সমললৈ যাওক

পৃষ্ঠা:বিলাতৰ চিঠি.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিলাতৰ চিঠি

দিয়া দেখিছোঁ, কি কম! যেনে – বাটে বাটে ‘হেণ্ডবিল’ বিলোৱা, হোটেলত চাকৰ হোৱা ইত্যাদি। আমাৰ দেশৰ ভাল মানুহৰ ল'ৰা ইয়ালৈ আহি টকা-কড়িৰ অভাৱত পৰি সৰু কামত হাত দিবলৈ বাধ্য হোৱাটো দেখা পালে ভাল নেলাগে। আপোনাৰ পাঠকসকলৰ ভিতৰত যদি কোনোৱে য়ুৰোপলৈ আহিবলৈ মনত থিৰ কৰে, তেওঁ যেন বিপদৰ বন্ধু, পৃথিৱীত শক্তিশালী বন্ধু টকাক ভালকৈ সম্বল কৰি লগত লৈ আহে।। “বিলাতলৈ গৈ তাত কাম কৰি টকা উপাৰ্জন কৰি পঢ়িম” বুলি যেন কোনো নাহে।

  আপুনি হয়তো সুধিব, “তুমি কিমান বয়সত আমাৰ ল'ৰাবিলাকক বিদেশলৈ যাবলৈ কোৱা?” উত্তৰত কওঁ যে ওঠৰ বছৰৰ আগৈয়ে কেতিয়াও নহয়। তাৰ মানে এফ. এ. মান পাছ কৰি অহাটো ভাল। এফ. এ. পাছ নকৰি যে কাকো আহিবলৈ মই কোৱা নাই এনে নহয়। সেইদৰে মোৰ কবৰ মানে এইটোহে যে যিমান সৰহকৈ লিখা-পঢ়া শিকি আমাৰ দেশৰপৰা ইয়ালৈ অহা যায়, সিমান ভাল৷ ইগ’ল ল'ৰাৰ কথা। বয়সিয়াল মানুহ যেতিয়াই পাৰে তেতিয়াই অহা উচিত। দেশত মটৰ-গাড়ী নিকিনি, কলিকতাৰ ডাঙৰ ডাঙৰ দোকানত ধাৰে বস্তু-বেহানি নিকিনি, পাটৰ 'পাঞ্জাবী' চোলা, ফিৰ্ফিৰীয়া পাতল চুৰিয়া, নানা ৰঙৰ চাদৰ নিপিন্ধি, অমুক জান-বিবিৰ নাচ, অমুকী বাইজীৰ নাচ চাই পৈতৃক জমিদাৰী কিম্বা আন পৈতৃক সম্পত্তিৰ শ্ৰাদ্ধ নকৰি যদি আমাৰ (আমাৰ মানে মই কেৱল আসামৰ কথা কোৱা নাই, ভাৰত গোটেইখনৰ কথা কৈছোঁ) দেশৰ ধনী মানুহে দেশ ভ্ৰমণ কৰে, তেনেহ'লে সেই টকাৰ কিঞ্চিৎ সদ্ব্যৱহাৰ হয়। সি যি হওক, ভাৰতৰ ভালেমান ঠাইৰপৰা ইংলণ্ডত এনে মানুহ মাজে মাজে দেখি আমাৰ চকু জুৰায়।

  আমাৰ দেশৰ মানুহ এই দেশলৈ মে’ মাহমানত অহা উচিত। ইংলণ্ডত বতৰৰ ঠিক নাই। আমাৰ দেশত ছয় ঋতু। ইয়াত চাৰিটা। এজন ৰসিক মানুহে কৈছে, বিলাতত কেৱল এটা ঋতু অৰ্থাৎ জাৰ। জহকালিক তেওঁ “Leafy winter” অৰ্থাৎ পতীয়া জাৰকালি বুলি কৈছে। কেতিয়াবা ইয়াত জহকালিও বেছ জাৰ; আৰু কেতিয়াবা জহকালি। ইমান জহ হয় যে বাটে-ঘাটে দুৰ্বল-সবল মানুহ মূৰ্ছা যায় আৰু কোনো লোকৰ মৃত্যুও হয়। বৃটেনৰ জহকালি বৰ সুন্দৰ। যিবোৰ গছ-গছনিৰ গাৰপৰা জাৰকালিয়ে নিৰ্দয়ভাৱে আৱৰণ কাঢ়ি লয়, বসন্তকালে দয়া-পৰবশ হৈ সিহঁতৰ গাত সেই আৱৰণ নতুনকৈ দিয়ে। জহকালিৰ সদ্ব্যৱহাৰত অতি সুন্দৰ ৰূপ ধাৰণ কৰে। ৰ'দৰ প্ৰকোপ সিমান নাই। সাপ কিম্বা তেনে জন্তুৰ প্ৰাদুৰ্ভাব নাই। সেইদেখি মনৰ সুখেৰে আপুনি কোনো বাগিচা বা মুকলি ঠাইলৈ গৈ, পাইপ মুখত লৈ আপোনাৰ প্ৰিয় কবি নাইবা গ্ৰন্থকাৰৰ গ্ৰন্থ লগত লৈ ঘাঁহৰ ওপৰত বহি বা দীঘল হৈ পৰি নিৰ্ভয়ে নিৰ্বিঘিনিয়ে পৰম সুখ অনুভৱ কৰিব পাৰে; ইচ্ছা হলে ওচৰতে উমলি ফুৰা সৰু সৰু ল'ৰা-ছোৱালীৰ ৰং-ধেমালি চাব পাৰে; গাভৰু ছোৱালীৰ ৰূপৰ প্ৰশংসা কৰিব পাৰে; নাইবা বুঢ়া-বুঢ়ীসকলে তেওঁলোকৰ