পৃষ্ঠা:বিলাতৰ চিঠি.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫
বিলাতৰ চিঠি

আৰু এদিন আমি কেউজনে Torquary (টৰ্কী) - লৈ জাহাজেৰে গৈছিলোঁ। সেইদিনা ১৮৯৬ চনৰ ৩ ছেপ্টেম্বৰ। ঠিক এবছৰ আগেয়ে কলিকতা এৰিছিলোঁ। নগৰখন ঘূৰি চালোঁ। পেইণ্টনৰপৰা ৫/৬ মাইলমান দূৰ। এইখিনিতে William of Cevange, William II হ’বৰ নিমিত্তে হলেণ্ডৰপৰা আহি জাহাজৰপৰা নামে। এইডোখৰ সমুদ্ৰৰ নাম Torbay।(তাৰ পাছত বহুত বাৰ পেইণ্টনৰপৰা টৰ্কীলৈ গৈছোঁ।) আমি আটায়ে নিজৰ খৰচ দিছিলোঁ। তাৰ পাছত Major Sinha-ই এটা ৰেষ্টৰঁত (Restaurant) আমাক চাহ খুৱালে।

 দুদিন কি এদিন পাছত ‘পিক্‌নিক্‌’ (Black-berrying) কৰিবলৈ এমাইল কি দুমাইলমান গৈ এখন পথাৰত ‘Black-berrying' গছৰপৰা তুলিছিলোঁ৷ লগত চাহৰ বন্দৱস্তই আছিল। মিচেলমোৰ পৰিয়ালৰ ছোৱালীবোৰ আৰু তেওঁলোকৰ চিনা-জনা আৰু দুই-তিনিটামান ল'ৰা-ছোৱালী গৈছিল। সেই দিনাও কি আনন্দ। এজনে সাঁথৰ (Riddle, Conundrum) সোধে, আন জনে উত্তৰ দিয়ে; কোনোৱে বা দৌৰাদৌৰি কৰে; কোনোৱে গপ্ পাতে; কোনোৱে আকৌ মনৰ সুখতে, মনৰ ৰহতে এনেয়ে হাঁহে। আনন্দৰ নিজৰা! ল’ৰাকাল সঁচাকৈয়ে কি সুন্দৰ!!

 মই স্কুলত দুবাৰ-এবাৰ বাইস্‌কিলত উঠিবলৈ চেষ্টা কৰিছিলোঁ। মিচ্ ম্যানিঙে মোক মৰম কৰি এখন বাইস্‌কিল (Bicycle) উপহাৰ দিছিল। তাৰ পাছত খুব উঠিছিলোঁ। পেইন্টনতে চাবলৈ গ'লে বাইস্‌কিল (Bicycle) উঠাৰ হাতত ফলি ল'লোঁ। মিঃ ভাভাই শিকাইছিল। তাৰ পাছত অকাই-পকাই যোৱাৰ ষ্টেজ’ পাবৰ হওতে ভাভাই ক'লে যে মই এতিয়া বাইস্‌কিলত উঠিব পৰা হ'লোঁ। কিন্তু মোৰ মনে আনৰকম কৈছিল; পাছত এদিন আবেলি ঠিক হ’ল যে মি মিচেলমোৰ, ভাভা আৰু মই বাইস্‌কিলত উঠি ফুৰিবলৈ যাম। মোৰতো তাত এখন বাইস্‌কিল নাছিল, পাছত এখন কেৰেয়া কৰিলোঁ। সেই ঠাইডোখৰ অলপ up-hill আছিল, যেনে – গুৱাহাটীৰ শুক্ৰেশ্বৰৰ বাটখিনি। আপ- হিল উঠাটো টান। সেইদেখি দুই-তিনিবাৰ চেষ্টা কৰি বিফল মনোৰথ হ'লোঁ। ভাভাই ক'লে—এবাৰ এইখিনিতে উঠি ষ্টেশ্যনৰ ফাললৈ যোৱাৰ পাছত এবাৰ উঠিব পাৰিলে আৰু একো ভয় নাই। যিডোখৰৰপৰা মোক ভাভাই উঠিবলৈ ক'লে সেইডোখৰেই ওখ বাটৰ মূৰ; তাৰপৰা তললৈ যোৱা একো টান নহয় (down hill); উঠিলোঁ। উঠি পেডেলত (Pedal, বহুতে ইয়াক Paddle — প্যাডেল উচ্চাৰণ কৰে, সেইটো ভুল; কিন্তু যদি কাৰোবাক ভুল শুধৰাবলৈ যাওঁ, নুবুজে, ভাবে —মই ধেমালিহে কৰিছোঁ। “Paddle - হে শুধ, Pedal ভুল—আপুনি আমাক ভুল শিকাইছে!!!) ভৰি দিওঁতেই গাড়ী আৰু ৰখাব নোৱাৰা হ'লোঁ। গাড়ী উৰি গ'ল। ভাভাই বাটত থিয় দি চাই আছিল আৰু চিঞৰি বহুতবাৰ কৈছিল, “Jam the brake”—“জেম দি ব্ৰেক!”মই ব্ৰেক ক'ত