চাণক্য
চাণক্য
(অসমীয়া ভাঙ্গনি)
৺ ৰামপতি ৰচিত।
চাণক্য।
( অসমীয়া, ভাঙ্গনি )
কবিবৰ ৺ ৰামপতিৰ
দ্বাৰা ৰচিত।
শ্ৰীযোগানন্দ দত্ত দ্বাৰা
প্ৰকাশিত।
তেজপুৰ।
প্ৰথম তাঙ্গৰণ।
কলিকাতা,
৬নং কলেজ-স্কোয়াৰ, সাম্য যন্ত্ৰত,
সেথ আবদুল লতিফ দ্বাৰা মুদ্ৰিত।
শঙ্কৰাব্দ ৪৬৪
পাতনি।
⸻
আজিকালি ভাৰতবৰ্ষৰ ভিতৰত অসমীয়া জাতিৰ নিচিনা নগণ্য জাতি নাই বুলিলেও বঢ়াই কোবা নহয়। যি জাতি নগণ্য তাৰ ভাষা আৰু সাহিত্যও যে লেখৰ বাজ তাক কোৱাৰ সকাম নাই। কিন্তু দুশ বা আঢৈশ বছৰৰ পূব্বলৈকে আমাৰ দেশৰ মানুহৰ আৰু তেওঁবিলাকৰ ভাষা আৰু সাহিত্যৰ যে এনে শোচনীয় অবস্থা নাছিল তাক বুৰঞ্জীৰ পাঠক মাত্ৰেই জানে। যি দেশৰ মানুহক আৰংজেবৰ নিচিনা প্ৰৱল প্ৰতাপী দিলীৰ সম্ৰাটে সদৌ চেষ্টা কৰিও কৰতলীয়া কৰিব নোৱাৰিলে, যি দেশৰ ৰজাই কুৰুক্ষেত্ৰৰ যুদ্ধত বীৰ বুলি প্ৰতিগণিত হৈছিল আৰু যি দেশৰ ৰজাই নলন্দাৰ মেলাত শিলাদিত্যৰ সমানে মান পাই ছিল, সেহ দেশ যে এ সময়ত ভাৰতবৰ্ষৰ ভিতৰত এখন প্ৰসিদ্ধ দেশ আছিল তাক কোনো নিৰপেক্ষ মানুহে অস্বীকাৰ কৰিব নোৱাৰে। যি দেশৰ ভাষা আৰু সাহিত্য আলোচনা কৰি ডাক্তৰ গ্ৰিয়াবচনৰ নিচিনা এজন বিদগ্ধ পণ্ডিতেও, এসময়ত অসমীয়া সাহিত্য বঙ্গদেশৰ সাহিত্যতকৈয়ো চহকী আছিল বুলি মত প্ৰকাশ কৰিছে, সেই ভাষা আৰু সাহিত্য যে এসময়ত অতি সমৃদ্ধি শালী আছিল তাক আওকথকী মানুহত বাহিৰে কোনেও নুই নকৰে। কিন্তু আমি আজিকালি “ৰণত পৰি কলীয়া হৈছোঁ আৰু তেল নাই কিয়াত ফঁপৰীয়া হৈছোঁ”। অসমীয়া জাতিয়ে, অসমীয়া ভাষাই আৰু অসমীয়া সাহিত্যই আকৌ পূৰ্ব্বৰ গৌৰৱ [ ৫ ] লাভ কৰিব পাৰিবনে নোৱাৰে সি ভবিষ্যতৰ গৰ্ভত; কিন্তু দেখি মনত অলপ সন্তোষ লাগিছে যে আজিকালি অনেক শিক্ষিত অসমীয়া ডেকাই অসমীয়া সাহিত্যৰ আলোচনাত হাত দিছে; আৰু অনেক লুপ্ত প্ৰায় অসমীয়া সাহিত্যৰ বহুমূল্য ৰত্নবিলাক, লাহে লাহে বিস্মৃতিৰ গৰ্ভৰপৰা লোক সমাজৰ আগত প্ৰকাশিত হবলৈ ধৰিছে। আৰু গবৰ্ণমেণ্টও যথাসাধ্য চেষ্টা আৰু সহায় কৰিছে।সযিসকল দেশহিতৈষী মহৎলোক পুৰণি অসমীয়া সাহিত্য প্ৰকাশ কৰাত হাত দিছে তেওঁ বিলাকৰ উজ্জ্বল দৃষ্টান্ত অনুসৰণ কৰি মই আজি অসমীয়া সাহিত্যানুৰাগী লোক সকলৰ আগত এই চাণক্য পুথিখনি ধৰিলোঁ। আৰু আশা কৰিলোঁ পুথিখনিয়ে যেন তেঁও বিলাকৰ পৰা যথোচিত আদৰ পায়। চাণক্য পুথি সংস্কৃত ভাষাত ১০৮টা শ্লোকত ৰচনা কৰি চাণক্যৰ নামেৰে অভিহিত হয়। পুথিখনি আকাৰত সৰু হলেও তাৰ প্ৰতিশ্লোকই
একোটি বহুমূল্য ৰত্নৰ নিচিনা। সাগৰৰ নিচিনা অসীম সংস্কৃত সাহিত্যৰ অনেক শাস্ত্ৰৰ পৰা ৰাজনীতি, সমাজনীতি আৰু গাহৰ্স্থ্য নীতি মূলক উপদেশবিলাক উদ্ধাৰ কৰি এই পুথিখনি যুগুত কৰা হৈছে। গ্ৰন্থকাৰে পাতনিত লেখিছে যে “নানা শাস্ত্ৰোদ্ধৃতং বক্ষ্যে ৰাজনীতিসমুচ্চয়ং। সৰ্ব্ববীজমিদং শাস্ত্ৰং চাণক্যসাৰ সংগ্ৰহম্॥ বাস্তবিক পক্ষেও পুথিখনিক সকলো শাস্ত্ৰৰ বীজ বোলা অযুগুত হোৱা নাই। চাণক্যৰ শ্লোকবিলাক কিমান গভীৰ উপদেশ পূৰ্ণ তাক বহলাই কোৱাৰ প্ৰয়োজন নাই। বোধ কৰো ভাৰতবৰ্ষত এনে ভাষা নাই যি ভাষাত এই পুথি খনিৰ ভাঙ্গনি নাই। অসমীয়া ভাষাতো এই পুথি খনিৰ একাধিক ভাঙ্গনি দেখিবলৈ পোৱা যায়। মোৰ হাতত অসমীয়া ভাঙ্গনি দুখন পৰি [ ৬ ]অতি দানে বলী ৰজা পাইলেক বন্ধন।
অতি দৰ্পে নষ্ট ভৈলা লঙ্কাৰ ৰাৱন॥
অতি ৰূপে সীতাৰ দুখৰ নাহি পাব।
তিনিয়ো নুহিকে ভাল জানা সাৰেসাৰ॥[*]
অসমীয়া চাণক্য।
