পৃষ্ঠা:বিলাতৰ চিঠি.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
বিলাতৰ চিঠি


তেতিয়া দেখিছিলোঁ যে শুবৰ সময়ত আৰু পুৱা উঠিবৰ সময়ত মিঃ ৰড্‌ৱেলে বিছনাৰ ওপৰত আঠুকাঢ়ি বিছনাৰ ওপৰত মূৰ থৈ চকু মুদি ঈশ্বৰৰ নাম লৈহে শুইছিল আৰু ৰাতিপুৱা মুখ-হাত ধুইছিল। বোধকৰোঁ তেওঁ “Our father which art in Heaven” বুলি যে খ্ৰীষ্টীয় সম্প্ৰদায়ৰ প্ৰাৰ্থনা আছিল, তাকে কৈছিল। ১৯০৪ চনত শালকিয়াৰ (হাওৰা) ৩৪ নং গোলাবাড়ী ৰোডত আমাৰ স্বৰ্গীয় ডাক্তৰ গোলাপ বেজবৰুৱাৰ লগত থাকোঁতে তেওঁক এইদৰে প্ৰাৰ্থনা কৰা দেখিছিলোঁ। ডাক্তৰ বেজবৰুৱাই পুৱা আৰু ৰাতি বাইবেল কিতাপৰপৰাও অলপ পঢ়িছিল। বিলাতত সৰু সৰু ল’ৰাক মাকে কিম্বা আন কোনোৱে এইদৰে প্ৰাৰ্থনা কৰাইহে শুবলৈ দিয়ে। ই যে ভাল নিয়ম তাক কোনে নহয় বুলিব? সৰুৰেপৰা ধৰ্ম্মৰ আভাস পালে ডাঙৰ হৈ যেতিয়া ল’ৰা-ছোৱালীবোৰে সংসাৰৰ কামত প্ৰবেশ কৰে, তেতিয়া এই প্ৰাৰ্থনাই অনেক সাহায্য কৰে। ভগৱানৰ নাম লোৱা সকলো দেশৰে, সকলো জাতিৰ সকলো সময়তে এটা ভাল নিয়ম। সৰুৰেপৰা ভগৱানক চিন্তিলে ডাঙৰ হ’লে এই ভগৱানৰ নামে বিপদৰ সময়ত মানুহক সজ বাট দেখুৱাই মনলৈ শান্তি আনে। আৰু এটি কথা— স্কুল-কলেজতো ভগৱানৰ নাম লৈ দৈনিক কাম আৰম্ভ কৰা উচিত। ভগৱান এক, আমি যি নামেৰেই তেওঁক মাতোঁ। খ্ৰীষ্টিয়ান গড যিজন, মুছলমানৰ আল্লা যিজন, আমাৰ ঈশ্বৰৰ সেইজনেই। সেইদেখি ঈশ্বৰৰ নাম য’তে শুনা যায়, ত’তে শুনা ভাল। এই নামৰ দেশ-বিদেশ নাই, সময়- অসময় নাই। সেইদেখিয়েই মই কওঁ যে আমাৰ দেশৰ ল’ৰাবোৰ যেতিয়া বিলাতলৈ যায়, তেতিয়া গিৰ্জ্জালৈ যোৱা উচিত। গিৰ্জ্জালৈ গ’লে ঈশ্বৰৰ নাম লোৱাৰ লগে লগে ভাল মানুহৰপৰা উপদেশ শুনি ভাল কথাৰ লগত ইংৰাজী ভাষাৰ ওপৰতো ভাল অধিকাৰ জন্মিব। এইখিনিতে কোৱা আৱশ্যক, কিয়নো আমাৰ কোনো কোনো মানুহে ভয় খাব পাৰে যে গিৰ্জালৈ গ’লেই খ্ৰীষ্টিয়ান হয় বা হ’ব পাৰে। সেইটো নহয়। এই বিষয়ে আমাৰ অভিভাৱকসকল নিঃসন্দেহে থাকিব পাৰে।

 আৰু এটা কথা এইখিনিতে কওঁ, কিয়নো এতিয়াও বহুতো মানুহৰ এই বিষয়ে অতি শোচনীয় ভুল বিশ্বাস আছে। এই বিশ্বাস আজি-কালিৰ দিনত থকাটো ভাল নহয়। আমাৰ মানুহৰ এটা বিশ্বাস আছে যে বিলাতলৈ গ’লেই গোমাংস ইত্যাদি আমাৰ হিন্দুৰ অভক্ষ্য বস্তু বাধ্য হৈ খাব লাগে। ই একেবাৰেই সঁচা নহয়। বিলাতত আজিকালি বিলাতীৰ ভিতৰতে বহু নিৰামিষাহাৰী মানুহ আছে। লণ্ডনৰ ঠায়ে ঠায়ে নিৰামুহীয়া বস্তু খাবৰ ঠাই আছে। আৰু কোনো কোনো ঠাইত বোৰ্ডিং হাউচতো নিৰামুহীয়া বস্তু খাবলৈ পায়। বোম্বাইৰ ফালৰ মানুহে প্ৰায়ে নিৰামুহীয়া বস্তু খায়। তেওঁলোকৰ কোনো কোনো মানুহক মই নিজে নিৰামুহীয়া খাই দিন যাপন কৰি সুন্দৰমতে পাচ হোৱা দেখিছোঁ। আৰু ব্যাৰিষ্টাৰ হোৱা Inn আৰু Temple-বোৰততা Vegetarian dishes (নিৰামুহীয়া