কৰি ফুৰিবলৈ ধৰিলোঁ।
তেতিয়া মিঃ ঘোষলে ক'লে, “মিঃ বৰুৱা, আপোনাক লৈ যাবলৈ মানুহ অহা নাই নে?” মই কলোঁ, “কাকোতো দেখা নাই। মিচেচ্ মল্লিকলৈ মোৰ অভিভাৱক শ্ৰীযুত দুৰ্গামোহন দাসে মোৰ বিষয়ে চিঠি লেখিছে বুলি শুনিছোঁ, তেওঁলোকৰ আহিবৰ কথা আছে।” তেতিয়া মিঃ ঘোষলে ক'লে, “কালি মই মিচেচ্ মল্লিকৰ তালৈ যাওঁতে তেওঁলোকে আপোনাৰ কথা কৈছিল। কোনোবা স্কুলৰপৰা মানুহ আহি আপোনাক লৈ যাবৰ কথা আছে। তেওঁলোক যদি নাহে, আপুনি যদি মিচেচ্ মল্লিকৰ তালৈ যাব খোজে, মই তালৈ লৈ যাব পাৰোঁ।” মোৰ তেতিয়া মন অলপ লঘু হ’ল আৰু তেওঁক আন্তৰিক ধন্যবাদ দিলোঁ। তেওঁৰ লগতে মই মিচেচ্ মল্লিকৰ ঘৰলৈ যাওঁ বুলি ওলালোঁ।
জাহাজ এৰি ডক্চৰ কাষৰ বাটেদি যাবলৈ ধৰিছোঁ, এনেতে দূৰৰপৰা এজন ফ্ৰক কোট ট্ৰাউজাৰ্চ, চিল্কহেট (অৰ্থাৎ ইংলণ্ডীয় সভ্যতাৰ সাজ সম্বন্ধে চৰম সীমা) পিন্ধা মানুহ আমাৰ ফালে অহা দেখিলোঁ। তেওঁ আমাৰ পিনে চাই হাঁহি হাঁহি অহা দেখিলোঁ৷ দুয়ো দুইৰো ওচৰ চাপি অহাত দেখিলোঁ তেওঁ আমাৰ কলিকতাৰ সুপৰিচিত শ্ৰীযুত জগদীশ চন্দ্ৰ ৰায়চৌধুৰী।
তেওঁক দেখি মই সঁচাকৈয়ে ৰং পালোঁ। তেওঁৰ সৈতে কথাবাৰ্ত্তা হোৱাৰ পাছত দেখিলোঁ যে তেওঁৰ লগত দুজনা ইংৰাজ মহিলা। মিঃ ৰায়চৌধুৰীৰপৰা শুনিলোঁ যে তাৰে এজনা লেষ্টাৰৰ কোনো স্কুলৰ হেডমাষ্টৰৰ ঘৈণীয়েক আৰু আনজনা সেই হেডমাষ্টৰৰ ভনীয়েক। তেওঁলোকে আমাক মৰম কৰি কথা কোৱা মনত আছে। মিঃ জগদীশ ৰায়চৌধুৰীয়ে ক'লে যে তেওঁলোকে মোক লৈ যাবৰ নিমিত্তে আহিছে। তেওঁলোকে যদিও বৰ ভদ্ৰ ব্যৱহাৰ কৰা দেখিলোঁ, চিনা মানুহ এৰি অচিনাকি মানুহৰ লগত মোৰ যাবলৈ বেয়া লাগিছিল। মিঃ ঘোষালে, মিঃ ৰায়চৌধুৰীক মোৰ চিনা মানুহ দেখি সেনহঁতক লৈ গ'ল আৰু মই ৰায়চৌধুৰীৰ লগতে থাকিলোঁ। তেতিয়া মই ঠিক কৰিলোঁ যে কেইদিনমান ভাৰতবৰ্ষীয় মানুহৰ লগত থাকি তাৰ পাছত তেওঁলোকৰ লগত লেষ্টাৰলৈ যাম।
তেওঁলোকৰ নাম পীয়েৰচন আছিল। ৰায়চৌধুৰীক তেওঁলোকৰ ঠিকনা দি তেওঁলোক গুচি গ'ল। দুখৰ বিষয়, তেওঁলোকৰ সৈতে মোৰ দেখা নহ’ল। সেইটো মোৰ দোষ; মোৰ দোষেই বা কেনেকৈ কোৱা যায়? ঘটনাচক্ৰত পৰি আন এটা স্কুললৈ যোৱাৰ নিমিত্তেই তেওঁলোকৰ সৈতে আৰু দেখা দৰকাৰ মনত নকৰিলোঁ। দেখা কৰিলোঁহেঁতেন কিজানি, কিন্তু ৰায়চৌধুৰীয়ে তেওঁলোকৰ লণ্ডন ঠিকনা কেৱল হ্যাম্পষ্টেড্ (Hampsted), ইয়াৰ বাহিৰে আৰু একো ক'ব নোৱাৰিলে। হ্যাম্পষ্টেড্ লণ্ডনৰ উত্তৰ- পশ্চিম ভাগত। ইমান ডাঙৰ ঠাইত কেৱলমাত্ৰ সেইখিনি ঠিকনাকে সম্বল কৰি