পৃষ্ঠা:বিলাতৰ চিঠি.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
‌‌‍বিলাতৰ চিঠি


ছাত্ৰ পাছ হয়। আমাৰ আসামৰ উকীল যদি কোনো হাইকোৰ্ট উকীল আছে, তেনেহ'লে। তেওঁ ব্যাৰিষ্টাৰী পৰীক্ষাৰ বিষয়ে চিন্তা কৰা উচিত জানিহে ইমানখিনি লেখিলোঁ।।

  মই জানো বহুতৰ বিলাতলৈ আহিবলৈ ইচ্ছা। বিলাত যেতিয়া দেখা নেযায়, তেতিয়া কিমান বিলাতৰ ছবি মনত হয়; বিলাত তেতিয়া স্বপ্নৰাজ্য। বিলাত কেৱল ৰোগ- শোক-তাপ নোহোৱা ঠাই হেন লাগে। কিন্তু বিলাতলৈ আহিলে স্বপ্নৰাজ্যৰপৰা বাস্তৱিক ৰাজ্যলৈ অহা যায়। তেতিয়া জনা যায় যে বিলাততো ভোক লাগে, বিলাততোনৰিয়াপাটী আছে। মানুহৰ যিবোৰ কাৰ্য্য, বিলাতৰ মানুহেও সেইবোৰ কাৰ্য্য কৰে। আমি বহুত মানুহক এই স্বপ্নৰাজ্যলৈ টকা-কড়ি নোহোৱাকৈ অহা দেখিছোঁ। তেনে মানুহক আমি আহিবলৈ উৎসাহ কেতিয়াও নিদিওঁ। বিলাতলৈ টকা-কড়ি লৈ অহা উচিত। বিদেশত কত কষ্ট, কত বিপদ; বন্ধু বান্ধৱ নাই। সেইদেখি টকাক বন্ধু কৰি লৈ অহা উচিত। টকাৰ। সমান বন্ধু আমাৰ দেশতো নাই; বিলাতততো কথাই নাই। যদি কোনো ল’ৰা লেখা- পঢ়াত বৰ চোকা অথচ টকা-কড়ি নাই, তেনেহলে টকা পুতি থোৱা মানুহসকলে টকা। পুতি থোৱা এৰি তেনে ল'ৰাক বৃটেনলৈকে হওক, বা আমেৰিকালৈকে হওক, কি জাপানলৈকে হওক, কি য়ুৰোপৰ আন ঠাইলৈকে পঠোৱা উচিত। দেশৰ উপকাৰ কৰাৰ ই এটা প্ৰধান বাট।

 আজি আৰু ইমানতে এৰিলোঁ। যদি আপুনি ভাল পায় আৰু আপোনাৰ পঢ়োঁতা ডাঙৰীয়া-ডাঙৰীয়ানীসকলৰ আজ্ঞা হয়, ক্ৰমে বৃটেনৰ বিষয়ে লেখিবলৈ চেষ্টা কৰিম।।

(২)

 সম্পাদক ডাঙৰীয়া,

 গ’লবাৰত আমাৰ দেশৰ মানুহবিলাতলৈ অহা উচিত বুলি আপোনালৈ লেখিছিলোঁ। ‘বিলাত’বুলি কোৱাত আপুনি নেভাবিব যে মই অকল ইংলণ্ডকহে বুজাইছোঁ; য়ুৰোপৰ আন আন ঠাই আৰু আমেৰিকাকো বিলাত বুলি ভাবক। আন কি, জাপানলৈকো আমাৰ ল'ৰাবোৰ যোৱা উচিত। যি দেশত শিক্ষা পোৱা যায়, সেই দেশলৈকে যোৱা উচিত। দুখৰ বিষয়, আমেৰিকা আৰু জাপানৰ বাতৰি মই সমূলি দিব নোৱাৰোঁ। য়ুৰোপৰ ভিতৰত ইংলণ্ড আৰু স্কটলণ্ডৰ বাতৰিহে মই ভালকৈ দিব পাৰিম। ফ্ৰান্সৰ বাতৰিও অলপ-অচৰপ দিব পাৰিম। যদি সময় পাওঁ সেইবোৰ লাহে লাহে লেখি থাকিম। আপোনাৰ কাকতৰ নিমিত্তে লেখাটো সুখৰ কথা।

 গ’লবাৰত কৈছোঁ যে ৰূপবান নোহোৱাকৈ বিলাতলৈ আহিবলৈ মই কাকো উৎসাহ নিদিওঁ। ইয়ালৈ টকা-কড়ি নোহোৱা ভাৰতবৰ্ষীয় মানুহ আহি বৰ বিপন্নাৱস্থাত পৰা আমি দেখিছোঁ। ভাল মানুহৰ বহুতো ল'ৰাই ইয়ালৈ আহি কিমান যে সৰু কামত হাত