আজিকালি এই প্ৰাসাদ ছ পেনি দি সোমাই চাব পাৰি; আৰু ইয়াত সপ্তাহত কোনো কোনো দিন ব্যাণ্ড বাজে। এই প্ৰাসাদৰ নাম Pavilion. ইয়াৰ Architecture একেবাৰে আমাৰ দেশী; অৰ্থাৎ তাৰ ওপৰত ডোমবোৰ (dome) ঠিক মছজিদৰ ডোমৰ দৰে। আৰু এই প্ৰাসাদ যে Oriental ধৰণৰ, তাৰ আন চিনো আছে। ব্ৰাইটনলৈ গ'লে এবাৰ অন্ততঃ এই Pavilion ৰ ভিতৰৰ চাৰিউ ফালে ভূমুকি মাৰি অহা উচিত।
আৰু এটি কথা। ইংলণ্ডৰ ডাঙৰ ডাঙৰ মানুহৰ (আমাৰ দেশৰো আজি কালি তথৈবচ) প্ৰায়ে বাতৰ বেমাৰ আছে; তেতিয়াও আছিল। ব্ৰাইটনত সেইখিনি সময়ত এজন ভাৰতবৰ্ষীয় মুছলমান আছিল। তেওঁ ৰোগীৰ গা পিটিকি নৰিয়া ভাল কৰিছিল। তেৱোঁ ব্ৰাইটনক ‘ফ্যাচ্যনবোল’ কৰাৰ এটি কাৰণ। আমি ভাৰতবৰ্ষীয়। সেইদেখি যেতিয়া আমি এই বিষয়ে জানিব পাৰিলোঁ, তেতিয়া আমাৰ বৰ আনন্দ হৈছিল। ভাৰতবৰ্ষৰপৰা মানুহ তেতিয়াও ইংলণ্ডলৈ আহিছিল, আজি-কালিতো আৰু অহা উচিত।
যি মানুহ ইংলণ্ডলৈ আহে তেওঁ কেৱল লণ্ডনতে বহি থকা অনুচিত, আন ঠায়ো চোৱা ভাল। ব্ৰাইটন ওচৰতে, সেইদেখি ব্ৰাইটনৰ কথা কেইষাৰমান কৈছোঁ। ইয়াৰ জলবায়ু ভাল। সেইদেখি এই ঠাইক বহুতে Dr. Brighton বুলিও মাতে।
সমুদ্ৰৰ তীৰডোখৰ বন্ধোৱা। তাত মানুহে অনবৰত খোজ কাঢ়িবই লাগিছে। ইয়াত দুখন Pier আছে, এখনৰ নাম West Pier আৰু আনখনৰ নাম Palace Pier। গঞ্জামৰ গোপালপুৰত এমাহমান আমি আছিলোঁ, আপুনি জানে। তাতো আমি ভগা হওক ছিগা হওক এখন পিয়েৰ দেখিছিলোঁ। আমাৰ অসমৰ মানুহে পিয়েৰ (Pier) কি বুজা অলপ টান পাব যেন পাওঁ। সমুদ্ৰতীৰৰপৰা দলঙৰ দৰে কাঠ আৰু লোৰে তৈয়াৰ কৰা এটি বস্তু — এই ধৰক হাওড়াৰ পুলৰ সমান দীঘল। অৱশ্যে সকলো পিয়েৰৰে দীঘ একে নহয়। কোনোখন ডাঙৰ। কোনোখন সৰু। এই Pier বোৰৰ মূৰত সমুদ্ৰৰ পানীৰ ওপৰত প্ৰায়ে এটা ঘৰ থাকে। সেই ঘৰটোক Pavilion বোলা হয়। এই পেভিলিয়নত গান-বাজনা, থিয়েটাৰ, কি আন ৰকম আমোদ-প্ৰমোদ হয়। Pier ত সোমাওঁতে পইচা দি সোমাব লাগে; অৰ্থাৎ ইংলণ্ডত সঁচাকৈয়ে উঠোঁতে বহোঁতে পইচা! সমুদ্ৰৰ তীৰৰ বন্ধোৱা বাটত ডেক মাচিয়া কি আন মাচিয়া সজোৱা আছে। তাত বহোঁতেও পইচা দি বহিব লাগে, বেঞ্চত পইচা দিব নেলাগে।
ব্ৰাইটনৰ লগালগি এখন ঠাই Hove. সিও ব্ৰাইটন, West Brighton বোলে। এই যেনে কলিকতা শ্যামবজাৰ, কি কলিকতা ভৱানীপুৰ। ব্ৰাইটনৰপৰা চাৰি মাইল দূৰত Rotting dene বুলি এখন ঠাই আছে। ইয়াত বিখ্যাত চিত্ৰকৰ বৰ্ণ জোন্চ, লেখক ৰডিয়াৰ্ড কিপলিঙৰ ঘৰ আছে। আচল ব্ৰাইটনতকৈ পশ্চিম ব্ৰাইটনত নিজান দেখি হোভ অথবা পশ্চিম ব্ৰাইটনত সৰহ মানুহ থাকিবলৈ চেষ্টা কৰে।