‘অতিৰূপেণ বৈ সীতা অতি গৰ্ব্বেন বাৱণঃ।
অতি দানাদবলিৰ্বদ্ধোহ্যতি সৰ্ব্বত্ৰ বজ্ৰয়েৎ॥
বৃদ্ধ চাণক্য।
অতি দৰ্পে হতা লঙ্কা অতি মানেচ কৌৰবাঃ।
অতিদানে বলিবৰ্দ্ধ: সৰ্বমত্যন্ত গৰ্হিতম্॥
বন্ধু চাণক্য।
“নদীত বিাশ্বস নাহি নাৱৰ লক্ষিত।
শৃঙ্গী অস্ত্ৰধাবীৰ নুবুজি তাৰ চিত।
ৰাজাত ভাৰ্য্যাত কেহো নকৰি বিশ্বাস।
ইটো ছয় অপোন নুহিকে নাপায় আশ॥[t]
অসমীয়া চাণক্য।
“নথিনাংচ নদীনাংচ শৃঙ্গিনাং শস্ত্ৰ-ধাৰিণাম্।
বিশ্বাসো নৈব কৰ্ত্তব্যঃ স্ত্ৰীষু ৰাজকুলেষু চ॥
লঘু চাণক্য।
“শৃঙ্গিনাং নথিনাং চৈব দংষ্ট্ৰীনাং দূৰ্জ্জনস্যচ।
নদীনাং বসতৌ শ্ৰীনাং বিশ্বাসো নৈব কাৰয়েৎ।
শুক্ৰনীতি, ৩য়, অধ্যায়।
* ^ বৃদ্ধ চাণক্যৰ মূলৰ লগত হে মিলিছে।
t ^ দুয়োটাৰ লগত অলপ অমিল আছে। [ ৭ ]“ইঙ্গিত আকাৰে কাৰ্য্য বুজিবেক
হৈবে কিছু বলৱন্ত।
নৃপতিৰ যিটো হিত মানি মনে
সদায় সেৱা কৰন্ত॥
পাঞ্চিলে কৰ্ম্মক আলোচনা কৰে।
সাধি আসৈ প্ৰতিনিত।
নৃপতি সকলে পাঞ্চিবাক লাগি
সেহিসে দূত উচিত॥[*]
অসমীয়া চাণক্য।
ধীৰো যথোক্তবাদীচ এষ দূতঃ বিধীয়তে॥”
লঘু চাণক্য।
“দূতং চৈব প্ৰকুৰ্ব্বীত সৰ্ব্বশাস্ত্ৰ বিশাৰদম্।
ইঙ্গিতাকাবচেষ্টজ্ঞং শুচিং দক্ষং কুলোদ্যতম্॥
অনুৰক্তঃ শুচিৰ্দক্ষঃ স্মৃতিমান্ দেশকালবিৎ।
বপুষ্মান বীতভীৰ্ব্বাগ্মী দূতো ৰাজ্ঞঃ প্ৰশস্যতে॥
মনুসংহিতা ৭ম, অধ্যায়
“ইঙ্গিতাকাৰ চেষ্টজ্ঞঃ স্মৃতিমান দেশকালবিৎ।
যাড়্ গুণ্য মন্ত্ৰবিদ বাগ্মী বীতভীৰ্দূত উচ্যতে॥
শুক্ৰনীতি ২য়, অধ্যায়।
“ভক্তোগুণীশুচিৰ্দক্ষো প্ৰগল্ভোহব্যসনী ক্ষমী।
ব্ৰাহ্মণঃ পৰমৰ্ম্মজ্ঞো দুতঃস্যাং প্ৰতিভান্বান॥
^ মনুসংহিতাৰ মতেহে মিল। [ ৮ ] চেলু বিচাৰিবলৈ ধৰিলে। তেওঁ ভাবিলে যেনেকৈ হাবিজুইয়ে হাবিপোৰে তেনেকৈ ঘৰৰ শত্ৰুয়ে ঘৰৰ সৰ্ব্বনাশ কৰে। সেই কাৰণে তেওঁ ৰজাৰ ঘৰৰ আত্মকন্দল বিচাৰিবলৈ ধৰিলে। তেওঁ মন্ত্ৰীৰ মুখৰ পৰা জানিলে যে ৰজাৰ জ্যেষ্ঠ পুত্ৰ চন্দ্ৰগুপ্ত অতিশান্ত স্বভাব, বুদ্ধিমান, কৃতজ্ঞ আৰু সাহিয়াল। চন্দ্ৰগুপ্ত ভায়েক হঁতৰ দৌৰাত্ম্যত অতি উৎপীড়িত আৰু বিৰক্ত। তেওঁকে হাত কৰিলব পাৰিলে কাৰ্য্যসিদ্ধিৰ সুযোগ ঘটিব। ইয়াকে থিৰ কৰি তেওঁক আৰু ৰজাৰ বেটী এজনাক হাত কৰি ললে। তেওঁ লোকৰ দ্বাৰা ৰজাৰ সকলো ভিতৰুৱা বাতৰি জানিব পাৰিলে। তাৰ পাচত বন্দ্ৰগুপ্তক ৰজা পাতিম বুলি অঙ্গীকাৰ কৰি নিভৃত তপোবনত গোপনে অবস্থানপূৰ্ব্বক সেই বিলাক গৃহশত্ৰুৰ সহায়ত নন্দ বংশ ধ্বংস কৰিলে। তেওঁ যেনেকৈ নন্দ আৰু তেওঁৰ পুতেক কেইজনক মাৰিলে প্ৰভুভক্ত মন্ত্ৰী ৰাক্ষসৰ অশেষ যত্ন যেনেকৈ বিফল কৰিলে সেই বিষয়ে মুদ্ৰা ৰাক্ষস নামে প্ৰসিদ্ধ সংস্কৃত নাটকত বিস্তাৰিতৰূপে লিখা আছে অৱশেষত শকটাৰ মন্ত্ৰীয়ে নন্দ মৰাৰ পিচত নিজকৃত ৰাজদ্ৰোহ পাতকৰ প্ৰায়শ্চিত্তৰ নিমিত্তে অনাহাৰে অৰণ্যত প্ৰাণত্যাগ কৰিলে। [*]
*^ কোনো কোনোৰ মতে শকটাৰ মন্ত্ৰীয়ে নিজেই ৰাজাক বধ কৰিলে।
তাৰপিচত নন্দৰ পুতেকহঁত্ কিছুমান দিন ৰাজত্ব কৰোতে চন্দ্ৰগুপ্তই চাণক্যৰ মন্ত্ৰনা আৰু বুদ্ধি কৌশলত ভায়েকহঁতক বধ কৰি ৰজা হয়। কোনোৰ মতে চাণক্যই শ্ৰাদ্ধস্থলত অপমান পাই তপোবনত তিনিদিন অভিচাৰ সাধন কৰে। পূজাৰ আয়চা নিৰ্ম্মালি শকটাৰলৈ পাঠায় দিয়ে। মন্ত্ৰীয়ে সেই বিষময় নিৰ্ম্মালি এজনী বেটীৰ হতুৱায় ৰজাৰ অন্তেষপুৰলৈ পঠায় বেটীয়ে কোনো উপায়েৰে সেই নিৰ্ম্মালী ৰজা আৰু ৰাজকুমাৰহঁতৰ গাত লগায় দিলে। সেই নিৰ্ম্মালী গাত লগাত তেওঁ লোক তিন দিনৰ ভিতৰতে পৰে। কোনো কোনোৱে কয় যে চাণক্যই গুপ্তচৰৰ হতুৱাই নন্দক বধ কৰে। যেনে - “নন্দং জঘান চাণক্য [ ৯ ] চাণক্যই সকলো শত্ৰু ধ্বংস কৰিলে বুলিও বাক্ষস মন্ত্ৰীৰ
