পৃষ্ঠা:বিলাতৰ চিঠি.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
বিলাতৰ চিঠি

পঢ়িছিল — তেওঁৰ নাম ডাক্তৰ আওৰং চা। স্কটলণ্ড ইংলণ্ডতকৈ অলপ সস্তা। থাকিব জানিলে ইংলণ্ডো সস্তা আৰু থাকিব নেজানিলে স্কটলণ্ডো মৰগ। স্কটলণ্ড ইংলণ্ডতকৈ সস্তা বুলি নাম আছে, সেইদেখি আমি সেই বিষয়ে ইয়াত উল্লেখ কৰিলোঁ।

  আৰু এটি কথা এইখিনিতে উল্লেখ কৰোঁ। আমাৰ অসমীয়া ল'ৰা ডাক্তৰ নহয়। কিয়? বিলাতলৈ নগৈ কলিকতাতো ডাক্তৰ হোৱা যায়। আমাক অসমীয়া ডাক্তৰ লাগে। বিলাতৰপৰা উভতি অহা আমাৰ তিনিজন ডাক্তৰ আছিল — ডাক্তৰ বৰা নাই, ডাক্তৰ বেজবৰুৱা নাই, এতিয়া কেৱল ডাক্তৰ কৰ্ণেল জালনুৰ আলি আছে। আমাক অসমীয়া ডাক্তৰ আৰু লাগে। কলিকতাৰপৰা পাছ হোৱা এজন অসমীয়া L.M.S.আৰু বম্বেৰপৰা দুজন অসমীয়া মাথোন। আসামত যিমান ল'ৰা আছে, তেওঁলোকৰ অভিভাৱকসকলে কেৱল এটা বাটেদি তেওঁলোকক নপঠিয়াই শিক্ষাৰ ভিন ভিন বাটেদি পঠায় কিয়? এটা সুখৰ কথা — জাপানৰপৰা উভতি অহা লক্ষেশ্বৰ বৰঠাকুৰে এটা নতুন বাট আমাক দেখুৱাই দিছে। আশা কৰোঁ আমাৰ দেশৰ মানুহে মিষ্টাৰ বৰঠাকুৰক দেশৰ উন্নতি কৰিবলৈ সাহায্য কৰিব। আৰু এটি সুখৰ কথা ফ্ৰান্সৰপৰা শিল্পবিদ্যা শিকি উভতি অহা শ্ৰীযুত ললিত মোহন দাসেও আমাক এটা নতুন বাট দেখুৱাই দিছে। এই ভদ্ৰলোক দুজনক আমাৰ দেশৰ মানুহে সাহায্য কৰি আন অসমীয়া ডেকাসকলক উৎসাহিত কৰা উচিত। আৰু এটা বৰ সুখৰ কথা, শুনিছোঁ, কটকৰ ডাক্তৰী স্কুলত আমাৰ অসমীয়া ভদ্ৰমহিলা এজনাই শিক্ষা কৰিব লাগিছে। ই বৰ আনন্দৰ কথা। অচিনাকি ঠাইত অকলৈ পঢ়িবলৈ যোৱা বিশেষতঃ এজনা তিৰুতা মানুহৰ পক্ষে বৰ প্ৰশংসাৰ কথা। এই দৃষ্টান্ত। আন অসমীয়াৰ অনুকৰণীয়।


(৫)

  স্বাস্থ্যই প্ৰধান মূলধন বিলাতততা — আমাৰ দেশতো। স্বাস্থ্য বেয়া হ'লে যাতে বেয়াৰপৰা ভাল হয়, সেই সম্বন্ধে চেষ্টা কৰা উচিত। স্বাস্থ্য বেয়া হলে স্বাস্থ্যৰ উন্নতি কৰিবৰ উপায় বহুতো আছে। বিলাতত কাৰো কাৰো স্বাস্থ্য বেয়াৰপৰা ভাল হয়, আকৌ কাৰৰ কাৰো স্বাস্থ্য বেয়া থাকিলে বেয়াই হয়। কিন্তু আমাৰ মনেৰে ভাল হোৱাৰ ভাগ বেছি। অৱশ্যে নিয়মমতে থাকিব লাগে।

  এজন বাঙ্গালী ভদ্ৰলোকক লণ্ডনৰ ৰয়েল এলবট ডক্‌চৰপৰা এবাৰ তুলি আনিবলৈ গৈছিলোঁ। তেওঁক বৰ ক্ষীণোৱা আৰু দুৰ্বল দেখিছিলো। তাৰ সাত-আঠ দিন পাছত আমি দেশলৈ উভতি আহিলোঁ। আকৌ বিলাতলৈ উভতি গৈ কিছুদিনৰ পাছত অক্সফোৰ্ডলৈ গৈছিলোঁ। এজন মানুহক আমাৰ পিনে চাই হঁহা দেখি চিনি পোৱা যেন মনত হ’ল। তাৰ পাছত ভালকৈ চাই দেখাত জানিলোঁ, এওঁ সেই ডক্‌চৰপৰা তুলি