খাবলৈ গ’লোঁ। তাত সুন্দৰৰূপে ভোজন কৰি তেওঁলোকৰ বাগিচাৰ গছৰপৰা ফল পাৰি খাই অথবা এনেয়ে ফুৰি আবেলিখিনি কটালোঁ। মোৰ মনত আছে, তেওঁলোকে আহাৰৰ সময়ত কিবা ৰঙাপানী খাইছিল— মোক দিব খোজাত মই নেখাওঁ বুলি ক’লোঁ। মিঃ ৰৱেলে বুজ পাই ক’লে, “This is non-alcoholic” (অৰ্থাৎ ইয়াত মাদকদ্ৰব্য একো নাই।) অলপ খোৱাঁ।” মই অলপ সন্দেহ কৰি খালোঁ— কিন্তু সি সঁচাই non- alcoholic, চৰবতৰ দৰে। যিসকলে ভাবে যে বিলাতলৈ গ’লেই ফটিকা খাব লাগে, সেইসকলে যেন এই বিষয়টো ‘নোট’ কৰে। মই গৌৰৱেৰে সৈতে “We Indians don't drink” বুলি ঘৰৰ ঘৈণী কি জীয়ৰীজনীক কৈছিলোঁ। তেওঁলোকে ক'লে, “Don't be afraid, we have no such thing here, this drink is non-alcoholic” (ভয় নকৰিবা, আমাৰ ইয়াত তেনে বস্তু নাই, এই পানীয়ত মাদকদ্ৰব্য একো নাই।) বিলাতলৈ গ’লে যেনে হিন্দুৰ অভক্ষ্য খাবৰ প্ৰয়োজন নাই, অপেয় পিবৰো সকাম নাই। কিন্তু “আপ্ ৰুচি খানা”— যাৰ ইচ্ছা যায় খাব পাৰে। ইয়াতে থাকি জানো কোনো কোনোৱে অভক্ষ ভোজন আৰু অপেয় পান নকৰে?
এই মানুহঘৰ বোধকৰোঁ Wesleyan ধৰ্ম্মাৱলম্বী মানুহ। তেওঁলোকে আকৌ সন্ধ্যা- বেলিকা গিৰ্জ্জালৈ গৈছিল। আমিও তেওঁলোকৰপৰা বিদায় লৈ হান্টিংডনমুৱা হ’লোঁ। অলপপৰ গৈ মিঃ ৰৱেলে ক’লে, “এই গাঁওখনৰপৰা আধা মাইলমান দূৰত Bedfordshire আৰম্ভ হয়; ব’লা, সেইখিনি ঠাইলৈ যাওঁ।” মই ক’লোঁ, “ব’লক”। মোৰ বৰ ৰং, একেদিনতে দুটা কাউণ্টি (County) ফুৰিবলৈ পাম। সেই ঠাইডোখৰ ভালকৈ ফুৰি হান্টিংডনমুৱা হ’লোঁ। অলপ গৈ থাকোঁতেই বৰষুণ আৰু ধুমুহাই লগ পালে। এই ৯ মাইল বাট অতিক্ৰম কৰাৰ কথা আৰু কেতিয়াও নেপাহৰোঁ। প্ৰথম ঘণ্টা ৬ মাইলকৈ ঘণ্টাত বেগ দিছিলোঁ। মাজে মাজে লৰিছিলোঁও, ভাগৰ লাগিলে আকৌ খোজ কাঢ়িছিলোঁ। “Borooah, we are walking like Trojans” বুলি মোক মিঃ ৰড্ৱেলে উৎসাহ দিছিল। সেইডোখৰ বাট একেবাৰে অন্ত নহয় যেন পালোঁ। পাছত কোনোমত প্ৰকাৰে ঘৰ পালোঁগৈ। গৈয়েই কিবা অলপ খাই, বিচনাত পৰিলোঁগৈ। ভৰিৰ কি বিষ! তাৰ পাছদিনাও বোধকৰোঁ বিচনাৰপৰা বহুত পৰ উঠা নাছিলোঁ।বৰষুণত তিতাৰ নিমিত্তে পানীও লাগিছিল। দৰব-পাতি মিঃ ৰড্ৱেলে দিছিল। সেই ৯ মাইল বাট খোজকাটি আহিও মিঃ ৰড্ৱেল ৰাতি টোপনি খতি কৰি মাছ মাৰিবলৈ গ'ল। মাছমৰা বিদ্যাৰ কি শক্তি !
পুৱা যাবৰ সময়ত ৰেলেৰে গৈছিলোঁ। ইমান দূৰ খোজকঢ়া মোৰ এয়ে প্ৰথম; আৰু কি বেগ দিছিলোঁ—“I have walked at the rate of six miles an hour” এই কথা অহঙ্কাৰ কৰি কিমান দিন যে কৈছিলোঁ! এবাৰ দেউতা আৰু ডাঙৰ ককাইদেউ