চুলি এডালকে অনিষ্ট কৰিব নোৱাৰিলে। মন্ত্ৰীয়ে যিমান পাৰে
চন্দ্ৰগুপ্তৰ অনিষ্ট কৰিবলৈ সুযোগ বিচাৰিবলৈ ধৰিলে। সপুত্ৰ
নন্দৰ মৃত্যুত হোৱাৰ পিচতো চন্দ্ৰগুপ্তৰ ৰাজ্য লাভ বেগতে নহৈছিল। বুদ্ধিমন্ত ৰাক্ষস মন্ত্ৰীয়ে সৰ্বাৰ্থসিদ্ধি নামেৰে বাজভাতৃক
ৰজাপতি চাণক্য আৰু চন্দ্ৰগুপ্তৰ বধৰ কাৰণে নানাৰকম ৰড়যন্ত্ৰ
কৰিবলৈ ধৰিলে আৰু ৰজা প্ৰজা সকলোকে চন্দ্ৰগুপ্তৰ বিৰুদ্ধে
ঠিয় কৰিলে। কিন্তু একোতেই মন্ত্ৰীৰ বাসনা সিদ্ধি নহল।
চাণক্যৰ বুদ্ধি কৌশলত সকলো ব্যৰ্থ হল। চাণক্যই বিপক্ষ
দলক তল কৰি দুরুহ প্ৰতিজ্ঞা সাগৰ পাৰ হল। ননন্দৰ সিংহাসনত
চক্ৰ গুপ্তক স্থাপিত কৰি নিজে মন্ত্ৰী পদ গ্ৰহণ কৰিয়ে।
কাৰ্য্যৰ গতিকে ৰাক্ষস চাণক্যৰ ঘোৰ শক্ৰ হলেও মন্ত্ৰীৰ
নিঃস্বাৰ্থ প্ৰভু ভক্তি, বৰ্ত্তব্য কাৰ্য্যত পৰায়ন, অতিশয় বুদ্ধিমান আৰু
অতি আচৰিত মন্ত্ৰনা কৌশল দেখি মনে মনে চাণক্যে তেওঁক
ভক্তি কৰিছিল। চানক্যে এইটো জানিছিল যে “মই যি কুটীল
নীতিত দীক্ষিত হৈছোসি মোৰ নিচিনা ব্ৰাহ্মণৰ অতি কলঙ্ক আৰু
গৰ্হিত কাৰ্য্য। মই প্ৰতিজ্ঞা পূৰ্ণ হোৱাত এই পথ সোনকালে
এৰিব লাগে। কিন্তু এই প্ৰভূভক্ত মৰ্চী চন্দ্ৰ গুপ্তৰ বিপক্ষ হৈ
থাকিলে তেওঁক বাৰু কেতিয়াও নিষ্কণ্টক নহয়। ইয়াকে ভাবি
স্থিৰ কৰিলে যেনে উপায়েৰে হওক ৰাক্ষসক হাত কৰি তেওঁকেই
মন্ত্ৰীপদত নিযুক্ত কৰা হওক। এই মন্ত্ৰী সহায় ধাকিলে চন্দ্ৰগুপ্তৰ
কেতিয়াও ভয় নাই। আৰু ৰাজপদো নিষ্কণ্টক হব; ৰাজ্যও
[ ১০ ] ছিল। এখন মাধৱ দাসৰ আৰু আনখন ৰামপতিৰ ভণিত। যদি
বাও দুইখনি পুথি প্ৰায় মিলে তথাপি মাধৱ দাসৰ খনিত নকল কৰোতাৰ অনেক অনেক ভূল থকা দেখি। অসমীয়া ভাষাৰ পৰম হিতৈশী শ্ৰদ্ধাস্পদ শ্ৰীযুক্ত হেমচন্দ্ৰ গোস্বামী এ, এ, কমিচনাৰ মহোদয়ৰ উপদেশ মতে, মই ৺ বামপতিৰ খনকে সাধাৰণৰ আগত প্ৰকাশ কৰিলোঁ। এই খন পুথিত যে নকল কৰোঁতাৰ পাণ্ডি ত্যৰ থোহাভেজাৰ হাত সাৰিছে মই তেনে কথা ক’ব নো খোজো; কিন্তু দুই খনৰ তুলনাত, এই খনি কম দূষিত বুলি বোধ হোৱাত এই খনকে প্ৰকাশ কৰা স্থিৰ কৰিলোঁ৷ দুই এক ঠাইত মাধৱ দাসৰ ভাঙ্গণিও ৰিজাই চাবৰ নিমিত্তে টীকা স্বরূপে দিয়া হৈছে। ৺ৰামপতিৰ ভণিত এখন পুথিৰ ওপষতে নিৰ্ভৰ কৰি এই পুথি প্ৰকাশ কৰিব লগা হোৱাত, পুথি খনিৰ ঠায়ে ঠায়ে ভুল থাকি গল। যদি অসমীয়া জন সাধাৰণৰ অনুগ্ৰহত এই পুথিয়ে দ্বিতীয় তাঙ্গৰণ দেখিবলৈ পায় তেতিয়া আশা কৰোঁ সেই বিলাক দোষ পুথিৰপৰা যথাসাধ্যে গুচাবলৈ চেষ্টা কৰিম।
ভাঙ্গণিৰ গ্ৰন্থকাৰ ৺ৰামপতিৰ জীৱনী সম্বন্ধেও সম্প্ৰতি তলত লিখা মতে অনুমানিৰূপে ধৰা হল। পাৰিলে পিচৰ তাঙ্গ ৰণত এই অভাৱ পুৰ কৰিবলৈ যথাসাধ্য চেষ্টা কৰা যাব।
“১ম ভাগ ‘উষাৰ ৫ম সংখ্যাত থকা "অসমীয়া সাহিত্য চণ্ডী” নামৰ প্ৰবন্ধত চণ্ডীৰ অনুবাদক ৺ ৰুচিনাথৰ পূৰ্ব্বপুৰুষ এ জনৰ নাম ৺ ৰামপতি আছিল। যদি সেই জন। ৰামপতিয়েই চাণ ক্যৰ অনুবাদক হয় তেনেহলে এওঁৰ জন্ম ঠাই আৰু কোন সময়ত আছিল চণ্ডীত উল্লেখ থকামতে যৎকিঞ্চিৎ আভাস পোৱা
যায়। [ ১১ ]( ।• )
