পৃষ্ঠা:বিলাতৰ চিঠি.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
বিলাতৰ চিঠি

পাইলটৰ হাততে বহুতে চিঠি দিয়ে, সি কলিকতালৈ আহি ডাকত দিয়েহি। এতিয়া মাদ্ৰাজ বন্দৰলৈ পাইলটে লৈ গ'ল। মাদ্ৰাজ চাবলগীয়া ঠাই। তালৈ আজিকালি অৱশ্যে ৰেলেৰে যাব পাৰি, তেতিয়া ৰেল নাছিল। জাহাজৰপৰা মাদ্ৰাজৰ হাইক'ৰ্ট বৰ সুন্দৰ দেখি। ওপৰৰ “ডোম”বোৰ সোণ বৰণীয়া; এই হাইক’ৰ্টেই জাহাজৰপৰা আটাইৰে চকুত পৰে। ইয়াৰ পূৰ্ব্বে মাদ্ৰাজত জাহাজৰপৰা নামি এৰাতি আছিলোঁ। এইবাৰ আন আন বন্দুসকলৰ লগত গা বেয়া থকাৰ নিমিত্তে, চহৰ চাবলৈ যাব নোৱাৰাত অলপ দুখিত হৈছিলোঁ। মাদ্ৰাজৰ বৰ্ণনা দি এই চিঠি নবঢ়াওঁ। যিবাৰ মাদ্ৰাজত নামিছিলোঁ, সি বহুত দিন আগৰ কথা। ১৮৯৫ চনৰ জানুৱাৰী মাহ। সেই কথা এতিয়া ভালকৈ মনত নাই। সেইবাৰ মাদ্ৰাজৰ ব্ৰাহ্মসমাজৰ মানুহৰ লগতেই বেছিভাগ দেখা কৰিছিলোঁ; তেওঁলোকৰ ভদ্ৰ, আৰু তেওঁলোকৰ পাৰ্গত, বৰ খৰকৈ ইংৰাজী কয়। তাৰ গাৰোৱান, চাকৰবাৰবোৰেও ইংৰাজী কয় — অৱশ্যে (broken English) শুদ্ধ ব্যাকৰণ-নিৰ্দোষ ইংৰাজী নহয়। তথাপি আমি বঙ্গ আৰু আসাম দেশৰপৰা গৈ তেনেবোৰ মানুহে ইংৰাজী কোৱা দেখি অলপ আচৰিত যেন পাওঁ। ই এটা শিক্ষাও। এইবোৰ শ্ৰেণীৰ মানুহে ইংৰাজী কোৱাৰ মানে বোধকৰোঁ বৃটিছসকলে হিন্দুস্থানী ক’বলৈ যিমান সহজ পায়, আৰু যিমান শিকিব পাৰে বা লাগে, তেলেগু কি তামিল তেনে নেপায়; সেইদেখি মহম্মদৰ ওচৰলৈ পৰ্ব্বত নাহে দেখি মহম্মদ পৰ্ব্বতৰ ওচৰলৈ যাবৰ উদাহৰণৰ বশৱৰ্ত্তী হৈ সিহঁতেই বাধ্য হৈ দুখীয়াৰ দুখী অৱস্থাৰে ইংৰাজী শিকে আৰু কয়। অথবা আৰু এটি কাৰণো মনত হয়। খ্ৰীষ্টীয় মিছনেৰীসকলে মাদ্ৰাজত যিমান শিচ পাইছে, আন ঠাইত সিমান শিচ পোৱা নাই। বহুত দিনৰেপৰা খ্ৰীষ্টধৰ্ম্মৰ ৰস আস্বাদন কৰাও সিহঁতৰ ইংৰাজী শিকাৰ আৰু কোৱাৰ কাৰণ হ'ব পাৰে। আৰু মাদ্ৰাজত ইংৰাজৰ বসতি বহুকাল আগৰপৰা। সি বাৰু যি হওক, মাদ্ৰাজী গাৰোৱান, চাকৰ বাকৰ আৰু সেই শ্ৰেণীৰ মানুহে কলিকতা কি বোম্বাইৰ সেই শ্ৰেণীৰ মানুহতকৈ বেছি ইংৰাজী কয়। মাদ্ৰাজ চহৰৰ এডোখৰ ঠাইক, যিডোখৰত দেশী মানুহ সৰহভাগ থাকে, Black Town (ক’লা চহৰ) কয়, শুনাত আমি বৰ দুখিত হ'লোঁ। Black আৰু White কথা দুটা বহুতো গোলমালৰ মূল।

  আমাৰ জাহাজে মাদ্ৰাজ তাৰ পাছদিনা এৰিলে। ইয়াত বহুত নতুন মানুহ জাহাজত উঠিল আৰু কিছু নামিল। যোগেন পালৰ ককায়েকো ইয়াতে নামিল। আমি এতিয়া পাঁচজন হ'লোঁ। আমি বেলেগ বেলেগ কেবিনত আছিলোঁ। Steward (ষ্টুৱাৰ্ড)ক কৈ আমি পাঁচজন একেটা কেবিনলৈ আহিলোঁ। সৌভাগ্যবশতঃ সাতখন বিচনা থকা এটা কেবিন সেই জাহাজত আছিল। প্ৰায়ে জাহাজত ইমান ডাঙৰ কেবিন নেথাকে। আমি পাঁচজন একেলগ হ'ব পৰাত বৰ ৰং পালোঁ।