যেনে দেখা গৈছে, এনে মনত হ'ব পাৰে যে দুশ, তিনিশ বছৰৰ পাছে বৃটেনৰ চাৰিউফালে সমুদ্ৰতীৰবোৰ ঘৰেৰে পৰিপূৰ্ণ হৈ যাব। ইমান সোনকালে ইয়াত চাৰিউ ফালে ঘৰবোৰ তৈয়াৰ হ’ব ধৰিছে যে সমুদ্ৰতীৰৰ প্ৰাকৃতিক শোভা মানুহৰ ঘৰে নথকা কৰিব। ই অৱশ্যে আমাৰ নিজৰ কল্পনা। আমি পোন্ধৰ বছৰৰ আগৈয়ে ইংলণ্ডলৈ যেতিয়া আহোঁ, তাতকৈ ইংলণ্ডত ঘৰবোৰ সৰহ যেন এতিয়া লাগে।
এই চিঠিবোৰ লেখি থাকোঁতেই Inns of Court ৰ নিয়ম অলপ বদলিছে। আগৈয়ে Inns of Courtৰ কথা লেখিছিলোঁ। সেইদেখি এই নতুন নিয়মৰ কথা অলপ কৈ থওঁ। এই নতুন নিয়ম অলপতে আৰম্ভ হ'ব। পুৰণি নিয়ম অনুসাৰে এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈয়েই Inn ত ভৰ্ত্তি হ'ব পৰা গৈছিল। এই নতুন নিয়ম অনুসাৰে ভাৰতীয় বিশ্ববিদ্যালয় এটিৰ ‘গ্ৰেজুৱেট’ নহ’লে Inn ত ভৰ্ত্তি হ'ব নোৱাৰি; নহ’লে লণ্ডনৰ “মেট্ৰিকিউলেচন” অথবা আন কোনো এটা পৰীক্ষা দিহে ভৰ্ত্তি হ’ব পৰা যাব। সেইদেখি ইয়াৰ পৰা “বি. এ.” পৰীক্ষাত উত্তীৰ্ণ হৈহে এতিয়া আমাৰ ল'ৰাবোৰ ইংলণ্ডলৈ যোৱা উচিত, ল’ৰা ব্যাৰিষ্টাৰ হ’বলৈ হওক কি আন কোনো ব্যৱসায়কে শিকিবলৈ যাওক। যদি এনে কোনো ৰূপ-বান থকা মানুহ আছে যি অতি সৰুতে ল’ৰাক পঠাব পাৰে, তেনেহ'লে তেওঁক আমি ল’ৰা এঘাৰ-বাৰ বছৰমান বয়সত পঠাবলৈ কওঁ। তেতিয়াহ'লে ল’ৰাক তাত ইংৰাজী স্কুলত পটুৱাব পাৰি। তাৰ ইংৰাজী স্কুলত পঢ়া এটা বৰ শিক্ষা।
আমি যেতিয়া প্ৰথমে বিলাতলৈ যাওঁ, তেতিয়া আমাৰ বয়স পোন্ধৰ বছৰ আছিল। দুবছৰমান লণ্ডনৰপৰা ত্ৰিশ মাইল দূৰৰ চেলেচফৰ্ড (Chelmsford) বুলি ঠাইৰ স্কুলত আছিলোঁ। দহ-এঘাৰ বছৰত আমি সেই স্কুললৈ যোৱা হ'লে আমাৰ শিক্ষাৰ আৰু উন্নতি হ’লহেতেন। যিখিনি কাল সেই স্কুলত আছিলোঁ, সেইখিনি কালত বহুতো শিক্ষা আমাৰ হৈছিল। দহ-এঘাৰ বছৰত যেনেকৈ নতুন এটা বস্তু শিকা যায়, বয়স বেছি হ'লে তেনেকৈ নাযায়। তাত গৈ দেখিলোঁ যে থাৰ্ড-ফৰ্থ ফৰ্মৰ (অৰ্থাৎ আমাৰ ষষ্ঠ-পঞ্চম শ্ৰেণী) ল’ৰাই Chemistry, Physics পঢ়ে। ইংৰাজী কিতাপ প্ৰায় একে, অঙ্ক আমাৰ ইয়াৰ দৰেই। সেইদেখি যেতিয়া সেই স্কুলৰ চিক্চৰ ফৰ্মত (আটাইতকৈ ওখ শ্ৰেণীত, এই ধৰক আমাৰ প্ৰথম শ্ৰেণী) ভৰ্ত্তি হ'লোঁ, (কিয়নো তলৰ ক্লাছত ভৰ্ত্তি বয়সৰ নিমিত্তে হ’ব নুখুজিছিলোঁ।) হেড্মাষ্টৰে আমাক ভাৰতবৰ্ষীয় ল’ৰা দেখি সেই শ্ৰেণীত ভৰ্ত্তি কৰাই দিলে। তেতিয়া আমি ডাবল পৰিশ্ৰম কৰি নতুন নতুন বিষয় শিকিবলগীয়াত পৰিলোঁ — যেনে লেটিন, ফ্ৰেন্স, মেকেনিক্স ইত্যাদি। সৰুতে যোৱা হ'লে এইবোৰ বিষয় আমাৰ টান নেলাগিলহেঁতেন। সেইদেখি আমি কওঁ, স্কুলত ল’ৰা দিব লাগিলে ল’ৰাক দহ, ইউ”