চণ্ডীত লিখা মতে ৰামপতিৰ থকা ঠাই লৌহিত্যৰ উত্তৰপাৰৰ নাৰায়ণপুৰত। তেওঁ এজন কবি আাছিল ; ৰুদ্ৰসিংহ স্বৰ্গদেৱৰ দিনত ৰুচিনাথৰ পিতায়েক কৃষ্ণাচাৰ্য্যক *• ৰংপুৰ নগৰলৈ নিয়ে। তাতে ৰুচিনাথৰ জন্ম হয় । ৰুচিনাথে ১৬৮১ শকত চণ্ডীৰ ভাঙ্গণী কৰিছে বুলি সিদ্ধান্ত কৰা হৈছে । ৰামপতি ৰুচিনাথৰ পাঁচ পুৰুষৰ ওপৰ । পূৰাতত্ববিদ পণ্ডিতসকলৰ মতে তিনি পুৰুষত এশ বছৰ ধৰে। সেই দৰে হলে পাঁচ পুৰুষত ১৬৬ বছৰ হয়। তেনে হলে দুয়োৰো ভিতৰত ১৬৬ বছৰৰ আঁতৰ । ১৬৮১-১৬৬ ১৫১৫ শক বা তাৰ অলপ আগপিচ বুলি ৰামপতিৰ সময় অনুমানত ধৰি ল’ব পাৰি। কোনো লোকে ইয়াতকৈ বাহুল্য ৰূপে জানে যদি অনুগ্রহ কৰি যেন জানিবলৈ দিব।
আজিকালি সংস্কৃত চাণকাত যি ১০৮ অষ্টোত্তৰ শত শ্লোক আছে, এই পুথিত প্রায় বিলাকৰ তাৰ মূল ভাঙ্গণী নহয়। বহুতৰো অলপ নহয় অলপ লৰছৰ আছে। আৰু কোনো কোনো ঠাইত উদাহৰণবিলাকতো একোটা শ্লোকৰ ভাঙ্গণী আছে। কিছুমান একেবাৰে অমিল। কম ভাগৰে-সৈতে হে মূলৰ লগত মিল। পদত যদিও ‘অষ্টোত্তৰ শত শ্লোক কহন্ত চাণক্য। অৰ্থ ভাঙ্গি পদবন্ধে নিবন্ধিলো তাক” বুলি কৈছে, তত্ৰাচ মূল ভাঙ্গণীৰ যি উদাহৰণ স্বৰূপে দেখুৱাইছে তাৰে সৈতে হে ১০৮টা মান শ্লোকৰ পদৰ ভাঙ্গনী হব । মূলৰ লগতে যে ইয়াৰ কিমান অমিল আছে তলত তাৰ গোটাদিয়েক উদাহৰণ স্বৰূপে দিয়া হল।
“অতি দান অতি দৰ্প নুহিকন্ত ভাল ।
অতি ৰূপবৰ্তী কণ্য়া নুহিকন্ত ভাল ॥
- ভবিষ্য সংগ্ৰহৰ অনুবাদকৰ নামো কৃষ্ণাচাৰ্য্য আছিল। [ ১২ ] সুচাৰুৰূপে চলিব। চাণক্যৰ অবৰ্থ্য বুদ্ধি কৌশলত অৱশেষত
সেয়ে হল। ৰাক্ষস মন্ত্ৰী লাহে লাহে সকলো সহায়ৰপৰা পৃথক হৈ চাণক্যৰ হস্তগত হল। চাণ্যক্যে যথোচিত ভক্তি আৰু সৌজন্যৰ দ্বাৰা মন্ত্ৰীক প্ৰীত কৰালে। আৰু তেওঁক প্ৰতিজ্ঞা কৰাই চন্দ্ৰ- গুপ্তৰ প্ৰধান মন্ত্ৰী পাতিলে। ৰাক্ষসে মন্ত্ৰী পদ গ্ৰহণ কৰাৰ পিচত নিজে ৰাজকাৰ্য্য পৰা অৱসৰ গ্ৰহণ কৰিলে।
চাণক্য এজন অদ্বিতীয় পণ্ডিত আৰু আলৌকিক প্ৰতিভাৰ লোক আছিল। বৈৰী নিৰ্য্যাতন প্ৰতিজ্ঞায় তেওঁৰ যি প্ৰতিভা কালমূৰ্ত্তি অগ্নি জ্বলিছিল, প্ৰতিজ্ঞা পালনৰ শেহত সেই প্ৰতিভাই আকৌ হোমৰ অগ্নিৰ দৰে হল। চাণক্যৰ যি তেজে বজ্ৰ অগ্নি বৰ্ষণ কৰিছিলে সেইতেজেই শেষত আকৌ অমৃত বৰ্ষণ কৰি সকলো জীবক আনন্দিত কৰিলে।। ব্যাস, বাল্মিকী প্ৰভৃতি পৰম দয়ালু মহৰ্ষি সকলৰ পথ অৱলম্বন কৰি বিশ্বজনীন উপদেশশাস্ত্ৰ সৃষ্টি কৰিলে।
চাণক্যে কেনেকৈ নন্দ আৰু তেওঁৰ পুতেক হতক বধ কৰি চন্দ্ৰগুপ্তক ৰজা পাতিলে তাৰ সংক্ষেপ বিবৰণ দিয়াগল। এতিয়া তেওঁৰ নীতিশাস্ত্ৰৰ বিযয় অল্প আলোচনা কৰা যাওঁক। কিন্তু চাণক্যৰ নীতিশাস্ত্ৰৰ বিষয় আলোচনা কৰাৰ আগেয়ে যিবিলাক নীতিশাস্ত্ৰ তাৰ পৰ্বে আছিল তাৰ অনুসন্ধান কৰা আবশ্যক।
মহাভাৰতৰ ৰাজধৰ্ম্মত নীতিশাস্ত্ৰৰ বিষয়ে এইদৰে বিবৰণ পোৱা যায়-
ততোহধ্যায় সহস্ৰানাং শতংচক্ৰে স্ববুদ্ধিজম্।
যত্ৰ ধৰ্ম্মস্তথৈবাৰ্থঃ কামশ্চৈবাভিবৰ্ণিতঃ।
ত্ৰিবৰ্গ ইতি বিখ্যাতোগণ এব স্বৰম্ভূবা।
চতুৰ্খো মোক্ষ ইত্যেব পৃথগৰ্খঃ পৃথগ্গুণঃ॥
* *
ততস্তাং ভগবান নীতিং পূৰ্ব্বং জগ্ৰাহশঙ্কৰং।
বহুৰূপো বিশালাক্ষঃ শিবঃ স্থানুৰুমাপতিঃ॥
প্ৰজানামায়ুষো হ্ৰাসং বিজ্ঞায় ভগবান্শিব:।
সঞ্চিক্ষেপ ততঃশাস্ত্ৰং মহাৰ্থং ব্ৰহ্মণা কৃতম্॥
বৈশালাক্ষমিতি প্ৰোক্তং তদিন্দ্ৰঃ প্ৰতাপদ্যত।
দশাধ্য়ায় সহস্ৰাণি সুব্ৰক্ষণ্যো মহাতপা॥
ভগবানপি তচ্ছাস্ত্ৰং সঞ্চিক্ষেপ পুৰন্দৰঃ।
সহশ্ৰৈ: পঞ্চভিন্তাত যদুক্তং বাহুদন্তিকম্॥
অধ্যায়ানাং সহস্ৰৈন্ত ত্ৰিভিৰেব বৃহস্পতিঃ।
সঞ্চিক্ষেপেশ্বৰো বৃদ্ধা বাৰ্হম্পত্যং যদুচ্যত॥
অধ্যায়ানাং সহস্ৰেণ কাব্যঃ সংক্ষেপ মব্ৰবীৎ।
