পৃষ্ঠা:বিলাতৰ চিঠি.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২
বিলাতৰ চিঠি

ত accent দি Atlas-খন খুজিছিল। মানুহজনীয়ে (বিলাতত তিৰুতা মানুহেও বস্তু বেচে) দুই-তিনিবাৰ কোৱাতো বুজি নেপালে। পাছত Map বুলি কোৱাতহে বুজি পালে আৰু ক'লে, “অ’ আপোনাক Atlas লাগে?” (প্ৰথম Syllable ত accent দি।) আৰু এজন দক্ষিণ দেশৰ মানুহে এটি ৰেষ্টঁৰ (Restaurant)-ত খাবলৈ যোৱাত এখন তপত কৰি থোৱা থাল খুজিছিল। সেই দেশৰ মানুহে (কোনো কোনোৱে) মাদ্ৰাচী accent দি ইংৰাজীতে কথা কয়। তেওঁ ক'লে,“Waiter, bring me a hottopilate” (Hot plate) পাছত ৱেইটাৰ ককায়ে বুজাত টান পালে। এজনে বুজাই দিয়াতহে গৰম থাল এখন আনি দিলে। আৰু এজন মানুহে এদিন Calthorpe Street বুলি এটা বাটলৈ যাবৰ মন কৰি এখন হ্যান্সম্ ক্যাব লয়। গাৰোৱানক কোৱাত সি বুজ নেপালে। পাছত মোক ক'লে, “আৰে ভায়া,বত্‌লা দেও।” ডিক্সনেৰী চাই accent শিকাতকৈ ইংৰাজে কেনেকৈ কথা কয় তাক চাই শিকিলে উজুকৈ শিকা যায়। অৱশ্যে এটা কথা কওঁ— মানুহে কোনো বিদেশী ভাষা সহজে শিকিব নোৱাৰে আৰু শিকিলেও আমাৰ যিবোৰ Provin- cialism আছে সেইবোৰ সহজে নেযায়। আৰু য়ুৰোপীয়সকলেও আমাৰ ভাষা কোৱাত সেই সেই দেশৰ Provincialism ওলাই যায়। যিমান দূৰ পৰা যায় যি ভাষা কোৱা যায়, —আমাৰ মাতৃভাষাতেই হওক কি আন কোনো ভাষাই হওক, — শুদ্ধকৈ ক’বলৈ চেষ্টা কৰা ভাল। আমাৰ দেশৰ মানুহে বঙলা ক'লে যেনেকৈ আচৰিত আচৰিত মাত মাতে, তেনেকৈ বঙ্গদেশৰ মানুহেও অসমীয়া ক’লে আচৰিত আচৰিত মাত মাতে। উদাহৰণৰ একো দৰ্কাৰ নাই।

 Swindon-ৰপৰা ৰেল গৈ ব্ৰিষ্টলত ৰ'লগৈ। এই ব্ৰিষ্টলত ভাৰতৰ এজন মহাপুৰুষে ২৭ চেপ্তেম্বৰ তাৰিখে আজি ৮৪ বছৰ আগেয়ে দেহত্যাগ কৰে। তেওঁৰ নাম ৰাজা ৰামমোহন ৰায়। ভাৰতলৈ নতুন ভাব এই মহাপুৰুষে আনে। এই নতুন ভাব আমাৰ পুৰণা শাস্ত্ৰৰপৰাই তেওঁ মানুহৰ আগত দাঙি ধৰে। তেওঁ যি কথা কৈছিল, আমাৰ শাস্ত্ৰতে সেইসকল কথা আছিল; কিন্তু মহাপুৰুষ, পথপ্ৰদৰ্শক নহলে কোনো কথা ভালমতেৰে বোধগম্য নহয়। তেওঁৰ মৈদাম ব্ৰিষ্টলৰ Arnos Vale Cemetory. স্বৰ্গীয় দ্বাৰকানাথ ঠাকুৰে (এৱোঁ ইংলণ্ডত দেহত্যাগ কৰে) এই মৈদামৰ সংস্কাৰ কৰায়। মই মৈদাম চাবলৈ ১৯০০ চনত গৈছিলোঁ। এইবাৰ যোৱা নাই।।

 তাৰ পাছত Exeter (এটাৰ অথবা এক্‌চিটাৰ)। ইয়াত এটা বৰ ডাঙৰ গিৰ্জ্জা ৷ আছে। ডেচনশ্যায়াৰ প্ৰধান চহৰ। গৈ গৈ Dawlish বুলি এখন ঠাই পালোঁ। এই ঠাইখন সমুদ্ৰৰ দাঁতিত। ষ্টেশ্যনৰপৰা সমুদ্ৰ দেখা যায়। জাহাজ এৰি লণ্ডন পোৱাৰ পাছত এই প্ৰথম সমুদ্ৰ দেখিলোঁ। আবেলি এই Dawlish ষ্টেশ্যনত সূৰ্য্য ৰশ্মি পৰি ষ্টেশ্যন দেখিবলৈ ভাল লাগিছিল। আকৌ তাৰ ওচৰতে সমুদ্ৰৰ পানীয়ে জক্‌মক্‌ কৰি মন শীতল কৰি