পৃষ্ঠা:বিলাতৰ চিঠি.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
বিলাতৰ চিঠি

আজি কিবা মেলা হ’বলা, অথবা আজি কিবা চহৰত হ’ব যেন পাওঁ। কিন্তু মেলাও নহয়, অথবা বিশেষ একো ঘটনা কিম্বা কাণ্ডও নহয়; সেইটো সেই চহৰৰে ৰীতি, নিত্যনৈমিত্তিক কাম। Chancery Lane ৰ (ফ্লীট ষ্ট্ৰীটৰ ফালে জগদ্বিখ্যাত অমৰ বিজ্ঞ জন্সনৰ ফ্লীট ষ্ট্ৰীট) পৰা Charing Cross লৈ এমাইলো নহয়;—কিন্তু সেইদিনা গাড়ী- ঘোঁৰাৰ ইমান সংগ্ৰাম আৰু সঙ্গম যে মই এবাৰ ভাবিছিলোঁ, বোধকৰোঁ চেয়াৰিং ক্ৰচ আৰু ঠিক সময়ত নেপাওঁগৈ৷ বাচখন অলপ যায় আৰু ডাঙৰ-দীঘল-পুতল কনিষ্টবলৰ তৰ্জ্জনী আৰু হাতৰ ঘূৰণিত পদে পদে গাড়ীখন ৰৈ যায়। গাড়ী-ঘোঁৰা অহা যোৱাৰ (Traffic) বন্দৱস্ত লণ্ডনত কেনে হয়, সেই বিষয়ে অহাবাৰ ক'ম বুলি ভাবিছোঁ। কিন্তু যি হওক, ঠিক সময়ত গন্তব্য ঠাই পালোঁগৈ। লাজত নপৰিলোঁ।


(২০)

 লণ্ডনৰ পুলিচ আৰু ইয়াৰ পুলিচৰ বহুতো প্ৰভেদ। বাট-পথ চাবলগীয়া ঠাইৰ কথা, কোন বাটেদি গলে অমুক ঠাইলৈ অতি কম ধনতে, অতি অলপ সময়তে যাব পাৰি, ইত্যাদি কথা লণ্ডনৰ পুলিচম্যান অৰ্থাৎ কনিষ্টবলৰ কণ্ঠস্থ, মুখস্থ। যদি হাইগেটৰ (লণ্ডনৰ উত্তৰাংশ) পৰা ব্ৰিকষ্টনলৈ (Brikston দক্ষিণ-পশ্চিম লণ্ডন) যাব লাগে, আপুনি কেনেকৈ যাব লাগে, সেই বিষয়ে নেজানে, আপুনি বান্ধৱ পুলিচম্যানকে সোধক, তেতিয়াই আপোনাক আমাৰ ল'ৰাই জিয়গ্ৰাফী মুখস্থ কৰি পঢ়া দিয়াৰ দৰে বাট-পথৰ কথা, ৰেলেদি যোৱাই ভাল নে অম্‌নিবাচ কি ট্ৰেমগাড়ীতেই যোৱা ভাল সকলো কথা কৈ দিব। “When you are in doubt, ask a Policeman.” যেতিয়া আপোনাৰ সন্দেহ হ’ব, (মই বোধকৰোঁ যি কোনো বিষয়তে) আপুনি পুলিচম্যানক সোধক, সি আপোনাক সন্দেহৰ আন্ধাৰৰপৰা নিশ্চিতৰ পোহৰৰ বাটলৈ আনিব। সিহঁতৰ এই বিষয়ে পৰীক্ষা দিব লাগে। বাটৰ এফালৰপৰা বাটৰ সিফাললৈ আপুনি যাব খোজে; কিন্তু বাটত ইমান গাড়ী, ঘোঁৰা, মটৰ (মই যেতিয়া যাওঁ তেতিয়া মটৰ নাছিল) যে আপুনি তধা লাগি আছে, কেনেকৈনো সিপাৰে যাব! এটা ছেগ চাই লৰি যদি পুলিচম্যানৰ কাষ পায়গৈ, আপোনাৰ আৰু ভয় নাই, হয়তো আপোনৰ হাতত ধৰিয়ে হওক, কি গাড়ী ঘোঁৰাৰ সোঁত ৰাখিয়ে হওক, আপোনাক যি কোনোমতে সিপাৰ পোৱাবয়েগৈ, ই নিশ্চিত। আমি কেতিয়াও লণ্ডনৰ পুলিচম্যান এটি গাড়ীৰ তলত পৰি মৰা কিম্বা জখম হোৱা শুনা নাই, কিয়নো পুলিচম্যান হ’লগৈ “ট্ৰাফিক”ৰ (গাড়ী ঘোঁৰা চলাচলৰ গৰাকী;যাৰে