তচ্ছাস্ত্ৰমমিতপ্ৰজ্ঞো যোগাচাৰ্য্যো মহাযশাঃ॥
এবং লোকানুৰোধেণ কাবামেতম্মহৰ্থিভিঃ।
সংক্ষিপ্তমায়ুবিজ্ঞায় মৰ্ত্ত্যানাং হ্ৰাসমেবচ।”*
* ব্ৰহ্মাই পৃথিবীৰ মানুহৰ কাৰণে একলাখ অধ্যায়ৰ নীতিশাস্ত্ৰ প্ৰনয়ন কৰে। শিবই ব্ৰক্ষাৰ পৰা সেই নীতিশাস্ত্ৰ পাই, আৰু ক্ৰমে মানুহৰ আয়ুষ কম হোৱা দেখি তাকে সংক্ষিপ্ত কৰি দহ হাজাৰ অধ্যায়ত প্ৰণয়ণ কৰিলে, শিবৰ এটা নাম বিশালাক্ষ, এই কাৰণে শিবপ্ৰণীত নীতি শাস্ত্ৰৰ নাম বৈশা- লাক্ষ। ইন্দ্ৰই শিব প্ৰণীত নীতিশাস্ত্ৰকে সংক্ষিপ্ত কৰি পাচ হাজাৰ অধ্যায়ত প্ৰণয়ন কৰে। ইন্দ্ৰৰ এটানাম বহুদন্তী এই কাৰণে ইন্দ্ৰ প্ৰণীত নীতি শাস্ত্ৰক বাহুদন্তিক বোলে। বৃহস্পতিয়ে ইন্দ্ৰপ্ৰণীত নীতিশাস্ত্ৰক সংক্ষেপ কৰি তিনিহাজাৰ অধ্যায়ত প্ৰণয়ন কৰিছিল। বৃহস্পতি প্ৰণীত নীতিশাস্ত্ৰক বাৰ্হস্পত্য বোলে। শুক্ৰাচাৰ্য্য বৃহস্পতি প্ৰণীত শাস্ত্ৰকে এহেজাৰ অধ্যায়ত প্ৰণীত কৰে। সেই কাৰণে [ ১৪ ] মহাভাৰতৰ ৰাজধৰ্ম্ম আৰু এঠাইত আছে।–
বিশালক্ষশ্চ ভগবান্ কাব্যশ্চৈব মহাতপাঃ।
সহস্ৰাক্ষো মহেন্দ্ৰশ্চ তথাপ্ৰাচেতসে৷ মনুঃ॥
ভাৰদ্বাজশ্ব ভগবান্ তথা গৌৰশিৰামুনিঃ।
মহাভাৰতৰ পিচৰ গ্ৰন্থ বিলাকতো নীতিশাস্ত্ৰ বিষয়ে এনে বহুত প্ৰমান আছে। কামন্দক-নীতিৰ প্ৰাচীন আৰু প্ৰমাণিক টীকাকাৰে এইদৰে লিখিছে।
ব্ৰহ্মাধ্যায় সহস্ৰাণাং, শতংচক্ৰে স্ববুদ্ধিজম্।
তন্নাৰদেন শক্ৰেণ গুৰুণা ভাৰ্গবেণচ॥
ভাৰদ্ধাজ বিশালাক্ষ ভীষ্মপাৰাশৰৈস্তথা।
সংক্ষিপ্তং মম্বনাচৈব তথা চান্যৈমৰ্হৰ্ষিভিঃ॥
প্ৰজানামায়ুষো হ্ৰাসং বিজ্ঞাঁয়চ মহত্মনা।
সংক্ষিপ্তং বিষ্ণুগুপ্তেন নৃপানামৰ্থ সিদ্ধয়ে॥*
অৰ্থাৎ ব্ৰহ্মাই প্ৰথমে এক লাখ অধ্যায়ক নীতিশাস্ত্ৰ সৃষ্টি কৰে। সেই নীতি শাস্ত্ৰকে সংক্ষেপ কৰি ক্ৰমে নাৰদ, ইন্দ্ৰ, বৃহস্পতি, শুক্ৰ, ভাৰদ্বাজ, শিব, ভীষ্ম, ব্যাস, মনু আদি অন্যান্য মহৰ্ষি সকলে নীতিশাস্ত্ৰ প্ৰণয়ন কৰে। লাহে লাহে যেতিয়া মানুহৰ পৰমায়ু কমহৈ আহিবলৈ ধৰিলে, সেই বিলাক বাহুল্য নীতি শাস্ত্ৰ সকলোৰ পক্ষে আয়ত্ত কৰা অসাধ্য হল। তেতিয়া। মহাত্মা চাণক্য আবিৰ্ভূতহৈ সেই বিলাক শাস্ত্ৰৰ সাৰ উদ্ধাৰ।
তেওঁৰ প্ৰণীত নীতিশাস্ত্ৰক উশনস বোলে। মহৰ্শি সকলে ক্ৰমে মানুহৰ পৰমায়ু কমহোৱাৰ লগে লগে এইদৰে নীতিশাস্ত্ৰও সংক্ষেপ কৰিছে।
- ভগবান শিব, ওক্ৰাচাৰ্য্য, ইন্দ্ৰ, প্ৰজাপতি মনু, ভৰদ্বাজ, গৌৰশিৰা
প্ৰভৃতি ব্ৰক্ষ্মবাদী সকল ৰাজনীতি শাস্তৰ প্ৰণেতা। [ ১৫ ] কৰিলে। কোৱা আছে চাণক্যই নিজৰ নীতিশাস্ত্ৰক ছয় হেজাৰ শ্লোকেৰে সম্পূৰ্ণ কৰিছিল। তাৰ প্ৰমাণ প্ৰাচীন কবি আৰু আলঙ্কাৰিক আচাৰ্য্য দণ্ডীধৰ দশকুমাৰ চৰিত্ৰ গ্ৰন্থৰ বিশ্ৰুত চৰিতৰ এঠাইত এইদৰে লিখা আছে। “অধীষ্ব তাৰদ্ধণ্ড নীতিম্। ইয়মিদানীমাচাৰ্য্যবিষ্ণুগুপ্তেন মৌৰ্য্যাৰ্থে ষড়্ভিশ্লোকসহস্ৰৈঃ সংক্ষিপ্তা॥ অৰ্থাৎ ৰাজনীতি শাস্ত্ৰ অধ্যয়ন কৰা। এতিয়া আচাৰ্য্য বিষ্ণুগুপ্ত অৰ্থাৎচাণক্য, মৌৰ্য্যবংশীয় চত্ৰগুপ্তৰ কাৰণে এই নীতিশাস্ত্ৰ ছয় হেজাৰ শ্লোকত সংক্ষেপে ৰচনা কৰিছে। সেই গ্ৰন্থৰে আন এঠাইত প্ৰাচীন আৰ্য্যযুগৰ নীতিশাস্ত্ৰ কাৰনিক লৰ বিষয়ে এইদৰে আছেঃ— যেহাপি মতিকৰ্কশাস্ত্ৰন্ত্ৰকাৰী শুক্ৰ দিবস।
বিশালাক্ষ বহুদস্তি পুত্ৰ পৰাশৰ প্ৰভৃতয়ঃ
দশকুমাৰ ৰচিত, ৮ম উচ্ছাস।
