পৃষ্ঠা:বিলাতৰ চিঠি.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০
বিলাতৰ চিঠি


স্বৰ্গীয় কৰুণাভিৰাম বৰুৱাৰ লগত কলিকতাৰ পৰা নগাঁৱলৈ যাওঁতে মনৰ ৰঙত (নগাওঁ দেখিম বুলি) পুৰণিগুদাম এৰি যোৱাৰ পাছত নগাঁৱলৈ খোজকাঢ়ি গৈছিলোঁ— তেতিয়া ৫/৬ মাইলমান খোজ কাঢ়িছিলোঁ— কিন্তু লাহে লাহে যোৱাত সিমান ভাগৰ লগা নাছিল। এই St. Neots-ৰপৰা Huntingdon - লৈ খোজকঢ়াৰ কথা ইমানদিন হ’ল মনত আছে আৰু জীয়াই থকালৈকেও থাকিব।

 কোনো কোনোৱে সোধে, “Mr. Borooah, আপোনাৰ বিলাতৰ কথা কেতিয়া শেহ হ’ব?” কি ভাবি সোধে, ক'ব নোৱাৰোঁ। মই কওঁ, “যিমান পাৰোঁ লেখি থাকিম, কেতিয়া শেহ হয় ক'ব নোৱাৰোঁ”। কোনোৱে আকৌ মাজতে বিলাতৰ কথা বন্ধ হওঁতে সুধিছিল, “আপুনি আকৌ বিলাতৰ কথা নেলেখে কিয়? সঁচাসঁচিকৈয়ে পঢ়ি ভাল লাগিছিল।” সি বাৰু যি হওক, মোৰ হ’লে এই কথাবোৰ লেখি থাকিবলৈ বৰ ভাল লাগে। অতীত আটাইৰে ভাল লাগে। মোৰো কেতিয়াবা কেতিয়াবা অতীতত বাস কৰি তাৰ সোৱাদ ল'বৰ ইচ্ছা যায়, সেইদেখিয়েই এই বিলাতৰ কথাৰ আবিৰ্ভাৱ আজিলৈ বিদায় লওঁ।

(২৪)

 হান্টিংডন এৰি লণ্ডনত সুৰেন হালদাৰৰ লগত দুদিনমান থাকি ডেভনশ্যায়াৰৰ পেইণ্টন (Painton) বুলি এখন ঠাইলৈ গ'লোঁ। মিঃ হালদাৰ ৮২নং লেদাৰউড ৰোড ৱেষ্টকেন্সিংটন পাৰ্কত মিঃ ৰিচাৰ্ডচ বুলি এজন ‘কোচ’ৰ (Coach) লগত আছিল। এই ‘কোচ’ৰ লগত ময়ো এবছৰমান আছিলোঁ। লণ্ডনত দুদিন থাকি ৰংমনেৰে পেইণ্টনমুৱা হলোঁ।

 পেইণ্টন গ্ৰেট ৱেষ্টাৰ্ণ ৰেলৰ এটা ষ্টেশ্যন। টৰ্কী (Torquay) বুলি এখন প্ৰসিদ্ধ সমুদ্ৰতীৰৰ ঠাইৰপৰা চাৰিমাইল। পেইণ্টনো সমুদ্ৰৰ তীৰত। এই Torquayৰ ওচৰৰ সমুদ্ৰক Torbay বুলি কয়। এই Torbay-তে William of Orange আহিনামে। ইংলণ্ডৰ বুৰঞ্জী পঢ়া সকলোৱে এই বিষয়ে জানে। এই বিষয়ে সৰহ নক'লেও হ'ব।

 প্যাডিংটন (Paddington) ষ্টেশ্যনত মোক থ’বৰ নিমিত্তে মিঃ হালদাৰ আৰু মিঃ সুকুমাৰ সেন আহিছিল। আমি বঙলাৰে কথা কৈছিলোঁ। গুপুত (Private) কথা ক’বৰ হ'লে বিলাতত আমাৰ ভাৰতবৰ্ষীয় ভাষাৰে কথা হোৱাই ভাল। গাড়ী খুলি যোৱাৰ পাছত এজন মানুহে ক'লে, “বেঙ্গলত এনে ভাল দৃশ্য আছে নে?” মই কি ক'লোঁ মনত নাই। নিশ্চয় আছে বুলিয়েই কৈছিলোঁ। মই ক'লোঁ যে মোৰ ঘৰ আসাম দেশত ইত্যাদি।