পৃষ্ঠা:বিলাতৰ চিঠি.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
বিলাতৰ চিঠি
 

হিলৰ তলত নামি, ওখ বাট খোজকাঢ়ি যাওঁতে প্ৰায় ১১ বাজি ১৫ মিনিট মান হৈ

গ’ল। দুই-তিনিবাৰ লাহে লাহে “নক্‌” কৰাৰ পাছত একো শৱদ নেপাই তাত শোৱাৰ আশা এৰি দিলোঁ। পাছত এতিয়া কি কৰোঁ? ভাবি চাওক লণ্ডন কিমান ডাঙৰ নগৰ, মোৰ বয়স মাথোন ষোল, তাতে আকৌ বিলাতত দহ-এঘাৰ মাহ মাথোনহে কেৱল বাস। মই বিষম সমস্যাত পৰিলোঁ। লাহে লাহে highgate-ৰ বাটেদি নামি আহিবলৈ ধৰিলোঁ। এৰাণ্ডেল হাউচ স্পীয়েৰচৰ পৰিয়ালৰ ঘৰ। ওচৰতে ডাকোৱাল এটাই ডাকবাকচৰপৰা চিঠি-পত্ৰ উলিওৱা দেখিবলৈ পালোঁ; যেনে পুলিচম্যান-ক্যাবম্যান, তেনে পোষ্টম্যানো। সিহঁতেও লণ্ডনৰ বাট-পথ ভালকৈ চিনি পায়। সেই ডাকোৱালটোক সকলো কথা ভালকৈ খোলোচা কৰি ক’লোঁ। সি মোক ক’লে, “ইমানৰাতি ভাল হোটেলবোৰ খোলা নেথাকে”—আৰু কি ক’লে মোৰ মনত নাই; কিন্তু এই কথা বেছ মনত আছে যে “আপুনি মোৰ লগে লগে যিমান দূৰলৈ মই যাওঁ আহিব পাৰে। চিঠিবোৰ ‘বিট’ৰ পৰা উলিয়াওঁতে একমান বাজিব। আপুনি মোৰ লগত সেইখিনি সময়লৈকে থাকিব পাৰে।” পাছত মানুহটিৰ লগত তেনেকৈ গ’লোঁ। যাওঁতে যাওঁতে তাৰো কাম শেষ হ’ল। ইতিমধ্যে দুটা পুলিচম্যানে বাটৰ মূৰত কথা কৈ থকা দেখিলোঁ। সিহঁতকো মোৰ দুৰ্দ্দশাৰ কথা ক’লোঁ। পুলিচম্যান দুটিয়ে ক’লে, “একো ভয় নাই স্যাৰ, আপুনি মুঠে কাৰো সৈতে কথাবাৰ্ত্তা নক’ব, বাট পাহৰি গ’লে পুলিচম্যানক সুধিব। আমাৰ লগতে আমাৰ বীটৰ সীমালৈকে যাব পাৰে।” এনেকৈ সহানুভূতি পাই সিহঁতৰ লগত ফুৰিলোঁ। পাছত গৈ ক্যামডেন টাউনৰ (Comden Town) বাটেদি গৈ হ্যাম্পষ্টেড ৰোড (Hampsted Raod) পালোঁ। সেই বাটেদি গৈ ইউষ্টন ৰোডৰ (Euston Road) ওচৰ পাওঁ পাওঁ হওঁতেই দেখিলোঁ যে বহুত মানুহ গোট খাই একেলগ হৈ এটা ঘৰৰ ওপৰফালে চাই আছে। মই গৈ ওচৰ চাপি সোধাত শুনিলোঁ যে “ফায়াৰ”। তাত এঘণ্টামান সেই গণ্ডগোল চাই থাকিলোঁ। তাৰ আগেয়েই “ফায়াৰ ব্ৰিগেড”ৰ মানুহে জুই নুমাবৰ যতন কৰিছিল। সোধাত জানিলোঁ যে কোনো মানুহৰ জীৱন হানি হোৱা নাই। জুই লাহে লাহে নুমাবলৈ ধৰাত ময়ো লাহে লাহে খোজ ল’লোঁ। মোৰ ইচ্ছা যে যিমানদূৰ বাটেদি যাব পাৰোঁ গৈ লিভাৰপুল ষ্ট্ৰীটৰপৰা প্ৰথম ট্ৰেইন ধৰি কেম্ব্ৰিজলৈ যাওঁ। টটন্‌হাম কোৰ্ট ৰোডেদি (Tottenham Court Raod) গৈ নিউ অক্সফোৰ্ড ষ্ট্ৰীটৰ (NewOxford Street) বাওঁফালেদি গ’লোঁ পাছত সেই New Oxford Street-ৰ বাটেদি গৈ Holborn(হোবাৰ্ণ) Cheapside, Newgate Street-য়েদি গৈ Bank of England-ৰ ওচৰেদি গৈ Liverpool Street পালোঁগৈ৷ তেতিয়া প্ৰথম ট্ৰেইন যাবৰ এঘণ্টামান কি দেড়ঘণ্টামান বাকী আছিল। বাটচোৱা ঘৰৰ আশ্ৰয়তে সেইখিনি সময় কটাই Cloak room-ৰ পৰা বস্তুখিনি লৈ ৰেলত উঠিলোঁগৈ।