ওপৰত লিখা প্ৰমান বিলাকৰ পৰা বুজা যায় যে আৰ্য্যযুগৰ শেষত চাণক্যই নীতিশাস্ত্ৰৰ প্ৰথম সংস্কাৰক। সুপ্ৰনিদ্ধ নীতিসাৰ নামক নীতিশাস্ত্ৰৰ ৰচয়িতা কামন্দক চাণক্যৰ এজন প্ৰধান শিষ্য আছিল। যি সময়ত চাণক্যৰ সহায়ত চন্দ্ৰগুপ্তে মন্দবংশ ধ্বংস কৰি পাটলিপুত্ৰত ৰাজসিংহাসনত বহে। সেই সময়ত কামন্দকে “নীতিসাৰ” গ্ৰন্থৰ প্ৰণয়ন কৰি কিতাপ খনি চন্দ্ৰগুপ্তৰ নামে উচৰ্গা কৰে। সেই কিতাপত গ্ৰন্থকাৰে মঙ্গলাচৰণত চাণক্যৰ বিষয়ে এইদৰে লিখিছে।-
“বংশে বিশাল বংশ্যানামৃষীণামিব ভূয়সাম্।
অপ্ৰতিগ্ৰহকাণাং যো যভূব ভূবি বিশ্ৰুতঃ॥
জাতবেদা ইবাৰ্চ্চিম্মান্ বেদান্ বেদবিদাং বৰঃ।
যোহধীতবান্ সুচতুৰশ্চতুৰোহুপ্যেক বেদবৎ॥
যস্যাভিচাৰবৰ্জেণ বৰ্জ্ৰজ্বলনতেজ্বসঃ।
পপাতমূলতঃ শ্ৰীমান্ সুপৰ্ব্বা নন্দ পৰ্ব্বতঃ॥
একাকী মন্তশক্ত্যা যঃ শক্ত্যা শক্তিধৰোপমঃ।
আজহাৰ নৃচন্দ্ৰায় চন্দ্ৰগুপ্তায় মেদিনীম্॥
নীতিশাস্ত্ৰামৃতং ধীমানৰ্থ শাস্ত্ৰমহোদধেঃ।
সমূদ্দয়ে নমস্তসৈ বিষ্ণুগুপ্তায় বেধসে।
সেই গ্ৰন্থৰে এঠাইত লিখা আছে ব্ৰহ্মাই প্ৰজা পালনৰ কাৰণে এক লক্ষ অধ্যায়ৰ ত্ৰিবৰ্গ বিষয়ক নীতিশাস্ত্ৰ প্ৰণয়ন কৰে। স্বায়ম্ভূৰ মনুয়ে সেই শাস্ত্ৰৰ ধৰ্মপ্ৰকৰণ লৈ এখন নীতিশাস্ত্ৰ ৰচনা কৰে। বৃহস্পতিৰ বাহল্য অৰ্থশাস্ত্ৰৰ সাৰ উদ্ধাৰ কৰি চাণক্যে এখন নীতিশাস্ত্ৰ ৰচনা কৰে। * ইয়াৰ এটা প্ৰমাণ যে অনেক ঠাইত বৃহস্পতিৰ শ্লোক আক শ্লোক অংশেষে চাণক্য শ্লোক মিল দেখা যায়। কেইটামান উদাহৰণ স্বৰূপে তলত দিয়া হল।
১। যো ধ্ৰুবাণি পৰিত্যজ্য অধ্ৰুবাণিচ সেবতে॥
ধ্ৰুবাণি তস্য নশ্যন্তি অধ্ৰুবং নষ্টমেবচ॥
২। গুণবন্তং নিবুঞ্জীত গুণহীনং বিবজ্জয়েৎ।
পণ্ডিতস্য গুণাঃ সৰ্ব্বে মুখে দোবাশ্চ কেবলম্॥
“তথ৷ চোক্তং কানসূত্ৰেহম্মদগুৰুণা, 'প্ৰজাপতিহ প্ৰজা সৃষ্টা তাসাং স্তিতিনিবন্ধনং ত্ৰিবৰ্গস্য শাসনম্ অধ্যায়নাং শত সহস্ৰানগ্ৰে প্ৰোবাচ। তস্যৈক বেশং স্বায়ম্ভূবো মনুধৰ্ম্মাদিকাৰৈং পৃথক চকাৰ। বৃহস্পতিৰৰ্থাধিকাধিকমিতি। তত্ৰলক্ষাধ্যায়তৃতীয় তৃতীয়াংশেন কোটি গ্ৰন্থবিস্তৃতং সম্ভাব্যত এবাৰ্থ শাস্ত্ৰম্।
তদেবগাম্ভীৰ্য্যাৎ মহ৷ প্ৰমাণত্তাচ্চ মহোদধিৰিব। তস্মাৎ যউদ্দধ্ৰে উদ্ধৃতবান।” [ ১৭ ]৩। ন কশ্চিৎ কস্যচিন্মিত্ৰং নকশ্চিৎ কস্যচিদ্ৰিপুঃ।
কাৰণাদেব জায়ন্তে মিত্ৰানি ৰিপবস্তথা॥
৪। ফুভাৰ্য্যাং চ কুমিত্ৰং চ কুৰাজানং কুসৌহ্ৰদম।
কু বন্ধুং চ কুদেশং চ দুৰত: পৰিবৰ্জ্জয়েৎ॥
বৃহস্পতি নীতি।
এতিয়া ভালেমান শাস্ত্ৰীয় প্ৰমাণৰ দ্বাৰা বুজা যায় যে চাণক্যই ছয় হেজাৰ শ্লোক থকা এখন ৰাজনীতি প্ৰণয়ণ কৰে। চাণক্যৰ নীতিশাস্ত্ৰক তেওঁৰ পিচৰ কোনোব৷ পণ্ডিতে তাতফৈ সংক্ষেপ কৰি বৃদ্ধচাণক্য নাদিছিল। অৱশেষত তেওঁৰ পিচৰ পণ্ডিতে একেবাৰে সংক্ষেপ কৰি লঘুচাণক্য ৰচনা কৰে। বৃদ্ধচাণক্যৰ কোনো গ্ৰন্থত ১৭ অধ্যায় আৰু ৩৪২টা শ্লোক, কোনো কিতাপত তাতকৈয়ো বেচি অধ্যায় আৰু শ্লোক, জাক কোনো কিতাপ। ৮ অধ্যায় আৰু এহেজাৰ শ্লোক দেখা যায়। লঘু চাণক্যৰ বেচিভাগ কিতাপতে ১০৮টা শ্লোক আছে। ভিন ভিন দেশত আদৰ্শ পুথিত শ্লোক বিলাক কম বেচি আৰু লৰচৰ দেখা যায়; সিকেৱল লেখকৰ দোষত। লেখক সকলে প্ৰায় সকলো গ্ৰন্থত নিজৰচিতশ্লোক, শ্লোকৰ অংশ আৰু কোনো ঠাইত নিজ ইচ্ছাৰে একো অধ্যায়কৈ লগাই দিছে। কোনোৱে, অসম্পূৰ্ণ গ্ৰন্থত নিজৰচিত দ্বাৰা মূলৰ অভাবপূৰ্ণ কৰিছে।
চাণক্য শ্লোকৰ আৰম্ভনতে এই কিতা শ্লোক দেখা যায়।-
"আ শৈশবাৎ জননি বাণি! পদাৰবিন্দম্।
আসেবিতং তব তথা প্ৰণিপত্য যাচে।
চাণক্য পণ্ডিত বৰাতি মতাৰ্থ সাৰ্থ
ভাবপ্ৰকাশনবিধৌম বথোপহাস॥”
"নামাশাস্ত্ৰোদ্ধৃতং বক্ষ্যে ৰাজনীতি সমুচ্চয়ম্।
