পৃষ্ঠা:বিলাতৰ চিঠি.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
বিলাতৰ চিঠি

জিবিশ্যন’ হয়, অন্ততঃ মই যিমানদিন বিলাতত আছিলোঁ, হৈছিল, আৰু পূৰ্ব্বেও হৈছিল। বোধকৰোঁ। কলিকতাৰ যেনে ভৱানীপুৰ, পটলডাঙ্গা, ঠনঠনীয়া; গুৱাহাটীৰ যেনে ভৰলুমুখ, পাণবজাৰ, কুকুৰমূতা; নগাঁৱৰ যেনে ফৌজদাৰীপট্টি, আমোলাপট্ৰি; লণ্ডনৰো সেই তেনে “Earl's Court”। এই ঠাইত সেইবেলি এটা (Indian Exhibition) ভাৰতীয় প্ৰদৰ্শনী হৈছিল। মিচেচ্‌ মল্লিক, তেওঁৰ পুতেক শিশিৰ মল্লিক আৰু মই সেই প্ৰদৰ্শনী চাবলৈ গৈছিলোঁ। আমি থকা ঘৰৰ ওচৰৰ ৱেষ্টবোৰ্ন পাৰ্ক (westbourne Park) ষ্টেশ্যনৰপৰা Earl's Courtলৈ টিকট কৰিলোঁ। Earl's Court লৈ অমনিবাচেৰেও যাব পৰা গ'লহেঁতেন; কিন্তু তেওঁলোক ৰেলেৰে গ'ল। ৰেলৰ টিকটৰ সৈতেই এক্‌জিবিশ্যনৰ টিকট কিনিব পৰাৰ বন্দৱস্ত আছে। তাত যোৱাৰ ভাড়া অলপ কমো পৰে। এই ৰেল মাটিৰ তলেৰে যোৱা ৰেল (Under-ground Railway)। তেতিয়া সেই ৰেলগাড়ী সাধাৰণ ৰেলগাড়ীৰ দৰেই ষ্টীমেৰে চলোৱা গাড়ী আছিল। আজিকালি সেইবোৰ গাড়ী বিজুলীৰ সংযোগে চলোৱা হয় আৰু গাড়ীৰ শ্ৰীও ভাল হৈছে। পাঠক পাঠিকাসকলৰ ভিতৰৰ যিসকলে আমাৰ ভাৰতীয় ৰেলগাড়ীৰ ‘টনেল’বোৰেৰে গৈছে, তেওঁলোকে তাৰ (under-ground) গাড়ীৰ অৱস্থা বুজিব পাৰিব। বতাহ সুচলে যোৱাৰ বন্দৱস্ত আছে অৱশ্যে। দহমিনিটমানৰ ভিতৰতে Earl's Court ষ্টেশ্যন পালোঁগৈ। এই ‘একজিবিশন’ত ভাৰতীয় বস্তুবোৰ দেখুওৱা হৈছিল। তাত আমি আমাৰ কলিকতাৰ মিঠৈৱালাই মিঠৈ দেখিলোঁ; “থাট্টাৰ ৰোড”ৰ (Theatre Road) গাড়ীৱালা দেখিলোঁ। তাৰে কোনো কোনো মানুহৰ সৈতে হিন্দুস্থানী, বঙ্গলাত কথা কৈ বৰ ভাল পালোঁ; মনত সন্তোষ পালোঁ। এই ‘এক্‌জিবিশ্যন’ত আৰু আন আন চাবলগীয়া বস্তুও আছিল। পাঠক-পাঠিকাসকলে ইয়াত যদি কোনো ‘এক্‌জিবিশ্যন’ দেখিছে, গম পাব যে বিলাত হেন ঠাইৰ প্ৰদৰ্শনী এটাত পইচা খৰচ কৰিবৰ উপায় নিশ্চয় বহুতো আছিল। আমি Grand Wheel বুলি এটা wheel অৰ্থাৎ চকৰীৰ দৰে বস্তুত উঠা মনত পৰে। পাঠকে এটা বৰ চকৰীৰ দৰে বস্তু মন কৰক, এই চকৰীত বহুতো কেবিন অৰ্থাৎ বহুত মানুহ। বহিব পৰা খোঁটালী আছিল। এই চকৰীৰ পৰিধি কিমান আছিল, ক'ব নোৱাৰোঁ। চকাৰ তলৰপৰা ওখলৈ চালে কলিকতাৰ ‘হেৰিশ্যন’ ৰোডৰ মাৰোৱাৰীহঁতৰ পাঁচতলীয়া ঘৰতকৈ ওখ হ'ব। এই চকা দুবাৰ-এবাৰ লাহে লাহে ঘূৰে। তাতে উঠি লণ্ডনৰ বহুত দূৰলৈকে চাব পৰা যায়। ইয়াত উঠিবৰ নিমিত্তে এক চিলিং (বাৰ অনা) লাগিছিল। ইংৰাজীত যাক 'Sensation’ কয়, আমাৰ বেছ ভাল ‘চেন্‌চেশ্যন’ লাগিছিল। এক্‌জিবিশ্যনত চাৰি পাঁচ ঘণ্টা সুন্দৰৰূপে কটাই আমি বহালৈ উভতি আহিলোঁ। Earl's Courtত প্ৰতি বছৰেই নতুন নতুন প্ৰদৰ্শনী হয়। আমি তাৰ পাছত কিমান যে প্ৰদৰ্শনী দেখিছোঁ, দেখি দেখি আমাৰ আমনিহে লাগিছে।