পৃষ্ঠা:বিলাতৰ চিঠি.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
বিলাতৰ চিঠি

কি গাড়ী হওক, অতি ডাঙৰ মানুহৰে হওক কি সৰু মানুহৰে হওক এহাতৰ এটা আঙুলিৰে হয়তো ৰ’বলৈ ক’ব, পুলিচম্যানৰ ওচৰত গাড়ী সাৱধানে যাব। আজিকালি কলিকতাতো হাওৰাৰ পুলৰ দুয়োমূৰে আৰু পাৰ্কষ্ট্ৰীট, চৌৰঙ্গীৰ ফালে এনে নিয়ম হৈছে দেখি ভাল লাগিছে। গাড়ী চলাচলৰ ফালে বেছ হৈছে, কিন্তু বাটেদি খোজকঢ়া মানুহৰ পক্ষে বিলাতৰ দৰে সুবিধা হৈছে নে নাই ক’ব নোৱাৰোঁ। যদিহে হৈছে, বৰ ভাল কথা।

 এদিন আমাৰ এজন বন্ধুৱে বেগাবেগিকৈ Holborn (হোবাৰ্ণ)য়েদি বাইচাইকেলেদি Grays In (গ্ৰেজ ইন)-ত ‘খানা’ খাবলৈ দুই চকা ঘূৰাই সুন্দৰমতে যাব লাগিছিল। বোধকৰোঁ Innৰ টাৰ্ম (Term) শেষ হওঁ হওঁ হৈছিল আৰু তেওঁৰ বোধকৰোঁ খাবলগীয়া খানাকেটা খোৱা হোৱা নাই। ডিনাৰো চাৰে-ছয় বজাত, বাইচাইকেলখন সেইদেখি কোনোমতে ডাঙৰ-দীঘল, পুতল-বহল কনিষ্টবলটিৰ কাষলতি তলেদি সৰকি গ’ল (বন্ধুজনা অলপ চুটি-চাপৰ জানিবা দেই।)। তেওঁ “ৰ'বি”ৰ আঙুলি দেখিছিল নে নাই ক'ব নোৱাৰোঁ, আৰু দেখিলেও নেদেখাৰ ভাও জুৰি সৰকিল। কিন্তু “পীলাৰ”(Peeler) ভায়াৰ চকু চাৰিওফালে— তৎক্ষণাৎ বাইচাইকেলখন আহি ধৰিলেহি। তেতিয়া গহীনভাৱেৰে কলে, “Will you do get down, Sir!” পাছত বন্ধুজনা চকৰি গাড়ীৰপৰা নামিলত তেওঁৰ নাম, ঠিকনা ইত্যাদি লেখি ল’লে। ভালকৈ কথা বুজোৱাত তেওঁক যাবলৈ দিলে। তেওঁ সময়ত ‘ইন’ পাই ‘ডিনাৰ’ খাবলৈ পালে। এই কথা ইমানতে শেষ নহ’ল। ভদ্ৰলোকজনক হোবাৰ্ণত চকৰি গাড়ীৰপৰা কনিষ্টবলে নমাইছিল—কিন্তু দুদিন পাছত ৩ নম্বৰ চেপ্‌ষ্টোপ্লেচ (3 Chesptno Place) বেজ ৱাটাৰত (Bays Water) এজন পুলিচৰ মানুহ গৈ বতৰা লৈছিল যে তাত অমুক নামৰ মানুহ থাকে নে নাই। যদিহে বন্ধুজনাই ভুল ঠিকনা দিলেহেঁতেন, বোধকৰোঁ আৰু বিচৰা পৰিলহেঁতেন। কিন্তু তেওঁ তাতে থকাত সেইকথাৰ তাতে সমাপতি হ’ল। এদিন এজন ৰাজমন্ত্ৰীকো এনেকৈ নমোৱাৰ কথা আমি শুনিছোঁ। আজি কোন থিয়েটাৰত আভিং-এ “এক্ট্” কৰিব; এলেন টেৰি, এড্‌না মেট্ৰি, ৱালাৰ, উইণ্ডাম্‌ ইত্যাদিয়ে ক’ত কি ‘Play'ত ‘act' কৰিব, সকলোৰে পুলিচম্যানে সমিধান দিব। ‘ৰয়েল একাডেমী’তত কোন চিত্ৰকৰৰ পটে সৰ্ব্বপ্ৰধান ঠাই পালে, তাকো ক’ব। কোন ষ্টেশ্যনৰপৰা অমুক ঠাইলৈ যাব পাৰি তাকো ক’ব। (লণ্ডনত ষ্টেশ্যন বহুতো, ‘টাৰ্মিনাচ’ ষ্টেশ্যনেই বহুত, সৰু-সুৰাৰতো কথাই নাই।) পুলিচম্যানে নজনা কথা নাই। কৈছোঁ নহয়, তেওঁ বিপদৰ বন্ধু।

 কিন্তু কলিকতাত পুলিচম্যানবোৰে তিমান খবৰ নেৰাখে। মোৰ মনত আছে, ১৮৯৯ চনত এজন ব্যাৰিষ্টাৰ (এতিয়া তেওঁৰ প্ৰেক্‌টিচ নামকৰা, ব্যৱহাৰজীৱী, তেতিয়া একো নাছিল) আৰু মই বৌবাজাৰ বাটেদি এখন কেৰেয়া গাড়ীকৈ ফুৰিবলৈ গৈছিলোঁ—