সৰ্ব্ববীজ মিদং শাস্ত্ৰং চাণক্যসাৰসংগ্ৰহম্॥
মূলসূত্ৰং প্ৰবক্ষ্যামি চাণক্যেন যথোদিতম্।
ইয়াৰপৰা বুজা যায় যে আনকোনো পণ্ডিতে চাণক্য প্ৰণীত গ্ৰন্থৰ পৰা সাৰ উদ্ধাৰ কৰি এই লঘু চাণক্য প্ৰচাৰ কৰিছে। নহলে চাণক্যে নিজে লিখি সেইদৰে কোৱা সম্ভৱ নহয়। আৰ শাস্ত্ৰীয় প্ৰমাণৰ পৰা ও বুজা যায় যে উৎপত্তিৰে পৰা আৰম্ভ কৰি ক্ৰমান্বয়ে নীতিশাস্ত্ৰ সংক্ষিপ্ত হৈ আহিছে। তাৰপৰাও অনুভব কৰিব পাৰি যে চাণক্যৰ নীতিশাস্ত্ৰৰ পৰা সাৰ উদ্ধাৰ কৰি আন কোনো পণ্ডিতে ক্ৰমান্বয়ে বৃদ্ধচাণক্য আৰু লঘুচাণক্য প্ৰণয়ন কৰে।
তেজপুৰ,
শ্ৰীযোগানন্দ দত্ত।
৪ আহাৰ, ১৮৩৫।
চাণক্য।
শ্ৰীশ্ৰীকৃষ্ণায় নমঃ।
জয় জয় কৃষ্ণদেৱ অনাদি অনন্ত।
পৰম পুৰুষ সদানন্দ ভগৱন্ত॥
তোমাৰ চৰণে কৰোঁ কোটি নমস্কাৰ।
হৃদয়ত থকি জ্ঞান দিয়োক আমাৰ॥
তযু কৃপা বিনে সবে মিছা পুৰুষাৰ্থ।
তযু অনুগ্ৰহ বিনে সবে হয়ে ব্যৰ্থ।
এতেকে তোমাৰ পাৱে কৰোহোঁ কাতৰ।
পদ বিৰচিবে মন কৰোঁ চাণক্যৰ॥
হৃদয়ত থাকি জ্ঞান দিয়ো প্ৰতি নিত।
বহু কথা দেখি পদ বিৰচিবোঁ চিত॥
সমস্ত শাস্ত্ৰৰ কথা কহন্ত চাণক্যে।
প্ৰস্তাৱৰ বাক্য ব্যক্ত কৰিবোঁ উৎসুকে॥
নপঢ়য় আন শাস্ত্ৰ ইহাক পঢ়য়।
তথাপিতো সিটো সভা পণ্ডিত হোৱয়॥
অষ্টোত্তৰ শত শ্লোক কহন্ত চাণক্যে।
অৰ্থ ভাঙ্গি পদবন্ধে নিবন্ধিলোঁ তাকে।
জ্ঞানৰ সদৃশ আক জানিবা সম্প্ৰতি।
কথাৰ সদৃশ বিৰচিলা ৰাম পতি॥
⸻
প্ৰথমতে কহোঁ শুনা বিষৰ লক্ষণ। (১)
এক বিষ বহু নিদ্ৰা নাহিকে চেতনা॥
এক বিষ ৰাত্ৰিকালে কৰয় গমন।
আৰু এক বিষ জানা অজীৰ্ণ ভোজন॥
নিজে বিষ খাই মৰে নাহিকে সংশয়।
এহি পাঞ্চ বিধ বিষ জানিবা নিশ্চয়॥*
(১) বিষং চঙ্ক্ৰমণং ৰাত্ৰৌ বিষং বাজ্ঞোহনুকৃ লতা
বিষং স্ত্ৰিয়োহপ্যস্তৰতা বিষং ব্যাধি ববীক্ষিতঃ।
অনভ্যাসে বিষং বিদ্যা চাজীৰ্ণে ভোজনং বিষং
বিষং গোষ্ঠী দৰিদ্ৰস্য বৃদ্ধস্য তরুণী বিষং।
ৰি জোৱাঁ।—
এক বিষ বৃক্ষ মূলে কৰন্ত শয়ন।
এক বিষ ৰাত্ৰি কালে কৰন্ত ভ্ৰমণ॥
এক বিষ বহু নিদ্ৰা নাহিকে চেতনা।
আৰু এক বিষ জানা অজীৰ্ণ ভোজন॥
নিজে বিষ খাই মৰে নাহিকে সংশয়।
এহি পাঞ্চ বিধ বিষ কহিলাঁ নিশ্চয়॥
মাধৱদাস।
চোৰত নাহিকে সত্য নাহি দুৰ্জ্জনত। (২)
স্ত্ৰীকুলে নাহিকে সত্য নাহি চাকৰত॥*
অৰণ্য মধ্যত পুষ্প ঘ্ৰাণ মাত্ৰ পাই। (৩)
ঘোৰ অৰণ্যত আনিবৰ শক্য নাই॥
বিদুৰৰ বন্ধু ভৈলে জানা সেহি প্ৰায়।
আছে বুলি জানি তাক দেখিতে নাপায়॥
ৰূপৱন্ত গুণৱন্ত যুবত শৰীৰ। (৪)
উত্তম কুলত জন্ম পৰম গম্ভীৰ॥
বিদ্যা হীন ভৈলে তাক নকৰে প্ৰকাশ।
পলাশ ফুলৰ যেন হানি গন্ধ বাস॥
দুষ্ট ভাৰ্য্যা শঠ মিত্ৰ দুৰ্জ্জন লস্কৰ। (৫)
নাহি কন্ত উদগতি সিটো গৃহস্থৰ॥
(২) ••• ••• ••• •••
(৩) ••• ••• ••• •••
(৪) ৰূপযৌবন সম্পন্না বিশাল কুল সম্ভবাঃ
বিদ্যাহীনা নশোভন্তে নিৰ্গন্ধাইব কিংশুকাঃ।
(৫) দুষ্টা ভাৰ্য্যা শঠং মিত্ৰং ভৃত্যশ্চোত্তৰ দায়কঃ
সসৰ্পেচ গৃহে বাসো মৃত্যুৰেব নসংশয়ঃ।
ৰিজোৱাঁ।—
চোৰত গৰুত সত্য নাহিকে কিঞ্চিৎ।
বৈদ্যত নাহিকে সত্য নাহি মদাহীত॥
গৃহত সদায় সৰ্পে নিবাস কৰয়।
মৰিবাক লাগি তাৰ নাহিকে সংশয়॥
ভোজনক প্ৰশংসা কৰিবা জীৰ্ণ গৈলে। (৬)
নিজ ভাৰ্য্যা প্ৰশংসিবা বৃদ্ধ কাল ভৈলে॥
শস্যক প্ৰশংসা কৰা চাপিলে গৃহত।
পুত্ৰক প্ৰসংশা কৰা জিনিলে ৰণত॥
নুহিকে নৃপতি বিদ্যাৱন্ত সমসৰ। (৭)
নৃপতিক কৰিজনা বিদ্বান ভাঙ্গৰ॥
আপোনাৰ দেশে নৃপতিক পূজা কৰে।
বিদ্যাৱন্ত ভৈলে পূজা কৰয় সংসাৰে॥
