আমি হাত-ভৰি বান্ধি বহি থাকিমনে? সেইটো পুৰুষৰ কাম নহয়। গৱৰ্ণমেন্টে যেনেকৈ আমাক সাহায্য কৰে, আমিও গৱৰ্ণমেণ্টক সাহায্য কৰা উচিত। আপুনি কিজানি সুধিব, এই সাহায্য কেনেকৈ কৰিম, কোৱাঁ। মই উত্তৰ দিম— শিক্ষাৰে।
পৰীক্ষা পাছ কৰিলে শিক্ষা নহয়। মনৰ শিক্ষা। মনৰ শিক্ষা বিশ্ববিদ্যালয় কি স্কুল- কলেজৰ পৰীক্ষা পাছ কৰিলে যে নহয়, আমি সেই কথা কোৱা নাই। স্কুল, কলেজ, বিশ্ববিদ্যালয় মনৰ উন্নতিৰ প্ৰধান সহায়; কিন্তু এই প্ৰধান সহায়ৰ বিনা সাহায্যতো মনৰ উন্নতি হ’ব পাৰে, যদিও সি টান কথা। ঘৰতে বহিও মনৰ উন্নতি কৰা যায়। তাতকৈও, বিশ্ববিদ্যালয়ৰ পৰীক্ষা পাছ কৰি কৰাতকৈও মনৰ উন্নতি হয় ভ্ৰমণৰ পৰা। বৃটিছ জাতিৰপৰা আমাৰ বহুতো শিকিবৰ আছে। এওঁলোকে যদি ইংলণ্ড, স্কটলণ্ড, আয়াৰলণ্ডত থাকি মাটিত তেওঁলোকৰ ধন-সম্পত্তি পুতি থৈ ঘৰতে বহি থাকিলহেঁতেন, আজি বৃটিছ জাতিৰ নাম ইমান ডাঙৰ, ইমান শক্তিশালী হ’লহেঁতেন নে? আপোনাৰ 'সৰুতকৈও সৰু’ পঢ়োঁতা বাপাটি-আইটিহঁতেক’ব, “কেতিয়াও নহয়—তেনে হোৱাহেঁতেন বৃটিছহঁত কেতিয়াও ভাৰতবৰ্ষলৈ আহিব নোৱাৰিলেহেঁতেন। আমি সিহঁতৰ নাম শুনিবলৈ নেপালোঁহেঁতেন”, দেশত বহি, ঘৰৰ বুলনিত কি বৰঘৰত কি চ’ৰাঘৰত বহি গপ কৰি কোনো জাতিয়েই পৃথিৱীত কোনো সময়ত প্ৰধান স্থান কি শিক্ষাত কি বলত কি বীৰ্য্যত অধিকাৰ কৰিব পৰা নাই।
আমাৰ দেশৰ যাৰ টকা আছে তেওঁলোকে দেশ ভ্ৰমণ কৰি আন দেশত যি শিকিবলগীয়া আছে, সেইবোৰ শিকি দেশৰ বাণিজ্য, দেশৰ শিল্পৰ উন্নতি নকৰে কিয়? আমাৰনো আৰু কি আছে, সেই এডৰা মাটিত ধান ৰুই “কোনোমত প্ৰকাৰে পেটত চাউল-সিজোৱা কেটামান পৰিলেই হয়।” এনেবোৰ কথা কোৱা মানুহ যি দেশত সৰহ, সেই দেশৰ উন্নতি এতিয়াও বহু দূৰৈত। আৰু এজনে হয়তো ক’ব, “ক'ত লেতেৰাহঁতে ৰান্ধি দিয়া ভাত বিদেশত খামগৈ, আমাৰ যি আছে, সেয়ে ভাল।” আশা কৰোঁ এনেবোৰ কথা কোৱা মানুহ আমাৰ আসামত এতিয়া তাকৰ।
দেশভ্ৰমণ শিক্ষাৰ প্ৰধান উপায়। ভাৰতবৰ্ষলৈ কত দিনৰপৰা বিদেশী পৰিব্ৰাজক আহিবলৈ আৰম্ভ কৰিছিল। মেগাস্থনীচ, হাওয়েনশ্বাং, মোগলসকলৰ সময়ত বাৰ্নিয়েৰ, টেভাৰ্নীয়েৰ আৰু কত নাম কম? সেই দূৰ সময়ত ভ্ৰমণৰ কত, অসুবিধা আছিল, তথাপি অসুবিধা, বাধা-বিঘিনি অতিক্ৰম কৰি সুদূৰ য়ুৰোপ আৰু চীন দেশৰপৰা এইবোৰ পৰিব্ৰাজক ভাৰতলৈ গৈছিল। আমি এই বিংশতি শতাব্দীৰ সুবিধা পায়ো যদি আমাৰ গাঁৱত, আমাৰ মহকুমাত, আমাৰ জিলাত পৰি থাকোঁ, তেনেহ'লে ই যদি পাপ নহয়, পাপনো আৰু কাক বোলে?
ভাৰতৰ নানান ঠাইৰপৰা অহা মানুহ আমি ইংলণ্ডত দেখিছোঁ, কিন্তু আসামৰ মানুহেই