সমললৈ যাওক

পৃষ্ঠা:বিলাতৰ চিঠি.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
বিলাতৰ চিঠি

এই সময়ৰ সদ্ব্যৱহাৰৰ নিমিত্তে মোৰ মনেৰে“At Home”ৰ সৃষ্টি। বিলাতত যে তিৰুতাৰ মেল নাই এনে কথা আমি নকওঁ। “গচিপ” কথা ভাবি চাওক— গপ্‌ আৰু ‘গচিপ’ দুয়ো একে, গপ্‌ জানিবা আমাৰ মুনিহৰ আৰু ‘গচিপ’ তাৰ তিৰুতাৰ। আৰু বিলাততো যে সময়ৰ অসদ্ব্যৱহাৰ কৰা মানুহ নাই তাকো নকওঁ, ভাল-বেয়া সকলো দিশতে। কিন্তু সময়ৰ সদ্ব্যৱহাৰ কৰা গুণটি বৃটিছ জাতিৰ বিশেষ গুণ; সেইদেখি ইয়াত বহলাই লেখিছোঁ। “পাংকচুয়েলিটি”ৰ কাৰণ তাত নানান, তাৰে এটা লেখি থাকোঁতেই মোৰ মনত উদয় হৈছে, সেই দেখি লেখোঁ। বিলাতত দিনবোৰ চুটি, যদি সকলো কাম সময়মতে তাত কৰা নেযায়, তেনেহ'লে কামৰ অন্ত কেতিয়াও নহয়। সেইদেখিয়েই কোনো এজন ডাঙৰ মানহে এজন ডিউকৰ কথা কওঁতে কৈছিল যে “অমুক ডিউকে ৰাতিপুৱা আধাঘণ্টা হেৰুৱাই তাকে বিচাৰি থাকোঁতে তেওঁৰ গোটেই দিনটো যায়।” আমাৰ মানুহেও সময়ৰ মোল যে নুবুজে তাক নকওঁ। যিসকলে বুজে তেওঁলোকে সঁচাসঁচিকৈ সৰহ দিন জীয়ে। যদিওবা দীৰ্ঘজীৱন সকলো মানুহৰ কপালত নঘটে; কিন্তু কাম কৰি প্ৰতি মুহূৰ্ত্তৰ সদ্ব্যৱহাৰ কৰাৰ নিমিত্তে সেই বয়সৰ আন এলেহুৱা মানুহতকৈ বেছি কাম কৰি, দীৰ্ঘজীৱী এজনৰ দৰে কাম কৰি নিজৰ পৰিয়ালৰ, সমাজৰ, পৃথিৱীৰ উন্নতি সাধন কৰিব পাৰে।

 মিচ্‌ ম্যানিঙৰ সৈতে প্ৰায় প্ৰতি সপ্তাহে দেখা কৰিবলৈ গৈছিলোঁ। এই ভাটীবেলাৰ At Home বোৰত সৰহ সময় থকা নিয়মসঙ্গত নহয় কুৰি মিনিট কি আধাঘণ্টাই যথেষ্ট। কোনো কোনো ‘At Home’ বিশেষভাৱে হয়, সেইবোৰত বেছি সময় থাকিব পাৰি। তেনেবোৰ সামাজিক সভাক ‘At Home’ নকৈ বেছিভাগক পাৰ্টি (Party) বোলা হয়। মিচ্‌ ম্যানিঙৰ বয়স সেইখিনি সময়ত ষাঠিমান আছিল; কিন্তু খোজকঢ়া দেখিলে কোনেও ষাঠি বছৰীয়া বুলি চিনিব নোৱাৰিছিল। তেওঁ মাজে মাজে ভাৰতবৰ্ষীয় শিক্ষাৰ্থী কি আন মানুহক লগত লৈ লণ্ডন কিম্বা ওচৰ-চুবুৰীয়া ঠাইৰ চাবলগীয়া ঠাইবিলাকলৈ গৈছিল। তেওঁ হয়তো কৈছিল যে “We shall meet under the clock at Charing Cross at 12” (বাৰ বজাত চেয়াৰিং ক্ৰচ ষ্টেশ্যনৰ ঘড়ীৰ তলত আমি আটায়ে গোট খামহঁকগৈ)—পাছত সেই সময়ত আটায়ে গোট খোৱা হলে সেই ষ্টেশ্যনৰপৰা নতুবা আন ঠাইৰপৰা ৰেল কিম্বা ‘অমনিবাচ’ লৈ আমাৰ গন্তব্য স্থানলৈ গৈছিলোঁ। এবাৰ তেওঁৰ সৈতে এনেকৈ Woolwhich arsenal (উলিচ আৰ্চনেল) চাবলৈ গৈছিলোঁ। সেইদিনা মোৰ আন ঠাইত অলপ কাম আছিল। Chancery Lane (চাঞ্চাৰী লেন)ৰ পৰা এখন অম্‌নিবাচ (Omnibus) চেয়াৰিং ক্ৰচলৈ (Charing Cross) ল'লোঁ। বাটত সেইদিনা বৰ গাড়ী-ঘোঁৰা। আগৈয়েই কৈছোঁ যে লণ্ডনৰ ডাঙৰ ডাঙৰ বাটত সাধাৰণতঃ গাড়ী-ঘোঁৰা মানুহ-দুনুহৰ এনে কলৰৱ আৰু কোলাহল, আমাৰ ভাৰতৰ যি কোনো ঠাইৰে হওক এজন মানুহ গৈ তেনে কলৰৱ আৰু কোলাহল দেখি সহজে ভাবিব যে