সমললৈ যাওক

পৃষ্ঠা:বিলাতৰ চিঠি.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
বিলাতৰ চিঠি

নেপোল্‌চমুৱা হ'ল। আমাৰ মনত আছে— জাহাজত উঠোঁতে আমাৰ খানচামাহঁতক গোমাংস, শূকৰমাংস ইত্যাদি আমাৰ অখাদ্য য়ুৰোপীয়সকলৰ সুখাদ্য আমাক দিবলৈ হাক দিছিলোঁ। Mediterranean এৰি সেই হাক আমি ৰদ কৰিলোঁ। কিয়নো মনে মনে ভাবিলো যে বিলাতত যেতিয়া ইমানদিন থাকিবলৈ ওলাইছোঁ, তাত চাগৈ এনেবোৰ বস্তু বাদে আন একো খোৱা বস্তু নেপায় (এইটো জানিছোঁ এতিয়া ভুল বুলি); হেনজানি সেইবোৰ খাবলৈ আৰম্ভ কৰা যাওঁক। সেইদেখি খোৱা আৰম্ভ কৰা গ'ল।

 ‘ডনেৰা’ জাহাজে পোৰ্ট চৈয়দৰপৰা নেপোল্‌চলৈ যাওঁতে কিমান দিন লৈছিল এতিয়া আমাৰ লেখ নাই। কিন্তু য়ুৰোপৰ বা’ গাত লগাৰেপৰা আমাৰ উৎসাহ আৰু উৎফুল্লতা যেন বাঢ়িল। লাহে লাহে এদিন দূৰৈত কেণ্ডিয়া দ্বীপে দেখা দিলে। তাৰ পাছত এদিন সন্ধ্যাৰ আহাৰৰ পাছত ডেকৰ ওপৰলৈ আহোঁতে দূৰৈত দুশাৰী চাকি দেখা পালোঁ। এন্ধাৰ সমুদ্ৰৰপৰা এনে দুশাৰী চাকি দেখি আমাৰ হঠাৎ দীপান্বিতাৰ কথা মনত পৰিল। তাৰ পাছত শুনিলোঁ বোলে আমি ষ্ট্ৰেইচ অৱ মেচিনাইদি (Straits of Messina) যাব লাগিছোঁ। এফালে ইটালিৰ বেলজিয়ম নগৰ আৰু আনফালে এট্‌না। আমি এইবোৰ ভূগোলত পঢ়িছিলোঁ। এতিয়া নিজে এনেবোৰ ঠাই দেখি আৰু ভাবি,এইবোৰ ঠায়েদিয়েই আমি যাব লাগিছোঁ, আমাৰ মনত যে কি আনন্দ অনুভৱ হৈছিল, তাক লেখি জনাব নোৱাৰোঁ।

 আৰু এটি কথা, দীঘল সমুদ্ৰযাত্ৰাত—এনেবোৰ দৃশ্য আনন্দবৰ্দ্ধনকাৰী। নেপোল্‌চ বৰ সুন্দৰ ঠাই —“See Naples and die” এনে এটি ইংৰাজীত বচন আছে, অৰ্থাৎ নেপোল্‌চ দেখি যদি মৰা যায়, হানি নাই, এনে ভাল ঠাই। বে অব্ নেপোল্‌চ অতি বিতোপণ ঠাই। দূৰৈত সোঁহাতে আগ্নেয়গিৰি ভেফুভিয়াচ। পম্পিয়াই ধ্বংস কৰা ভেচুভিয়াচ এয়ে। জাহাজৰপৰা চহৰখনি দেখিবলৈ বৰ শুৱলা। জাহাজ লাগোতেই নাৱত আহি দুই-তিনি দল মানুহে গান গাবলৈ ধৰিলেহি। নাৱৰীয়াবোৰ হেটপিন্ধা, তাৰ মানে সেই দেশী মানুহেই। আমাৰ দেশৰপৰা পোনপ্ৰথমে গৈ য়ুৰোপীয় মানুহবোৰে গাড়ী চলোৱা, চাকৰবাৰৰ কাম কৰা ইত্যাদি দেখিলে অলপ আচৰিত লাগিবৰ কথা। গান গোৱা মানুহবোৰে আহি জাহাজৰ ওচৰত নাওবোৰ ৰাখি গান গাই পইচা লয়হি। সেই তেতিয়াই আমি ম্যাণ্ডোলীন (Mandoline) বাজনা প্ৰথমে দেখে। ম্যাণ্ডোলীনৰ ধ্বনি ইটালীয় মুনিহ-তিৰুতা, গায়ক-গায়িকাসকলৰ সুৰেৰে বেছকৈ মিলিছিল। আৰু আমাৰ “য়াম্বা, য়াম্বা, য়াম্বা, য়াম্বা, আই” আৰু “মাৰ্গেৰীট” গান বৰ ভাল লাগিছিল। আমাৰ আন আন সহযাত্ৰীসকলৰ কি আনন্দ! কত বছৰৰ পাছত য়ৰোপ পাই চাগৈ তেওঁলোকৰ বহুতৰ নথৈ আনন্দ হৈছিল। সেই আনন্দতে দুই-চাৰিজন বৃটিছ সহযাত্ৰীক (বিশেষকৈ এজন) একেবাৰেই বিহ্বল হোৱা মনত পৰে। অৱশ্যে আনন্দৰ লগে লগে বিহ্বলতাৰ আন