পৃষ্ঠা:বিলাতৰ চিঠি.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
বিলাতৰ চিঠি

চালেই চিন্তাশীল পাঠকে জানিব পাৰিব। এই খালে বাণিজ্যৰ চলাচল সুচল কৰিছে। এই বিষয়ে লাহে লাহে ক’বলৈ আশা কৰিলোঁ।


(৯)

  চুয়েজখাল এঞ্জিনীয়েৰিং বিদ্যাৰ এটি সৰ্ব্বপ্ৰধান চিন। এই খাল হোৱাৰ পূৰ্ব্বে বিলাতলৈ যোৱা যাত্ৰীসকলে চুয়েজত নামি ৰেলত উঠিব লাগিছিল। আজিকালি চুয়েজখাল হোৱাত সেই অসুবিধা ভোগ কৰিব নেলাগে। ইচ্ছা কৰিলে কলিকতাতে উঠি একেখন জাহাজতে গৈ লণ্ডন পাব পাৰি। এই খাল দীঘলে ১০২ মাইলতকৈ অলপ বেছি। কাৰ্চিকা দ্বীপত উপজি ফ্ৰান্স প্ৰদেশৰ অধীশ্বৰ হোৱা আৰু য়ুৰোপৰ বেছিভাগ ঠাইক নিজৰ দখললৈ অনা যোদ্ধা নেপোলিয়ন বোনাপাৰ্ট মহাবীৰৰ মনত এই দুইখন সমুদ্ৰ Red Sea আৰু Mediterranean সমুদ্ৰক এটি খালেৰে একেলগ কৰিবৰ কথা প্ৰথমে উদয় হয়। ১৮৫৪ চনত ফাৰ্ডিনেণ্ড ডি লেচেপে মিচৰ দেশৰ ৰাজপ্ৰতিনিধি চেড্‌ পাচাৰপৰা এটি খাল প্ৰস্তুত কৰিবলৈ অনুমতি পায়। তাৰ পাছত পাঁচ বছৰ কাম আৰম্ভ হোৱা নাছিল। ১৮৫৯ চনত কাম আৰম্ভ কৰি ১৮৬৯ চনত দুয়ো খন সমুদ্ৰক একেলগ কৰা হ’ল। আমি ১৯০৭ চনত খালেদি যোৱা জাহাজৰ লেখ ৪২৭২ বুলি কিতাপত পাইছোঁ। এই জাহাজৰ সৰহভাগেই আমাৰ। আমাৰ বোলাত বৃটিছকে কৈছোঁ। আমাৰ যি বৃটিছৰ সি, বৃটিছৰ যি আমাৰ সি।

  এই খাল যি ঠাইত কটা হৈছে, সেই ঠাইত মাজে মাজে পাঁচ-ছটি হ্ৰদ আছে। এই হ্ৰদ আগেয়েই আছিল। আমাৰ মনেৰে এই হ্ৰদ থকাৰ গুণে খাল খন্দা কাম সুচল হৈছিল। সুচল হৈছিল বুলিও দহ বছৰ লাগিছিল। কাম কৰা মানুহবিলাকৰ কি ধৈৰ্য্য গুণ!

  বাইবেলৰ সময়ত এই দেশ - মিচৰ আৰু আৰব দেশ বিখ্যাত আছিল। কিম্বদন্তি আছে যে ইজৰেলাইটসকলে এতিয়া খাল খন্দা বাটেৰেই মৰুভূমি পাৰ হৈ গৈছিল। সেইডোখৰ কিনটাৰ, আৰু এইখিনিতে উটেদি যোৱা বাট আছিল।

  এই খালেদি যাওঁতে ইচ্‌মেলিয়া চহৰ দেখা যায়। চহৰৰপৰা কিছুদূৰৈত জাহাজ ৰয়। তাত নাৱেদি মানুহে মিঠৈ, পোৱালমণি ইত্যাদি বেচিবলৈ আহে ইমেলিয়াত মানুহ নেনামে। কিন্তু ইয়াত ৰেল ষ্টেশ্যন আছে। কাইৰোলৈ ইয়াৰপৰা যাব পাৰি।

  পোৰ্ট চৈয়দত ৰাজপ্ৰতিনিধি চেড্‌ পাচাৰ নামেৰেই এই চহৰৰ নামাকৰণ হয়। আমি প্ৰথমবাৰ ইয়াত নমা নাছিলোঁ। আমি সন্ধ্যাবেলিকা পাইছিলোঁগৈ। অচিনাকি ঠাই দেখি নমা নাছিলোঁ। আমি ভালেই কৰিছিলোঁ। পোৰ্ট চৈয়দ পৃথিৱীৰ তিনিখন বৃহৎ ভূমিখণ্ডৰ সঙ্গমস্থল। পৃথিৱীৰ নানান পিনৰ অপ্ৰয়োজনীয়, দলিয়াই পেলোৱা মানুহে তাত বহা লয়হি৷ সেইদেখি দুষ্ট বদমাচৰ আড্ডাত আমি সন্ধ্যাবেলিকা নেনামি ভালেই কৰিছিলোঁ।