পৃষ্ঠা:বিলাতৰ চিঠি.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
বিলাতৰ চিঠি

টকা পোৱা মানুহৰ অৱস্থা তাতকৈ আমাৰ ইয়াত ভাল। মই পৰিয়াল থকা মানুহৰ কথাহে কৈছোঁ। আৰু এটা কথা এইখিনিতে কওঁ যে মিতব্যয়ী নহ'লে ৰাজভাণ্ডাৰো শূন্য। হয় আৰু মিতব্যয়ী হলে দুখীয়াৰ ভঁৰালতো লক্ষ্মী বিৰাজ কৰে। মোৰ আসাম কেতিয়া ধনত আন আন দেশৰ সমকক্ষ হ’ব?

 ‘ব্ৰেকফাষ্ট’ খোৱাৰ পাছত অলপ ইফাল-সিফাল কৰি থাকি বেয়া লগা দেখি মিচেচ্‌ মল্লিকৰ তালৈ গ'লোঁ। অকলে লণ্ডনৰ বাটত ফুৰা এয়ে প্ৰথম। স্বাধীনভাৱে ফুৰাত মনত বেচ্ ৰং লাগিছিল। নতুন ঠাই, নতুন মানুহ, নতুন জীৱন দেখি বৰ ভাল লাগিছিল। মনৰ তেনে ভাব এতিয়া লাখ টকা দিলেও নেপাওঁ। মিচে মল্লিকৰ ঘৰ পাই চিনা-জনা মানুহক দেখি মোৰ মনত এনে হ’ল যে তেওঁলোকক কতদিন দেখা নাছিলোঁ—অথচ তাৰ আগদিনা ৰাতিহে তেওঁলোকৰ ঘৰৰপৰা যাওঁ। তেওঁলোকৰ তাতে সেইদিনা দুপৰীয়া- খোৱা খাওঁ—এওঁলোকে এইখিনি সময়ত Lunch (Luncheon ৰ সংক্ষিপ্ত, কিন্তু খাদ্য বিষয়ত সংক্ষিপ্ত নাছিল) খাইছিল। তেওঁলোকে ৰাতি ডিনাৰ (Dinner) খাইছিল। এই বিষয়ে আগৈয়ে কৈছোঁ। Luncheon ত কোনো কোনো ঘৰত স্যূপ্‌ (soup) কি মাছ ভজা কি সিজোৱাই হওক কি মাছৰ প্ৰসূত আন আন কোনো ৰকমৰ খাদ্য আৰু মাংসৰ এটা ৰোষ্ট্‌ (Rast) কি যেই সেই এটা থাকে। এই ভোজনৰ সময়ত ঠাণ্ডা মাংস বেছি খোৱা হয়। যোৱাদিনৰ ডিনাৰত যি গৰম মাংস দিয়া হয়, তাৰে শেষাংশ প্ৰায় দিয়া হয়। তলত সিজোৱা আলু আৰু কবি (কবি বাৰমাহেই পোৱা যায়) ইত্যাদি সেই সিজোৱা মাংসৰ লগত খোৱা হয়। তাৰ পাছত পুডিং অথবা মধুৰেণ সমাপয়েৎ কৰিবৰ অৰ্থে আন কোনো মিঠা বস্তু। ফল-মূল ইত্যাদিও খোৱা হয়। মানুহৰ অৱস্থা-ভেদে এই খোৱাৰ ফৰ্দ্দৰো তাৰতম্য ঘটে। ডাঙৰ মানুহৰ ঘৰত ইয়াতকৈ বেছি তৰহৰ বস্তু হয়। আৰু কোনো ঘৰত স্যূপ্‌, মাছ দুয়ো হয়। ডিনাৰৰ সৰু ভাই বুলিলেই ‘লাঞ্চ’ক বুজা যাব। পুডিঙৰ পাছত পণিৰ, ৰুটী, মাখন, বিস্কুট ইত্যাদি খোৱাটোও নিয়ম। মুঠতে ক’বলৈ গ’লে Dinner আৰু Lunch ৰ বিশেষ প্ৰভেদ নাই। প্ৰভেদৰ ভিতৰত হৈছেগৈ এই যে যি আহাৰক Dinner নাম দিয়া হয়, সেই আহাৰেই সেই ঘৰৰ প্ৰধান আহাৰ। Spears পৰিয়ালে দিনৰ একবজাত Dinner খাইছিল—সেইটোৱেই তেওঁলোকৰ প্ৰধান আহাৰ।

 এজন মানুহে Lunch ক এইবুলি ব্যাখ্য কৰিছে—“Base ingratitude to breakfast and premeditated insult to dinner” এই মানুহজনে বোধকৰোঁ Lunch নেখাইছিল।

 ব্ৰেকফাষ্ট ভালকৈ খালে এক-দুই বজাত সৰহকৈ Lunch খোৱা ভাল নহয়। এইখিনিতে ক'ব খোজোঁ— বিলাততো, ইয়াতো সৰহকৈ খোৱাৰ নিমিত্তেই আমাৰ নানান ৰকমৰ ৰোগ হয়। ৰোগৰ প্ৰায় বেছিভাগেই সৰহকৈ অপৰিমিত খোৱাৰ কাৰণেই