পৃষ্ঠা:বিলাতৰ চিঠি.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
বিলাতৰ চিঠি
 

lege-ৰ পাছত। এই কলেজটিত বহুতো টেনিচ কোৰ্ট। কলিকতাত যে আজিকালি অসমীয়া মেছখন শ্ৰীযুত লোহিত চন্দ্ৰ ভূঞাই পাতিছে, তাৰপৰা যেনে C.M.S. Col- lege ‘লন’ (Lawn) দেখিবলৈ পোৱা যায়, ঠিক সেই বাটৰপৰা Downing Col- lege-ৰ Lawn বোৰ তেনে দেখা গৈছিল। মাথোন এই কেম্ব্ৰিজৰ কলেজৰ Com- pound খন C.M.S. College Compund তকৈ বহুত ডাঙৰ। এইবোৰ আশাকৰোঁ আপোনাৰ পাঠকবৰ্গে অপ্ৰাসঙ্গিক (irrelevant) বুলি নেভাবিব।

 সেইবাৰ কেম্ব্ৰিজত পোন্ধৰ কি কুৰি দিনমান আছিলোঁ। মই যোৱাৰ দুদিনমানৰ পাছত মিঃ সেন লণ্ডনলৈ গ’ল আৰু মই অকলৈ এটা খোঁটালী (শোৱা) আৰু বহা খোঁটালী (লগালগি) পাই মহাসুখে সেইকেটা জহৰ দিন কেম্ব্ৰিজত কটালোঁ।

(২২)

 সেই কেম্ব্ৰিজত দুজন স্বনামখ্যাত পুৰুষেৰে সৈতে দেখা হৈছিল। এজন ভাৰতৰ গৌৰৱ, আমাৰ প্ৰথম চিনিয়ৰ ৰেংলাৰ (Senior Wrangler) মিষ্টাৰ পাৰঞ্জপে (Mr. Paranjpe)। তেওঁৰে সৈতে St.john's College-ত আমাৰ বিজনীৰ কিছুকালৰ দেৱান ব্যাৰিষ্টাৰ ৰমেশ সেনৰ ৰূমত দেখা হয়। মোৰ সহযাত্ৰী (প্ৰথমবাৰৰ) মিঃ যোগেন পালে সেই কলেজত পঢ়িছিল। এতিয়া শুনিছোঁ যে মিঃ পাল আৰু ইহজগতত নাই৷ আগৈয়ে কৈছে, তেওঁ ইণ্ডিয়ান চিভিল চাৰ্ভিচ পৰীক্ষা পাছ হৈ যুক্ত প্ৰদেশত কাম কৰিছিল। পৃথিৱীৰ এই অনিবাৰ্য নিয়মৰ কোনে ব্যতিক্ৰম কৰিব? “এ ভবে কত এল কত গেল, কেবা সংখ্যা কৰে তাৰ; আবাৰ কত আসবে কত যাবে এ এক খেলা চমৎকাৰ।” এই খেলাৰ মৰ্ম্ম তেওঁ লীলাময়েহে জানে। “জন্মিলে মৰিতে হবে, অমৰ কে কোথা ভবে?” কালি এটা দুখৰ বাতৰি পালোঁ—কটকৰ ব্যাৰিষ্টাৰ মোৰ সম্পৰ্কীয় মিঃ সুকুমাৰ ৰায় পৰলোকলৈ গৈছে। এওঁৰে সৈতে মোৰ দ্বিতীয়বাৰ বিলাতযাত্ৰাত বিলাতত প্ৰথমবেলি দেখা হৈছিল। এওঁ স্বনামখ্যাত স্বৰ্গীয় ক্ষীৰোদচন্দ্ৰ ৰায়ৰ পুত্ৰ। এওঁ কেমাহমান এটা অতি টান বেমাৰত ভুগি ২০ মে’ তাৰিখে দেহত্যাগ কৰে। এওঁ বেমাৰত ভুগি যি ধৈৰ্য্য আৰু সাহসৰ পৰিচয় দিছে, সি অতি প্ৰশংসনীয়। এই নিমিত্তে তেওঁক স্মৰণ কৰি এই কেফাঁকি লেখিলোঁ। তেওঁৰ আত্মাৰ, ভগৱানে মঙ্গল কৰোক। পাৰাঞ্জপেৰে সৈতে সেই কলেজত গ্ৰাবু কি হুইষ্ট খেলিছিলোঁ। তেওঁক বেছ প্ৰফুল্ল দেখিছিলোঁ। বিদ্যাৰ সহচৰ প্ৰফুল্লতাও হ’ব পাৰে। বিদ্বান হ’লেই গম্ভীৰ হৈ নিজক বৰটো হেন ভাবি যে ওফন্দি থাকিবৰ দৰ্কাৰ নাই, সেইটো পাৰাঞ্জপে মহোদয়ৰ ব্যৱহাৰৰপৰাই জানিব পাৰি। আমাৰ অসমৰ বিদ্বানসকল তেওঁৰ দৰেনে?