পৃষ্ঠা:বিলাতৰ চিঠি.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
বিলাতৰ চিঠি


ভালকৈ জানে, তেওঁ এই পৰীক্ষাত পাচ হোৱাৰ বিশেষ আশা আছে। এজন পৰীক্ষাৰ্থীয়ে যদি মোক এই বিষয়ে উপদেশ সোধে, মই কওঁ, “প্ৰথমে এটা বিশ্ববিদ্যালয়ত ভৰ্ত্তি হোৱাঁ, তাৰ পাছত একেলগে একে সময়ত এটা লণ্ডনৰ ‘ইন্‌’ কিম্বা “টেম্পল”ত (Temple) ব্যাৰিষ্টাৰী পৰীক্ষাৰ নিমিত্তে ভৰ্ত্তি হোৱা উচিত। তাৰ পাছত চিভিল চাৰ্ভিচৰ নিমিত্তে ‘শেষ পালিচ’(Final polish) ৰেণৰ তাত লোৱাঁগৈ। চিভিল চাৰ্ভিচ পৰীক্ষাৰ্থী মাত্ৰেই এটা Inn কি Temple-ত ভৰ্ত্তি হোৱা উচিত; কিয়নো, বহুত ভাল ভাল ল’ৰায়ো চিভিল চাৰ্ভিচ পৰীক্ষা ফেইল হৈহে Inn কি Temple -ত ভৰ্ত্তি হয়। তেনেহ’লে বৰ সময় মিছায়ে নষ্ট হয়। তিনি-চাৰি বছৰৰ কাম পাঁচ-ছয় বছৰত হয়। যদিহে চিভিল চাৰ্ভিচ পৰীক্ষা পাচ হোৱা যায়, Well and Good, ভাল কথা। পাছত এবাৰ Furlough লৈ বাকীকেটা টাৰ্মৰাখি ব্যাৰিষ্টাৰী পাচ কৰিবলৈ যাব পাৰি। দুজন-এজনে ‘ইন’ত একেবাৰেই ভৰ্ত্তি নহয়, তেওঁলোক পাচ হ’লেতো কথাই নাই; কিন্তু চাৰ্ভিচ পৰীক্ষা ফেল হলে কি হ’ব? ইনত ভৰ্ত্তি নোহোৱাটো বৰ অদূৰদৰ্শিতাৰ পৰিচায়ক। খৰচ কেৱল আঢ়ৈ হেজাৰ টকা বেছি লাগিব। যি ল’ৰাই চাৰ্ভিচ পৰীক্ষা দিবলৈ যাব, তেওঁৰ পক্ষে আঢ়ৈ হেজাৰ টকা একো নহয়।

 মই আমাৰ ইয়াত এম-এ পঢ়া ল’ৰাবিলাককো বি-এল পঢ়িবলৈ কওঁ। এম-এৰ লগে লগে বি-এল পঢ়া একো টান নহয়। বহুতে কয়, ৰাতিপুৱাখিনি এনেয়ে যায়, কিন্তু ৰাতিপুৱা দুঘণ্টা বি-এল কলেজত লেকচাৰ এটেণ্ড (Lecture attend) কৰিও গোটেই দিনটো এম-এ পঢ়িবলৈ সময় দিব পাৰি, অথচ একেলগে ‘এম-এ, বি-এল’ হ’ব পাৰি। যদি তোমাৰ ইচ্ছা ওকালতি কৰাঁ, নহ'লে গৱৰ্ণমেণ্টৰ চাকৰি লোৱাঁ আৰু নহ’লে স্বাধীন ব্যৱসায়ী হোৱাঁ। এম-এ, বি-এল হ’লে কাম পোৱাৰো বেছি সম্ভাৱনা। কেনে সুবিধা চোৱাঁচোন, অথচ তুমি কোৱা এম-এ আৰু বি-এল একেলগে পঢ়িবলৈ টান পোৱা, কিয়নো ৰাতিপুৱাতে উঠি দুঘণ্টা ক্লাচ এটেণ্ড কৰিব লাগে। ই কথাৰ কথাই নহয়। তেনেকৈ পঢ়ি চোৱাচোন বাৰু। এই সংসাৰ কৰ্ম্মক্ষেত্ৰ, মহা কৰ্ম্মক্ষেত্ৰ। ডিমস্থেনিচক এদিন এজনে কেনেকৈ বক্তা হ’ব পাৰি তাক সোধাত, তেওঁ তিনিটা উপদেশ দিলে; প্ৰথম হৈছে action (কাম)। আকৌ মানুহজনে সুধিলে, দ্বিতীয় উপদেশ কি? - ডিমস্থেনিচে ক’লে action (কাম) আৰু তৃতীয় উপদেশো action (কাম)। এই সংসাৰো এক্‌শ্যন্‌ময়—inaction-ৰদ্বাৰাই অৰ্থাৎ কাম নকৰিলে কোনো কাৰ্য্য সম্পাদন নহয়।

 সেইবাৰ কেম্ব্ৰিজত পোন্ধৰ কুৰি দিন যে আছিলোঁ, বৰ আনন্দেৰে আছিলোঁ। এনে আনন্দ এতিয়া শিলত মূৰ খুন্দিয়ালেও নেপাওঁ। আজি Flower show, কালি pas- toral show, আকৌ এদিন কেম্ব্ৰিজৰ আৰু তাৰ ওচৰৰ বাটবোৰত ফুৰা। ঘৰত মুঠেই নাছিলোঁ, কেৱল খাবলৈ আৰু শুবলৈ গৈছিলোঁ। খোৱাটোও কেতিয়াবা কেতিয়াবা