পৃষ্ঠা:বিলাতৰ চিঠি.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
বিলাতৰ চিঠি

এঘাৰ, বাৰ বছৰমানত পঠাব লাগে; তেতিয়াহ'লে ল’ৰাই তাৰ নিয়মেৰে সুন্দৰৰূপে শিক্ষা পাব পাৰে।

  ইংলণ্ডীয় বতৰৰ কথা আমি আগৈয়ে অলপ উনুকিয়াইছোঁ। ইংলণ্ডৰ বতৰ এটি অত্যাশ্চৰ্য্য পদাৰ্থ। এদিনতে নানান ৰকম বতৰৰ নমুনা পোৱা যায়। সেই দেশৰ মানুহে দেখা হলেই বতৰৰ কথা ক’বই ক’ব; যেনে — "fine day", wretched day", "rather cold for the year", "glorious weather", "quite seasonable", "rather warm" ইত্যাদি। এই বতৰৰ বিষয়ে দিনে যে কিমান আলোচনা আৰু কথা-বতৰা হয়, তাৰ লেখ-জোখ নাই। আপুনি এখন দোকানলৈ সোমাই হয়তো আধা পেনিৰ কাগজ কিনিব; কিন্তু দোকানদাৰ কি দোকানদাৰনীয়ে ভদ্ৰ হলেই, আপোনাৰ সৈতে, বাজি ৰাখিব পাৰোঁ, বতৰৰ কথা ক’বই ক’ব। তাৰ পিছত হয়তো তাৰ ওচৰৰে এখন দোকানত আপোনাৰ হেঁপাহৰ (favourite) ধঁপাত কিনিবলৈ যাব, আকৌ weatherৰ কথা। হয়তো Afternoon tea party লৈ আপোনাৰ নিমন্ত্ৰণ, বহুতো তিৰুতাৰ সমাগম; "Aren't we having wretched weather?" উত্তৰ —“Oh wretched isn't the word”, অথবা “isn't it wretched?” আমাৰ নব্যশিক্ষিত মানুহেও আমাৰ দেশত ইংৰাজী নিয়ম অনুকৰণ কৰি ‘weather'ৰ কথা কয়। আমাৰ weather তেনে পৰিবৰ্তনশীল নহয়, সেইদেখি সেই নিয়ম ইয়াত নেখাটে। কিছুদিনৰ আগেয়ে বিলাতৰপৰা আমি এবাৰ উভতি আহোঁতে কলিকতাতত এজনী শিক্ষিতা গাভৰু ছোৱালীৰ সৈতে চিনাকি হোৱাৰ পাছতেই তেওঁ আমাক সুধিলে “What do you think about the weather?” তাৰ ভদ্ৰোচিত যি উত্তৰ দিবলগীয়া দিলোঁ। আন এজন বিলাত ফেৰতৰপৰা শুনিলোঁ— সেই ভদ্ৰ মহিলা জনাই তেওঁকো সেই একে প্ৰশ্ন সুধিছিল। আমি ইয়াত অলপ হাঁহিলো। আন এদিন এটি সন্ধ্যা সন্মিলনত আকৌ সেই মহিলাজনাৰে সৈতে দেখা হোৱাত আকৌ সেই প্ৰশ্ন “What do you think about the weather?” সেইখিনি সময়ত এই বিষয় লৈ আমাৰ ভিতৰত এটা হাঁহিৰ কথা হৈ পৰিল।

  ইংলণ্ডলৈ গ'লে এটি কথা বৰ কাণত বাজে — সেই কথাটি “থেঙ্ক ইউ” (Thank you) যেতিয়াই-তেতিয়াই “থেঙ্ক ইউ”। বাপেক-মাকে পুতেক-জীয়েকক, পুতেক- জীয়েকে বাপেক-মাকক, গিৰীয়েকে ঘৈণীয়েকক, ঘৈণীয়েকে গিৰীয়েকক, বন্ধুৱে বন্ধুক, এনে কি চাকৰ-চাকৰণীকো “থেঙ্ক ইউ” দিব লাগে। এটা বস্তু আপুনি এজনক দিলে তেওঁ ক'ব ‘Thank you', আকৌ আপোনাৰ বস্তুকে আনোক তেওঁ ওভোতাই দিলে আপুনি ক’ব ‘Thank you! Thank you' নোকোৱাটো বৰ অভদ্ৰ কাম। বাটত বৰ ভিৰ, আপুনি ভিৰ ঠেলি যাব খোজে, সেইখিনি সময়ত “Will you let me pass, please” কোৱাটো কথা। বহুতে কেৱল “Thank you” কৈয়ে ই সাৰে। এই “থেঙ্ক