পৃষ্ঠা:বিলাতৰ চিঠি.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
বিলাতৰ চিঠি

ন্যায্য স্থান অধিকাৰ যাতে কৰে, সেই বিষয়ে আমাৰ চকু ৰখা উচিত। বৰকাপোৰ লৈ। জুইৰ ওচৰত বহি গপ মাৰিলে নচলে। কাম কৰিব লাগে। বহি থাকিলে কাম নচলে। এই বিষয়ে আমাৰ ডেকা-বুঢ়া আটাইয়ে চোৱা উচিত। আমাৰ অসমত ৰণ্‌জিৰ দৰে দেশৰ মুখ উজলাবলৈ মানুহ লাগে।

  ইংৰাজী স্কুলত ‘Sports’ৰ (ক্ৰীকেট, ফুটবল, দৌৰা-দৌৰী ইত্যাদি) বৰ প্ৰাদুৰ্ভাৱ। এদিন হয়তো বতৰ ভাল হ’লহেডমাষ্টৰে সেইদিনা ছুটী দিয়ে খেলিবৰ নিমিত্তে ছুটী। আমাৰ স্কুলত Summer term ত এনে ছুটী বহুতো পাইছিলোঁ। এইবোৰ কাৰণতে ইংলণ্ডীয় ল’ৰা প্ৰায় সবল-সুস্থ শৰীৰৰ হয়। এই খেলৰ সময়ত মাষ্টৰ-ছাতৰ বন্ধুভাব, আৰু স্কুলঘৰত আকৌ যেনে শিক্ষক-ছাতৰৰ সম্বন্ধ হোৱা উচিত তেনে ভাব। দুখৰ বিষয়, আমাৰ দেশৰ শিক্ষকে ল’ৰাৰে সৈতে খেলক ছাৰি ভালকৈ কথাকে নকয়, গম্ভীৰ মূৰ্ত্তি ধাৰণ কৰে। শিক্ষক আৰু ছাত্ৰৰ এই সুহৃদ ভাব আমাৰ দেশত লাগে। এই সুহৃদ ভাব থাকিলে শিক্ষকে আমাৰ ল'ৰাৰ লগত খেল খেলিব পাৰে, আৰু সেইৰূপে শিক্ষকৰ শৰীৰো সবল-সুস্থ হ'ব, ছাত্ৰৰ শৰীৰতো হ’বই। আমাৰ শিক্ষকে যেন বাঁহৰ চেকনি এৰি তেওঁৰ ছাত্ৰক বন্ধুভাৱে দেখি শিক্ষা দিয়ে, তেওঁৰ ওচৰত আমাৰ খাটনি।।

  আৰু এটা কথা, এই সংসাৰৰ ক্ষেত্ৰত সবল-সুস্থ শৰীৰ নহ'লে কি পুৰুষ কি তিৰুতা তেওঁৰ জীয়াই থকাই বিড়ম্বনা। নিজৰশৰীৰ যাতে সুস্থ থাকে, সেইখিনি আমাৰ ল'ৰাবোৰে আৰু অভিভাৱকসকলে চকু ৰখা উচিত। লেটিনত ক’বলৈ গ'লে আমাক “Mens sana in corpore sano” লাগে — অৰ্থাৎ Healthy mind in healthy body লাগে। সবল-সুস্থ মনৰ লগত সবল-সুস্থ শৰীৰো লাগে। আমাৰ দেশৰ বিদ্বান মানুহসকলক অজীৰ্ণ আদি পেটৰ বেমাৰৰপৰা কষ্ট পোৱা দেখা যায়; তাৰ কাৰণ — তেওঁলোকে মনৰ শক্তিক যেনেৰূপে সঞ্চালন কৰে, শৰীৰক সেইৰূপে সঞ্চালন নকৰে


(৪)

  গ’লবাৰ “Mens sana in corpore sano” যে আমাৰ দৰ্কাৰ, সেই বিষয়ে লেখিছিলোঁ। সঁচাকৈয়ে ভাৰতবৰ্ষীয় বিদ্বান মানুহৰ শৰীৰৰ অৱস্থা দেখিলে মনত বৰ কষ্ট হয়। কেৱল যে লেখা-পঢ়া কৰিলেই আমাৰ কৰ্ত্তব্য কৰা হ’ল, এনে নহয়। লেখা- পঢ়া কৰি বি. এ., এম. এ. প্ৰভৃতি ডাঙৰ ডাঙৰ পৰীক্ষা পাছ কৰা আমাৰ কৰ্ত্তব্যৰ এফালহে মাথোন। কৰুণাময় ঈশ্বৰে আমাক এই শৰীৰ দিছে; এইশৰীৰক যদি অৱহেলা কৰোঁ, শৰীৰক নানান অত্যাচাৰ কৰি যদি কষ্ট দিওঁ, তেনেহলে তেওঁক অপমান কৰা। হয়। শৰীৰক আমি কিমান অযত্ন কৰোঁ! পাঠকসকলে যদি এবাৰ এই বিষয়ে ভাবে, তেনেহ'লে তেওঁলোকে দেখিব যে আমি যি কৈছোঁ সি মিছা নহয়। মনৰ উন্নতিৰ লগে