পৃষ্ঠা:বিলাতৰ চিঠি.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
বিলাতৰ চিঠি

সময়ত জাহাজৰ তত্ত্বাৱধান কৰিছিল (জাহাজৰ বিষয়াসকলে ভাগবাটি পহৰা দিয়ে, চাবি ঘণ্টা হয়তো কাপ্তানে নিজে দিব, চাৰি ঘণ্টা হয়টো প্ৰধান বিষয়াই, চাৰি ঘণ্টা হয়তো দ্বিতীয় বিষয়াই, এনেকৈ জাহাজ ডাঙৰ-সৰু চাই বিষয়াৰ সংখ্যা সৰহ-তাকৰ। ইপিনে এঞ্জিন ৰূমতো তেনেকৈ এঞ্জিনীয়েৰসকলে ভাগবাটি কাম কৰে৷ এনেকি খালাচীবোৰো সেই নিয়মৰ অধীন।) তেওঁৰ সেই চিঞৰণি, কামিজ জোকৰা দেখি সেই মহাসমুদ্ৰত জাহাজ সেই নাৱৰ আৰু অলপ ওচৰলৈ গৈ ৰখালে। জাহাজ পূৰ্ণ জোখৰ বেগত চলাৰ নিমিত্তে ৰখোৱাত দুই-তিনি মিনিটমান লাগিছিল। জাহজ ৰখোৱা হ’লত, নাও ওচৰ চাপি আহিল। জাহাজৰ সকলো যাত্ৰী-বিষয়াসকল ডেকত গোট খালেহি। নাওখন যেতিয়া ওচৰ চাপি আহিল, তেতিয়া দুডাল-তিনিডাল শকত জৰী জাহাজৰপৰা ওলোমাই দিয়া হ’ল। সেই জৰীৰে ধৰি দহোটা কি এঘাৰটা মানুহ জাহাজৰ ওপৰলৈ আহিল; সিহঁতৰ লগত এটা কুকুৰ আছিল, কুকুৰটোকো অনা হ'ল। জাহাজৰ ডাক্তৰ আৰু যাত্ৰীসকলৰ ভিতৰতো এজন ডাক্তৰ আছিল, তেৱোঁ ষ্টেথস্কোপ লৈ থিয় হৈ পৰীক্ষা কৰিবলৈ প্ৰস্তুত আছিল। এটা এটাকৈ যেতিয়া সকলোটি ওপৰলৈ আহিল, নাওখন উটাই দিয়া হ'ল।

 এতিয়া পাঠকসকলক সকলো কথা খুলি কওঁ। কাৰ্ডিফৰপৰা আন এঠাইলৈ এখন সৰু সামুদ্ৰিক মাল জাহাজ নাগমাটি লৈ গৈছিল। বাটত জাহাজৰ তলত দুটা-এটা ফুটা হৈ পানী সোমাবলৈ উপক্ৰম হোৱাত কাপ্তানক সেই বিষয়ে কোৱা হ'ল, কিন্তু কাপ্তানে সেই বিষয়ে আওকাণ কৰি ফটিকা সেৱন কৰিবলৈ ধৰিলে।

 তাৰ পাছত তাৰ এঞ্জিনীয়েৰজনে ফুটা মেৰামত কৰিবলৈ আৰম্ভ কৰিলে। কিন্তু তেতিয়া সকলো চেষ্টা কৰিও জাহাজ ৰক্ষা কৰিব নোৱাৰিলে। সেইখন যাত্ৰী যোৱা জাহাজ নাছিল। সেইগুণে খালাচীবোৰে নাও এখন জাহাজৰপৰা নমাই যেয়ে যেনেকৈ পাৰে তালৈ নামিল। লগতে কুকুটোও জপিয়াই নাৱত পৰিল। কাপ্তান লাজত আৰু বাহিৰলৈ নোলাল। তেওঁ তেওঁৰ কেবিনৰ দুৱাৰ জপাই জাহাজৰ লগতে সমুদ্ৰৰ তললৈ গ’ল। সমুদ্ৰ সেইখিনি সময়ত বৰ উত্ৰাৱল আছিল। তাতে এন্ধাৰ নিশা। এঞ্জিনীয়েৰ মিস্ত্ৰীটি জাহাজৰ পৰা নাৱলৈ জাপ দিবলৈ যাওঁতে সমুদ্ৰৰ উত্ৰাৱল অৱস্থাৰ গুণে নাৱত নপৰি সমুদ্ৰত পৰিল। তেওঁ কিমান চেষ্টা কৰিলে, নাৱত আৰু উঠিব নোৱাৰিল। সমুদ্ৰত তেৱো ডুবি মৰিল। নাৱত উঠা আন আন মানুহৰ এইদৰে মৃত্যু ঘটিল। কিন্তু এনে সময়ত সকলো মৃত্যুৰ সন্মুখত এইবোৰ কথালৈ কাণ দিয়া নেযায়। তাৰে এজনে তেওঁৰ গাৰ কামিজটোকে পালৰ কাম কৰিবলৈ দি বতাহ আৰু সমুদ্ৰৰ ওচৰত প্ৰাণ সঁপিলে। আমাৰ জাহাজ লগ পোৱাৰ আগেয়ে তেওঁলোকে আৰু দুই-তিনিখন জাহাজ লগ পাইছিল। কিন্তু সেই জাহাজবোৰৰপৰা কোনো সহায় নেপালে। হয়তো জাহাজবোৰ