পৃষ্ঠা:বিলাতৰ চিঠি.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
বিলাতৰ চিঠি

এটা পুৰণা দুৰ্গৰ ভগ্নাৱশেষ আছে, গাইপতি ধৰক অহা-যোৱাৰ খৰচ দুই চিলিং। আপুনি দুই চিলিং দি হয়তো ২০|২৫ মাইল ফুৰি আহিল। এই দুই চিলিং আপোনাৰ নিজৰ কেৱল কেৰেয়া, গোটেই গাড়ীখনৰ কেৰেয়া নহয়। এনেকৈ আপুনি “Devils Dyke” বুলি ব্ৰাইটনৰ ওচৰৰ ঠাইলৈ যাব পাৰে। তাত সুবিস্তীৰ্ণ মুকলি ঠাই — দুয়োপিনে ওখ ঠাই এডোখৰ আছে — পৰ্বতেই একৰকম; তাৰ মাজৰ Valley ডোখৰত ফুৰিবলৈ ভাল। ইয়াত চাহ খাবৰ ঠাই আছে আৰু আমোদ-প্ৰমোদৰ নানান উপায় আছে; – যেনে– বন্দুক মৰা ঠাই (সৰু-সুৰা Shooting range); নাৰিকলেদি দূৰৰ আৰু এটা নাৰিকলক মাৰিবলৈ চেষ্টা কৰা ইত্যাদি। এই Devils Dyke তে নামজ্বলা বুঢ়ী এজনী (Gipsy Lee) আছিল। এই জিপচীজনীয়ে হাত চাব পাৰিছিল। মিছা নে সঁচা ক'ব নোৱাৰোঁ বোলে ডিউক অব্‌ ক্ল্যাৰেন্‌চক মৃত্যুৰ কথা তেওঁৰ মৃত্যুৰ আগেয়ে তাই কৈ দিছিল। আজি ইয়ালৈ, কাইলৈ তালৈ, আপুনি যদি এসপ্তাহৰ নিমিত্তে যায়, এসপ্তাহ যে কোনপিনে উৰি গ'ল আপুনি ক’ব নোৱাৰিব।

  এই ব্ৰাইটনতে (আচলতে Hove ত) Sussex County Cricket Ground। ইয়াৰ উল্লেখ কৰিছোঁ, কিয়নো ইয়াতে প্ৰথমে আমি ভাৰতৰ গৌৰৱ “ৰণ্‌জি”ক ক্ৰীকেট খেলা দেখিছিলোঁ। ৰণজি Sussex Cricket ৰ কাপ্তেন আছিল। ই বৰ গৌৰৱৰ বিষয়। তেওঁ কাপ্তেন কেবাবাৰো হৈছিল। ৰণ্‌জিৎ সিংহ আজিকালি জামনগৰৰ ৰজা, ক্ৰীকেট খেলৰ ৰজা। তেওঁৰ দৰে Batsman বিৰল। ৰণ্‌জিয়ে হাতত বেট লৈ ফীল্ডলৈ ওলালেই সকলোৰে মুখত "Oh look there's Ranji", "Does not he bat gracefully?" "What touch", What fine twist" ইত্যাদি। এবাৰ বেটেৰে বলটো চুবহে লাগে— বাউণ্ডেৰী। তেওঁ সঁচাসঁচিকৈ আমাৰ গৌৰৱ। আপোনাসকলৰ কোনোৱে তেওঁক কলিকতালৈ আহোঁতে বোধকৰোঁ দেখিছে। তেওঁ প্ৰিন্‌চ, ব্যাটছমেনৰ ভিতৰতো তেওঁ প্ৰিন্‌চ। আৰু এটা কথা এইখিনিতে উল্লেখযোগ্য। বিলাতত জহকালি ক্ৰীকেট খেলে, জাৰকালি ফুটবল; ইয়াত ঠিক তাৰ ওলোটা। আমাৰ ল'ৰাই বিলাতলৈ গলে ক্ৰীকেট, ফুটবলৰ বিষয়ে ইংৰাজীত যাক intrest লোৱা কয়, তাক লোৱা উচিত; পাৰিলে। খেলাও উচিত। বৃটিছ জাতিৰপৰা এইবোৰ খেলাৰ বিষয়ে আমাৰ শিকিবলগীয়া আছে। শিকিবলগীয়া বুলি মনে মনে থাকিলে নহয়, আচলতে সঁচাসঁচিকৈয়ে শিকিব লাগে। বৃটিছজাতিয়ে আমাৰ ভাৰতবৰ্ষৰপৰা পলো (Polo) শিকিছে, সেই Polo আমি দেশীয়েই কিমান খেলোঁহঁক আৰু সিহঁতে কিমান খেলে! আমাৰ দেশত নাইকিয়া বস্তু নাই আটাইবোৰ আছে– আমি সেইবোৰৰ ব্যৱহাৰহে নেজানো। যি বস্তু আমাৰ আছে, নিজৰ আছে, তাৰ সদ্ব্যৱহাৰ শিকা আৰু আন জাতিৰ ভাল বস্তুবোৰৰ আনি এই দেশত। সুবিধা কৰি ব্যৱহাৰ কৰা উচিত। ভাৰতবৰ্ষই পৃথিৱীৰ আন সভ্যজাতিৰ ভিতৰত ঠিক