পৃষ্ঠা:বিলাতৰ চিঠি.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
বিলাতৰ চিঠি

যাত্ৰীবোৰৰ ভিতৰতে তেওঁলোকে নানান আমোদ-প্ৰমোদৰ নানান কমিটি গঠন কৰে। যেনে - Sports Committee (খেল খেলাৰ কমিটি)। তেওঁলোকে সেইসৰু ঠাইকণতে খুব গম্ভীৰভাৱে ক্ৰীকেট খেলে। কোনো কোনো মানুহৰ মুখত এনেহে ভাব যেন এই ক্ৰীকেট খেলতেই বৃটিছ সাম্ৰাজ্যৰ ভৱিষ্যত অৱলম্বন কৰিছে। জাহাজত ক্ৰীকেট খেলা মানুহ এজনৰ মুখ আমাৰ এতিয়া লেখি থাকোঁতেই মনত পৰিছে। ইয়াৰ মানে আন একো নহয়। বৃটিছহঁতে যি কাম হাতত লয়, তাক ঠিকমতে কৰিব খোজে। কনচৰ্ট কমিটি অৰ্থাৎনাচ-গানৰ কমিটিও হয়।

  এই আটাইবোৰ কথাতে চব্‌চ্‌ক্ৰীপ্‌চন দিব লাগে। আমি তিনিবাৰ অহা যোৱা কৰি যিমানদূৰ দেখিছোঁ, ভাৰতবৰ্ষীয় যাত্ৰীসকলৰ সৈতে য়ুৰোপীয় যাত্ৰীসকলে এইবোৰ আমোদত যোগ নিদিয়ে। সৰহভাগ ভাৰতবৰ্ষীয়ই চব্‌চ্‌ক্ৰীপ্‌চনহে দিয়ে মাথোন। এই জাহাজৰ আমোদ-প্ৰমোদৰ বিষয়ে পাছত ক'বলৈ আশা ৰাখিলোঁ। আমি এতিয়া ডনেৰা জাহাজেৰে যাব লাগিছোঁ। এডেনৰ পাছত চুয়েজ পালোঁ। চুয়েজ, এতিয়া যিমানদূৰ মনত পৰিছে, আমি নিশা পালোঁগৈ। আমাক আটাইবোৰ যাত্ৰীকে চুয়েজ পাওঁতে দুপৰৰ ডেকত আহি শাৰী শাৰী হৈ থাকিবলৈ আমাৰ দ্বিতীয় শ্ৰেণীৰ ষ্টুৱাৰ্ডে আহি কৈ গ'ল। ডাক্তৰৰ পৰীক্ষাৰ নিমিত্তে ৰাতি বহু পৰলৈ থিয় হৈ আছিলোঁ। ডাক্তৰে আহি পৰীক্ষা কৰিছিল নে নাই মনত নাই। আজিকালি হ'লে চুয়েজত ডাক্তৰ আহি যাত্ৰীৰ নাম ডাকি যায় আৰু সেই ডাকত এটাইবোৰ যাত্ৰী হাজিৰ থাকিব লাগে। আজিকালি মানে এবছৰমানৰ আগলৈকে আছিল। ১৯০৯ চনৰ ডিচেম্বৰ মাহত আমি দেশলৈ উভতি আহোঁতে চুয়েজত জাহাজ নৰ’ল। শুনিলোঁ যে চুয়েজত জাহাজ ৰখা বন্ধ হ’ল।

  এই চুয়েজৰপৰাই চুয়েজখাল আৰম্ভ। এই চুয়েজখাল ফাৰ্ডিনেণ্ড ডি লেচেপ বুলি এজন বিখ্যাত এঞ্জিনীয়াৰৰ তত্ত্বাৱধানত হৈছিল। পোৰ্ট চৈয়দত (Port Said) এই বিখ্যাত মানুহজনৰ শিলৰ প্ৰতিমূৰ্ত্তি আছে। তেওঁ থিয় হৈ চুয়েজখালৰ পিনে আঙুলি দেখুৱাই আছে। বাওঁফালে Mediterranean সমুদ্ৰ, সোঁফালে খাল। এই খাল বহলে আমাৰ নগাঁৱৰ কলং নৈতকৈ ঠেক। এই খালৰ বিষয়ে বিস্তাৰিতভাৱে পাছত কম। জাহাজ লাহে লাহে ইয়াত যায়। প্ৰায় এদিনমান লাগে।

  আমাৰ বেছ মনত আছে, জাহাজৰ লগে লগে সেই খালৰ ওচৰত থকা মানুহ দুটা- এটাই আমাৰ জাহাজৰ লগে লগে লৰা। জাহাজৰপৰা আলু, সুমথিৰা টেঙা, পইচা ইত্যাদি দলিয়াই পেলাই জাহাজৰ বিষয়াসকলে কি যাত্ৰীসকলে ৰং চোৱাও মনত আছে। আৰু মনত আছে, সেইবাৰ সিহঁতে কেঁচাই কেচাই আলু চোবাই খোৱাৰ কথা। প্ৰত্যেক জাহাজৰ লগে লগে সিহঁতে এনেকৈ লৰে।

  এই চুয়েজখালৰদ্বাৰাই পৃথিৱীৰ বাণিজ্যৰ যে কিমান উপকাৰ হৈছে, অলপ গমি