পৃষ্ঠা:বিলাতৰ চিঠি.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিলাতৰ চিঠি

  ব্ৰাইটন লণ্ডনৰ পৰা ৫০ মাইল দূৰ।ইয়াক Queen of seaside resorts বুলি কোৱা হয়। লণ্ডনৰ ওচৰত এই ঠায়েই সমুদ্ৰতীৰৰ ঠাইৰ ভিতৰত প্ৰধান। বৃটেন দ্বীপৰ সমুদ্ৰতীৰৰ ঠাইৰ অন্ত নাই। তাৰ ভিতৰত নামজ্বলা ঠাই বহুতো। এই নামজ্বলা ঠাইৰ ভিতৰত ব্ৰাইটনক কোনোৱে সৰ্ব্বপ্ৰধান ঠাই বোলে। কোনোৱে এই ঠাইৰ আকাৰ দেখি ইয়াক London by the sea বুলিও বিদ্ৰূপ কৰি কয়। মানুহে সমুদ্ৰতীৰলৈ যেতিয়া যায়, তেতিয়া “ফ্যাচ্যন”ৰ ধাৰ সিমান নেখায়, অৰ্থাৎ কাপোৰৰ পিনে তেওঁ সিমান চকু নেৰাখে কিন্তু ব্ৰাইটনত এনে নহয়। লণ্ডনত যেনে পৰিপাটিৰূপে কাপোৰ-কানি পিন্ধিব লাগে, ব্ৰাইটনতো তেনেকৈ মানুহে পিন্ধে। লণ্ডনলৈ যি মানুহ আহে,ব্ৰাইটনলৈ অন্ততঃ এদিনৰ বাবে তেওঁ যোৱা উচিত।

  ইয়াত ৰেল গাড়ীত অহা-যোৱাৰ বৰ সুবিধা। এনে সুবিধা যে মানুহে ব্ৰাইটনৰপৰাও লণ্ডনলৈ আহি অফিচ কৰি দিনৌ উভতি যাব পাৰে। কোনো কোনোৱে এনে কৰেও। বৰ দ্ৰুত ট্ৰেন হলে এঘণ্টাতে ব্ৰাইটনৰপৰা লণ্ডন কি লণ্ডনৰপৰা ব্ৰাইটনলৈ আহিব। পাৰি। ইয়াত ভাল মানুহেও তৃতীয় শ্ৰেণীৰ গাড়ীত উঠে। তৃতীয় শ্ৰেণীত নুঠাটোৱেহে বিৰল। অৱশ্যে বৰ ডাঙৰ মানুহ, বৰ ধনী মানুহসকলে প্ৰথম শ্ৰেণীত উঠে আৰু ফোঁপ-যহী মানুহো উঠে। সাধাৰণতঃ কিন্তু তৃতীয় শ্ৰেণীতহে মানুহ উঠে৷ অৱশ্যে আমাৰ দেশৰ তৃতীয় শ্ৰেণী আৰু ইয়াৰ তৃতীয় শ্ৰেণীৰ অৱস্থা বহুতো বেলেগ। এই কাৰণেই তৃতীয় শ্ৰেণীত বিনাকষ্টে ভ্ৰমণ কৰিব পৰা যায়। আৰু এটা কথা, দেশখনেই বা কিমান ডাঙৰ! ৰেলত বিচনা পাতি শোৱাৰতো সিমান দৰ্কাৰ নাই। আমাৰ দেশত কলিকতাৰপৰা বম্বে, কি কলিকতাৰপৰা পুৰী, কি টুটিকোৰিন কিমান দূৰৰ বাট! পানী। ল, বিচনা ল, পেৰা ল, হেৰ’ অমুকাৰাম, ধোঁৱাখোৱাটো ল’বলৈ নেপাহৰিবি ইত্যাদি। ইয়াত সেইবোৰৰ সিমান আসোঁৱাহ নাই। যলৈকে আপুনি যাব, আপুনি বিচনা-পাটী, গামোচা ইত্যাদি পাব। সেইদেখিয়েই ইয়াৰপৰা মানুহ গলে বম্বেত “তোৱালিয়া”কিনা, গাৰু কিনাৰ ধুম পৰি যায়। জাৰকালি হলে ৰেলগাড়ীত এখন “ৰগ” লৈ ফুৰা ভাল। দীঘলীয়া বাট হলে যেনে ভাবক এডিনবৰাৰপৰা লণ্ডনলৈ ৰগ, গাৰু কেৰেয়াকৈ ল’বলৈ পায়। তৃতীয় শ্ৰেণীত ভালকৈ আৰামেৰে শুই টোপনিয়াব নোৱাৰি; চলি- বহিয়েই সেইকাম সম্পন্ন কৰিব লাগে। প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণীতে তথৈবচ বুলিলেই হয়।

  সি বাৰু যি হওক, আমি ব্ৰাইটনৰ কথাকে অলপ আৰু কৈ এইবাৰৰ লেখা সামৰোঁ। ব্ৰাইটনক চতুৰ্থজৰ্জে ‘ফ্যাচ্যনেবোল’কৰে। চতুৰ্থ জৰ্জ যেতিয়া প্ৰিন্স অব ৱেল্‌চ আছিল, তেতিয়া তেওঁ সেইখিনি সময়ৰ ‘ফ্যাচ্যন’ৰ ৰজা আছিল। তেওঁ সেই ঠাইত পূৰ্বদেশীয় ধৰণৰ এটা ৰাজপ্ৰাসাদ নিৰ্মাণ কৰাইছিল। তেতিয়াৰপৰা ব্ৰাইটন “ফ্যাচ্যনেবোল” হ’ল।