পৃষ্ঠা:বিলাতৰ চিঠি.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪
বিলাতৰ চিঠি


Whitstone House-লৈ গ'লোঁ। বাকচটো পাছত এটা কুলীয়ে (Porter) এখন সৰু গাড়ী (Wheel barrow)-ত কৰি ঘৰলৈ লৈ গ'ল। তাত ছপেনী কি এক চিলিং দিছিলোঁ। ৰেলৰ ষ্টেশ্যনৰ কুলীবিলাকক Porter কয়। যিমান বেছি লাগেজ (Luggage), তিমান বেছি পইচা দিব লাগে। মই তাৰ গাৰ্ডবোৰক দুপেনী, চাৰি পেনী বক্‌শ্বিস দিছোঁ; কিন্তু আমাৰ এই দেশৰ ফিৰিঙ্গি কি য়ুৰোপীয় গাৰ্ডবোৰক দুঅনা, চাৰি অনা বক্‌শ্বিস দিলে সিহঁতে চাগৈ ফিৰিয়েই নেচাব। তাৰ গাৰ্ডবোৰে নিজক ‘গাৰ্ড’ বুলি জানে। ইয়াৰ তেনে অৱস্থাৰ মানুহবিলাকে নিজৰ অৱস্থাতকৈ বহুত ডাঙৰ ভাবে। ‘পাছ’ পাই ইয়াৰ ৰেলৰ য়ুৰোপীয় কি ফিৰিঙ্গি কৰ্মচাৰীয়ে দ্বিতীয় শ্ৰেণীৰ তলত নুফুৰে। হাওৰাৰপৰা কৗেশ্বিলিলৈ (Kasauli) ১৯১৫ চনত আৰু সিদিনা স্বিমলালৈ (Simla,১৯১৭ খ্ৰী) যাওঁতে দেখিলোঁ যে গাৰ্ডটি আমাৰ গাড়ীত দ্বিতীয় শ্ৰেণীত বেছ “মজাসে” সুন্দৰৰূপে শুই-পৰি গ'ল, কেৱল মাথোন ষ্টেশ্যন পাওঁতেহে নামি চাকি দেখুৱাইছিল। এনে কথা বিলাতৰ এখন ৰেলত কেতিয়াও হ’ব নোৱাৰিলেহেঁতেন।

 Whitstone House পাই আমাৰ দেশী মিঃ ভাভাক দেখিলোঁ। মিচেলমোৰ পৰিয়ালৰ এইকেইজনক দেখিলোঁ— মিচেচ্‌ মিচেলমোেৰ; বয়স ষাঠিমান, প্ৰফুল্ল মুখ, মূৰত সদায় টুপী (আমাৰ ৰাতিপুৱাৰ নামযোগ্যা মহাৰাণী ভিক্টোৰিয়াৰ ছবিত বগা টুপী পিন্ধি থকা দেখা যায়, তেনে টুপী); চুলিবগা, মাজে মাজে ক’লা। তেওঁলোকৰ এইকেজনী ছোৱালী—এমি বয়স ৩০/৩৫; কেট, বয়স ২০/২২; উইনী, বয়স ১৫/১৬ বছৰ। তেওঁলোকৰ লগত এজনা সম্পৰ্কীয় আদহীয়া মহিলা থকাও মনত পৰে। মই যিখিনি সময়ৰ কথা লেখিব লাগিছো (১৮৯৬ খ্ৰীঃ) তেতিয়া পেইন্টন হ’ব ধৰিছেহে, অৰ্থাৎ ডাঙৰ চহৰ হ'ব ধৰিছিল।

 তাত সেইকেইদিন বৰ আনন্দে কটাইছিলোঁ। আমি ভাৰতবৰ্ষীয় চাৰিজন আছিলোঁ। মেজৰ সিং পাছত গৈছিল। মেজৰ এন. পি. সিংহ (পাছত কৰ্ণেল, লৰ্ড সিংহৰ ভায়েক), মিঃ ভাভা, মিঃ সুকুমাৰ সেন আৰু মই। মেজৰ সিংহক মিছ ম্যানিঙৰ ঘৰত দুবাৰ- এবাৰ দেখিছিলোঁ। মিঃ ভাভাক সেয়েই প্ৰথম দেখা।

 তালৈকে কেদিনমানৰ নিমিত্তে “Merry-go-round”. (কাঠৰ ঘোঁৰা ইত্যাদিৰ ওপৰত উঠি বাজনাৰ লগে লগে ঘূৰা, কলিকতাত এইবোৰ দেখা যায়। সিদিনা গুৱাহাটীতো দুখীয়াৰ দুখী অৱস্থাৰে এডুখৰি ওলাইছিল। অৱশ্যে চলাওঁতা অসমীয়া নহয়।) তাত যে ইমান উঠিছিলোঁ, আমাৰ Whitstone Houseৰ মানুহসকলকো ঘূৰাইছিলোঁ। কি ফুৰ্তি!! তেনে মনৰ আনন্দ এতিয়া কেতিয়াও নহয়। ঘৰলৈ আহি দেখিলোঁ— কেৱল ঘূৰাতেই আৰু ই-সি অলপ অচৰপ কিনোতেই দহ চিলিং খৰচ হৈ গল। আনন্দ খন্তেকৰ নিমিত্তে মাথোন অলপ মলিন হ’ল।