পৃষ্ঠা:বিলাতৰ চিঠি.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
বিলাতৰ চিঠি

খাদ্য) পোৱা যায়। Gray's Inn ইয়াৰ নিমিত্তে প্ৰসিদ্ধ। আমাৰ দৰে জুতি থকা আঞ্জা নেপালেও সুন্দৰমতে পেট ভৰাই তৃপ্তিৰে সৈতে খাই লুকাই উগাৰ মাৰিবও পৰা যায়। তাত মানুহৰ আগত উগাৰ মৰাটো অভদ্ৰতাৰ চিন, উগাৰ মৰাটো বেয়া—সেইদেখিহে লুকাই উগাৰ মৰাৰ কথা কৈছোঁ। তাত আমি জলকীয়া, ৰসগোল্লা, লুচি, মচুৰমাহৰ আঞ্জা, চাউলৰতো কথাই নাই ইত্যাদি নানান দেশী বস্তু খাইছোঁ। আলু, কল, সুমথিৰা টেঙা, কবি, চালগোম থকাত তাত মাংসাশী হোৱাৰ একো কাৰণ নাই। গাত তাপ লগাবৰ নিমিত্তেও মাংস খাবৰ দৰ্কাৰ নেদেখোঁ। গাখীৰৰ দোকান প্ৰত্যেক ঠাইতে দুখন- এখন; চাহ, কফি, ককো ঠায়ে ঠায়ে। কোনোবাই যদি যাব খোজে (আৰু মোকো লৈ যায়) মই সুন্দৰমতে নিৰামুহীয়া তৰকাৰী-ভাত খুৱাই ইণ্ডিয়ান চিভিল চাৰ্ভিচ, ব্যাৰিষ্টাৰী, ডাক্তৰী পাচ কৰাই অনাই দিম। যাৰ খাবৰ মন থাকে তেওঁ গোমাংস, শুকৰ মাংস, ভেক মাংস নানান জন্তুৰ মাংস খাই উদৰ পূৰ্ণ কৰিব পাৰে। কিন্তু এইটো কথা বৰ ভুল যে বিলাতলৈ গ'লেই গোমাংস কিম্বা আন অখাদ্য বস্তু খাব লাগে। জাহাজতো নিৰামহীয়া খোৱাৰ সুকীয়াকৈ সুবন্দৱস্ত কৰিব পাৰি। ১৯০০ চনত কেলিডোনিয়া (Caledonia)। জাহাজেৰে এবাৰ বিলাতলৈ যাওঁতে ফাৰ্ষ্টক্লাচত ফৰাক্কাবাদ নে এনে এখন ঠাইৰপৰা প্যাৰিচৰ প্ৰদৰ্শনী চাবলৈ আৰু তাত দোকান কৰি আমাৰ দেশী বস্তু বেচিবলৈ কেজনমান সাউদ গৈছিল। তেওঁলোকে নিজে সুকীয়াকৈ নিজৰ মতেৰে নিজৰ মানুহৰ দ্বাৰাই সুন্দৰৰূপে দেশী বস্তু ৰান্ধি খাই গৈছিল। ১৯০৯ চনত বিলাতৰপৰা উভতি আহোঁতে প্যাৰিচত দোকান থকা এজন জহৰীয়ে কেৱল মাথোন ৰুটী, মাখন, পনিৰ, আঙ্গুৰ, আপেল খাই অহা দেখিছোঁ। তেওঁ প্যাৰিচত কিছুমান চাপাটী ৰুটী কৰি আনিছিল, সেইবোৰ ঢুকাই গ'লত তেওঁ এনেকৈ খাই আহিছিল। তেওঁ তাত নিজৰ বন্দৱস্ত কৰিব পাৰিলেহেঁতেন; কিন্তু তেওঁ কষ্ট স্বীকাৰ কৰি ৰান্ধি খাব নুখুজিছিল। এই মানুহজনে জাহাজত ৰান্ধি দিয়া ভাত পৰ্যন্ত নেখাইছিল। আমাৰ দেশৰপৰা যিমান ল'ৰা বিলাতলৈ যায়, সিমান দেশৰ মঙ্গল। সেইদেখিয়েই মই বহুতো মানুহৰ বিলাতত খোৱা-বোৱা সম্পৰ্কে ভুল বিশ্বাস আছে দেখি ইমান বহলাই এই বিষয়ে লেখিছোঁ।

 হান্টিংডনত এসপ্তাহ আছিলোঁ। চহৰত বেছি একো দেখিবৰ নাই। বাটবোৰ দেখিলে পুৰণি চহৰ বুলি মনত হয়। উজ্‌ (Ouse) নদী একা-বেঁকাই চহৰখনৰ ওচৰেদি গৈছে।। জোনাক ৰাতি গছৰ ছাঁ নৈৰ ওপৰত পৰি নৈৰ শোভা আৰু বঢ়ায়। মিঃ ৰড্‌ৱেল আৰু মই এখন নাও এক সপ্তাহৰ নিমিত্তে কেৰেয়া কৰিছিলোঁ। কিমান দিব লাগিছিল মনত নাই; কিন্তু তেওঁ আধা দিছিল, মই আধা দিছিলোঁ। আমি ৰাতিপুৱা ব্ৰেকফাষ্ট খাই গোটেই পুৱা, প্ৰায় এক-দুইমান বজালৈকে নাৱেৰে ঘূৰি-ফুৰি মাছ মাৰিছিলোঁ। কেতিয়াবা কেতিয়াবা আবেলিও নাৱত ফুৰিছিলোঁ। মই এই সাতদিনৰ ভিতৰতে তিনিটা ৰোচ