পৃষ্ঠা:বিলাতৰ চিঠি.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
বিলাতৰ চিঠি
 

 সেইৰাতি প্ৰায় সাতমাইলমান খোজ কাঢ়িলোঁ। এই পুলিচম্যান (Policeman) আৰু পোষ্টম্যান (Postman)-ৰ সহানুভূতি নোপোৱা হ’লে মোৰ বৰ বেয়া লাগিলহেঁতেন। পাছত Spears পৰিয়ালক এই বিষয়ে জনোৱাত তেওঁলোকে বেজাৰ কৰি লেখিলে যে আৰু অলপ টানকৈ ‘নক’ (Knock) কৰা হ’লে তেওঁলোকে সাৰ পালেহেঁতেন। কিন্তু ৰাতি এঘাৰ বজাত তেওঁলোকক মই মিছা মিছিকৈ কষ্ট দিব নুখুজিলোঁ। তেওঁলোক বৰ সোনকালে শুবলৈ যায়। তেওঁলোকৰ পক্ষে ৰাতি এঘাৰ বজা, ৰাতি দুই বজাৰ দৰে। সেইদেখি তেওঁলোকক টোপনিৰপৰা নুতুলি ভালেই কৰিলোঁ। তেনে সহানুভূতি আমাৰ দেশৰ পহৰাৱালাবোৰৰ, ডাকোৱালবোৰৰপৰা পালোঁহেঁতেন নে নাই, তাকে মই এতিয়াও কেতিয়াবা কেতিয়াবা ভাবোঁ।

 মোৰ পক্ষে বতৰটো বৰ অনুকূল আছিল। সেই মাহটি আছিল আগষ্ট। মে’, জুন, জুলাই, আগষ্ট অৰ্থাৎ জহকালি সূৰ্য্যদেৱ তাত ৩-৪ বজামানত ওলায়। ৰাতি ৮ মান বজাত অস্ত যায়। তিমান দূৰ ফুৰি মোৰ একো ভাগৰ লগা নাছিল।

 বিলাতত কিছুদিন থকাৰ পাছত এনে হোৱা হ’লে মই এটা হোটেলত গৈ আশ্ৰয় ল’লোঁগৈহেঁতেন। সেই গোটেই ৰাতি তেনেকৈ বাটে বাটে ফুৰাত মোৰ একো অপকাৰ নহ’ল। জেপত দুই পাউণ্ড আছিল— মোৰ ভয় লাগিছিল, পাছে যদি কোনোবাই ডকা দি সেই টকা লৈ যায়। সেইদেখি মই ডাঙৰ বাটেদি খোজকাঢ়ি গৈছিলোঁ। ডাঙৰ বাটত পুলিচম্যান সৰহ, যদি কোনোবাই টকা চুৰ কৰিবলৈ আহিলহেঁতেন, তৎক্ষণাৎ সহায় পালোঁহেঁতেন।

 এইখিনিতে কৈ থওঁ যে প্ৰত্যেক ডাঙৰ ষ্টেশ্যনৰ ওচৰত ডাঙৰ হোটেল একোটা আছে। লিভাৰপুল ষ্ট্ৰীটৰ ওচৰত Great Eastern Railway টাৰ্মিনাচ। মই হাইগেটৰ মিচে স্পীয়েৰচৰ তাত ৰ’ম বুলি নোযোৱা হলে তাতে থকাটোৱেই ভাল আছিল। হাইগেট পাওঁতে ট্ৰেম বন্ধ হৈ গ’ল; কিয়নো ৰাতি এঘাৰ-বাৰ বজাৰ পাছত সেইবোৰ প্ৰায়ে বন্ধ হয়। আকৌ ৰাতিপুৱা চাৰি-পাঁচ বজাৰপৰা চলিবলৈ আৰম্ভ কৰে। তেনে অৱস্থাত পৰিলে ডাঙৰ হোটেলবোৰলৈ যোৱা উচিত। নজনা-নুশুনা হোটেলবোৰলৈ যোৱা উচিত নহয়। পোষ্টম্যানটিয়েও মোক সেই উপদেশ দিছিল আৰু সেই উপদেশেই ভাল উপদেশ। ময়ো ইমান দিনৰ অভিজ্ঞতাৰ পাছত কওঁ যেই-সেই হোটেলত থকা ভাল নহয়।

 কেম্ব্ৰিজলৈ King's Cross ষ্টেশ্যনৰপৰাও যাব পাৰিলোঁহেঁতেন। কিন্তু মোৰ ‘লাগেজ’ (Luggage) আছিল Liverpool Street-ত আৰু King's Cross-ৰপৰাও ট্ৰেইন দহ বজাৰ আগেয়ে গ’ল। সেইপিনেও আমাৰ আইধা। সেইদেখি সকলো কথা ভাবি-চিন্তি এতিয়াও কওঁ যে মই সেইদিনা যি কৰিছিলোঁ ভালেই কৰিছিলোঁ। King's