পৃষ্ঠা:বিলাতৰ চিঠি.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
বিলাতৰ চিঠি
 

 সিজন হৈছেগৈ মিঃ ৰেণ (Mr. Wren)। আপুনি Wren and Gurney-ৰ ইণ্ডিয়ান চিভিল চাৰ্ভিচ পৰীক্ষাৰ্থীক পঢ়োৱা ক্লাচবোৰৰ কথা শুনিছে। এই ক্লাচবোৰৰ প্ৰধান মালিক আৰু শিক্ষক মিঃ ৰেণ আছিল। তেওঁৰে সৈতে দেখা হোৱাৰ কথা অলপ কৌতুকৰ। কেম্ব্ৰিজৰ Trunpington Road কি এনে এটা বাটেৰে এদিন দহমান বজাত ফুৰি থাকোঁতে অলপ বৰষুণ দিলে। সেই বৰষুণৰপৰা ৰক্ষা পাবৰ নিমিত্তে এজোপা গছৰ আশ্ৰয় ললোঁগৈ। সেই গছজোপাৰ তলত আৰু দুজন মানুহে মোৰ দৰে আশ্ৰয় লৈছিল। এজন এখন Bath-chair -ত আঁউজি আছিল। Bath-chair -বোৰ বেমাৰী কি বুঢ়া মানুহৰ পক্ষে বৰ উপকাৰী। বেমাৰী মানুহজন বহি কি অলপ আঁউজি শোৱাৰ দৰে বহি থাকিব পাৰে আৰু আন এজন মানুহে টানি লৈ যাব পাৰে। তেৱেঁই পাছত জানিব পাৰিলোঁ যে মিঃ ৰেণ আৰু আনজন তেওঁৰ সাহায্যকাৰী তেওঁৰ এজনা কন্যা। মই তেওঁলোকৰ সৈতে কথা আৰম্ভ কৰি দিলোঁ। বুঢ়া মানুহজনে সুধিলে, “তুমি ভাৰতবৰ্ষৰপৰা আহিছা, নহয়নে?” মই ক’লোঁ, “এৰা।” পাছত আন আন কথাৰ পাছত তেওঁ সুধিলে, “তুমি ইয়াত কি পঢ়িছা?” মই —“এতিয়া ইস্কুলত পঢ়িছোঁ৷ পাছত ইণ্ডিয়ান চিভিল চাৰ্ভিচ পৰীক্ষা দিম। আপুনি ইণ্ডিয়ান চিভিল চাৰ্ভিচ কি জানেনে? এই পৰীক্ষা পাচ কৰিলে ভাৰতৰ জজ, মেজিষ্ট্ৰেট ইত্যাদি হ’ব পাৰি৷ ইয়াত যেনেকৈ হোম চিভিল চাৰ্ভিচ’ পাচ কৰিলে কেৰাণীহে হ’ব পাৰি, ই তেনে নহয়।” (তাত ডাকঘৰ ইত্যাদিৰ কেৰাণীবোৰকো Home Civil Service - ত কাম কৰা বুলি কয়। সাধাৰণ মানুহে Civil Service বুলিলে তাকহে বুজে; সেইদেখিয়েই তেওঁক তেনেকৈ কৈছিলোঁ৷) তেওঁ অলপ হাঁহি ক'লে, “এৰা, মোৰ ইণ্ডিয়ান চিভিল চাৰ্ভিচৰ বিষয়ে জনা উচিত; কিয়নো মোৰ এটা তাৰে ইস্কুলৰ দৰে আছে।” তাৰ পাছত মোক কেষাৰমান এই পৰীক্ষাৰ বিষয়ে উপদেশ দি ক’লে, “তোমাৰ দেশৰ ল’ৰাবোৰৰ কেম্ব্ৰিজত বহুতে পঢ়ে, সিহঁতে নিশ্চয় কি কৰিব লাগে কৈ দিব।” কেজনমান বন্ধুক পাছত এই বিষয়ে কোৱাত ক’লে যে তেৱেঁই ভাৰতৰ বিখ্যাত মিষ্টাৰ ৰেণ। তাৰ কিছুদিনৰ পাছতে বোধকৰোঁ তেওঁ ইহলোক পৰিত্যাগ কৰে। তেওঁৰ Coaching Class (পঢ়োৱা ঠাই) লণ্ডনৰ বেজ ৱাটাৰৰ পাওইচ স্কোয়েৰত (Powis Square) এতিয়াও আছে। তাৰ পঢ়াৰ খৰচ বছৰেকত এশ আঠ গিনিমান। কেম্ব্ৰিজ, অক্সফোৰ্ডৰপৰা ডিগ্ৰী লৈ তাত এবছৰমান ভাৰতীয় চিভিল চাৰ্ভিচৰ পৰীক্ষাৰ্থীবোৰে প্ৰায়ে পঢ়ে। নহ’লে কোনো কোনোৱে কোনো বিশ্ববিদ্যালয়লৈ

নগৈ ইয়াতে গুৰিৰেপৰা পঢ়ে। এতিয়া মিঃ ৰেণৰ জোঁৱায়েক মিঃ টেইলৰে এই কামৰ তত্ত্বাৱধান কৰে। মই হ’লে কওঁ যে তাত গুৰিৰেপৰা নপঢ়ি এটা বিশ্ববিদ্যালয়ৰ ডিগ্ৰী লৈ যোৱা উচিত। এই ডিগ্ৰীত এনেবোৰ বিষয় লোৱা উচিত যিবোৰ বিষয় ল’লে চিভিল চাৰ্ভিচ পৰীক্ষাত সাহায্য কৰিব। অঙ্ক (Mathematics) যিজন পৰীক্ষাৰ্থীয়ে