যে পাথৰৰ মূৰ্ত্তি (ষ্টেচিও) দেখিলোঁ, কিমান নক্চা, কিমান ভাল ভাল জগদ্বিখ্যাত চিত্ৰকৰৰ চিত্ৰ দেখিলোঁ তাৰ লেখ-জোখ নাই। পোম্পিয়াইৰ ভগ্নাৱশেষো বহুত দেখিলোঁ।
এই চহৰত বহুত মানুহ। শুনিছোঁ বোলে এই ঠাইতে য়ুৰোপৰ ভিতৰত মানুহৰ গেজাগেজি। আমাৰ এই ঠায়েই য়ুৰোপৰ প্ৰথম ঠাই— সেই দেখি ইয়াত যি দেখিলোঁ ভাল লাগিছিল। ইয়াৰ ঘৰবোৰ পাঁচ-ছয় মহলা ওখ। ইয়াত অলি-গলি বহুতো। বহুত বছৰৰ পাছত যেতিয়া কাশীলৈ যাওঁ, কাশীৰ গলিবোৰ দেখি নেপোল্চৰ কথা মনত পৰিছিল।
আৰু এটা কথা আমাৰ মনত আছে। ফিটন গাড়ীৰ ভিতৰত আটাইৰে ঠাই নহ'ব। দেখি আমি কোচওৱানৰ ওচৰত বহি চহৰ চাই ফুৰিছিলোঁ। আঙুলিৰে, মুখেৰে ভঙ্গি