পৃষ্ঠা:বিলাতৰ চিঠি.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
বিলাতৰ চিঠি

পাছত একেবাৰেই অভ্যাস হৈ যাব। ইংৰাজবিলাকৰ যি ৰীতি, আমাৰ সেই ৰীতি নহয় বুলি ইংলণ্ডীয়সকলে জানে দেখি কিবা ভুল কৰিলে একো দোষ যেন নেদেখে। এই সম্পৰ্কে এটি গপ কওঁ—ই সঁচা নে মিছা ক'ব নোৱাৰোঁ, মিছা নহ’ব হ’বলা। প্ৰাচ্য দেশৰ কোনো এজন ৰজা এবাৰ ইংলণ্ডৰ এজন মহাসম্ভ্ৰান্ত মানুহৰ ঘৰলৈ নিমন্ত্ৰিত হৈছিল। ৰাতিৰ আহাৰৰ এটি উপকৰণ হৈছে—স্যুপ (চুৰুহা)। এথাল স্যুপ আগত দিওঁতে সেই ৰজাজনে হাতেৰে থালখন দাঙি লৈ স্যুপ (Soup) খিনি পি খালে। ৰজাজনে তেনে কৰা দেখি সেই ঘৰৰ গিৰীহঁতকে আদি কৰি টেবিলৰ চাৰিওফালে বহা সকলোটি মানুহে থাল দাঙি স্যুপ পি খালে। সেই বস্তুটি এখন ডাঙৰ চনেৰে একো শব্দ নকৰি খোৱাটোহে নিয়ম। ৰজাজন যাতে অপ্ৰস্তুত নহয়, সেই কাৰণে আন সকলোৱে তেনে কৰিছিল। আগৰ দিনৰ ইংৰাজসকলে আহি এই দেশৰ ৰীতিকেই বেছি অনুসৰণ কৰিছিল। মোৰ এই ভুলৰ কাৰণটি হৈছে মই লাজ কৰি কাৰোপিনে চোৱা নাছিলোঁ। চাৰিওফালে চকু ফুৰাই খোৱা হ'লে সেই ভুল নহ'লহেঁতেন। বিলাততো, ইয়াতো, আমাৰ এই পৃথিৱীখনৰ সকলো ঠাইতে ইংৰাজীতে যাক Common sense (কমন চেঞ্চ) কয় তাক লাগে, ইয়াৰ লগত ভদ্ৰতাৰো দৰ্কাৰ। ভদ্ৰতা সকলো ঠাইৰ একে ৰকমৰ দেশ-ভেদে অলপ তাৰতম্য মাথোন। খোৱা হৈ যোৱাৰ পাছত সেই লিগিৰীজনী আহি বাচন-বৰ্ত্তনবোৰ লৈ গ'ল। এখন বুৰুজেৰে টেবিলৰ চাদৰত পৰা বস্তুবোৰ সাৰি এখন থালত লৈ গ'ল। খোৱা-দোৱা সম্পৰ্কীয় সকলো বস্তুৰে কিছু তলৰ ৰান্ধনী ঘৰলৈ গ'ল। আৰু কিছু সেই মেজ আলমাৰীত থোৱা হ'ল। নানা ৰকমৰ কথাবাৰ্তা হ’বলৈ ধৰিলে। পাছত লাহে লাহে এটি এটিকৈ Good night Pa dear, Good night Ma dear বুলি বাপেক-মাকক চুমা খাই আৰু চুমা লৈ ছোৱালীজনী আৰু ল’ৰাটি শুবলৈ গ'ল। ময়ো সেই সুযোগতে অলপ পাছত Good night বুলি শুবলৈ গ'লোঁ।

 তাৰ পাছদিনা ৰাতিপুৱা সাৰে-সাতমান বজাত উঠিলোঁ। ৰেভাৰেণ্ড মিঃ স্পীয়েৰ্চে সকলোটি গোট খালত থিয় হৈ Our father thou art in Heaven ইত্যাদি কৈ ভগৱানৰ নাম লোৱাৰ পাছতহে খোৱা আৰম্ভ হ'ল। মিচেচ স্পীয়েৰ্চে সেই ৰাতিপুৱাৰ খোৱালৈ শোৱাঘৰৰপৰা নামি অহা নাছিল। তাৰ পাছতো তেওঁক সেই খোৱাত দেখা নাই। তেওঁলোকে পুৱা আঠমান বজাত লঘোন ভাঙিছিল। আশা কৰোঁ এই লঘোন ভঙা ব্যৱহাৰ দুষ্ট হোৱা নাই। ৭ কি ৭৷৷০ বজাত প্ৰথম ঘণ্টা বাজিছিল অৰ্থাৎ সাৰ পোৱাবৰ ঘন্টা আৰু ৮ বজাত খাবৰ ঘন্টা। লিগিৰীজনীয়ে এই প্ৰথম ঘণ্টা বজাইছিল। তাৰ লগে লগে ছোৱালীহঁতে উঠি কাম আগুৱাইছিল। তেওঁলোকৰ তাত তেতিয়া মাথোন এজনী লিগিৰী। কেতিয়াবা কেতিয়াবা দুজনীও থাকিছিল। লঘোন ভঙাৰ সময়ত তেওঁলোকে কফি খাইছিল। খোৱাৰ পাছত তেওঁলোকৰ পাছফালৰ বাৰীলৈ গ'লোঁ। তাত বহুতো