তাড়ণা নভৈলে গাধা ভাৰ নবহয়। (৮)
কপট দেহিক দণ্ড কৰিতে লাগয়॥
গ্ৰাম দণ্ড প্ৰজাক কৰিতে লাগে দঁড়ি।
তেবে কাৰ্য্য সিদ্ধি হৱে উঠে ৰাজ কড়ি॥
(৬) জীৰ্ণ ময়ং প্ৰসংসীয়াদ্ ভাৰ্য্যাংচ গত যৌবনাম্
ৰণাৎ প্ৰত্যাগতং পুত্ৰং (শূৰং) শস্যংচ গৃহমাগতম্॥
(৭) বিদ্বত্বঞ্চ নৃপত্বঞ্চ লৈব তুল্যাং কদাচন
স্বদেশে পূজ্যতে ৰাজা বিদ্বান সৰ্ব্বত্ৰ পূজ্যতে।
(৮) ••• ••• ••• •••
দণ্ডিলেসে কৰ্ম্ম কৰে এহি তিনিজন।
ভালমুখে চাহিলে নিসিজে একো বন।
বিষৰ মধ্যত যদি অমৃত থাকয়। (৯)
তথাপিতো নৰে তাক আনিয়া খাৱয়॥
বিষ্ঠাৰ মধ্যত যদি সুবৰ্ণ থাকয়।
নুহিকন্ত অপবিত্ৰ আনিবাক পায়॥
নীচ সামান্যত যদি থাকে বিদ্যাগণ।
তাহাত শিথিয়া লৈব কৰিয়া যতন।
সামান্য কুলত যদি কন্যাৰত্ন থাকে।
উত্তমে আনক তাক কহন্ত চাণক্যে॥
থাকন্ত উত্তম বস্তু অধমৰ ঠাই।
নুহি অপবিত্ৰ তাক আনিবাক পায়।
দান পুণ্য নকৰে নাহিকে লজ্জা ভয়। (১০)
হৰি সেৱা নকৰয় যিটো দুৰাশয়॥
এহি পাঞ্চ গোটা কৰ্ম্ম নাহি যি জনত।
এক তিল না থাকিবা তাহাৰ লগত॥
(৯) বিষাদ প্যমৃতং গ্ৰাহ্যং অমেধ্যাদপি কাঞ্চনম্
নীচাদপ্যুত্তমাং বিদ্যাং স্ত্ৰীৰত্নং দুস্কুলাদপি।
(১০) ••• ••• ••• •••
তাৰ লগে সম্ভাষন হৈবে নুহি ভাল।
তাহাক নৃপতি তেজিবন্ত সৰ্ব্বকাল॥
তেজিবন্ত আলাসি লুভীয়া যিটোজন। (১১)
কপটীক তেজিবা নাপাই তাৰ মন॥
চোৰ খট দাম্ভীকক নেদিবন্ত ঠাই।
অল্প বস্তু পাইলে তাৰ মন তুষ্ট নাই॥
নৃপতিক সেৱা কৰি বাক নাইমন।
বস্তুক লালসে সেৱে পৰম দুৰ্জ্জন॥
লাটি মুটি কৰিয়া এৰাই থাকে কৰ।
ই সবক দূৰ কৰি খেদিবা লগৰ॥
লগত ৰাখিবে ভাল মুহিকে তাহাক।
শুনা প্ৰজাগণে তেজে যিসব ৰাজাক॥ (১২)
অতি যদি উগ্ৰ ভৈল পৰম দুৰ্জ্জন।
খাইবে দিবে নপাৰে ধনক মাত্ৰ মন॥
দুষ্ট জানি প্ৰজায়ে কৰিব পৰিহাৰ।
দেশত যশস্যাহীন হোৱয় তাহাৰ॥
হৈবন্ত শীতল ৰাজা অতি গুণৱন্ত। (১৩)
সত্যক নেৰিব ৰাজা হৈবে ধৰ্ম্মৱন্ত॥
(১১) ••• ••• ••• •••
(১২) ••• ••• ••• •••
(১৩) ••• ••• ••• •••
দয়ালু হৈবন্ত অতি নাইব আক্রোশী ।
তাকেসে পাতিব ৰাজা পৰম আখ্যাদি॥
অতিশান্ত ধীৰমতি ভৈলে নুহি ভাল। (১৪)
তাক ভয় প্রজাৱে নকৰে একো কাল ॥
তাৰমন একোয়ে নপায়ে প্রজাগণ ।
নচাইব আপোন পৰ কৰিবে তাড়ণ॥
নামানে দুর্জ্জনে নৃপতিত লাই পায়া৷ ৷
ডাটিবে মুখত পেটে নাচাৰিবে দায়া॥
নকৰিব ভেদ বুদ্ধি সবাতে সমান ।
দুৰ্জ্জনক লাই দিলে পাই অপমান ।
নৃপতিত লাই পাইলে নকৰয় ভৰ ।
সন্তক কৰয় পীড়া নুগুছে ঝগৰ ॥
দুৰ্য্যোধনে যেন নৃপতিত লাই পায় ।
আৰু তাৰ সখা ভৈল শকুনী মমাই ॥
কর্ণ দুঃশাসনে নৃপতিত পাই আশ ।
হিংসা কৰি পাণ্ডৱক দিলা বন বাস॥
দুৰ্জ্জন বাৱণে মহেশৰ পাই আশ।
উপাৰিলা শঙ্কৰৰ পৰ্ব্বত কৈলাস॥
(১৪) ... ... ... . [ ২৭ ]
কৈকেয়ী যেহেন নৃপতিত লাই পাই।
ৰামক পঠাইলা বনে দেশৰ ডকাই॥
সূৰ্পনখা লাই পায় ৰাম লক্ষণত।
সীতাক খাই বাক খোজে ৰামৰ আগত॥
লাই পাই গোপীগণে ৰহস্যৰ বেলা।
গোপীগণে কৃষ্ণক কৰিলা অৱহেলা॥
জানিকেহো দুৰ্জ্জনক নেদিবাহা লাই।
দুষ্টৰ কাৰণে আপুনিয়ো দুখ পাই।
ভালে থাকে মানে সজ্জনক সেৱা কৰে।
ছল পাইলে সেই নৃপতিক পাৰিধৰে॥
ধনী বৈদ্য যথাত নাথাকে দ্বিজবৰ। (১৫)
ৰাজা নদী না থাকিলে নবান্ধিবা ঘৰ॥
এহি পঞ্চ না থাকিলে নৰহিবা তাত।
শুনা এবে কহিবো বিশ্বাস নাহি যাত॥
নদীত বিশ্বাস নাহি নাৱৰ লক্ষিত। (১৬)
শৃঙ্গী অস্ত্ৰধাৰীৰ নুবুজি তাৰ চিত।
(১৭) ধনিনঃ শ্ৰোত্ৰিয়ো ৰাজা নদী বৈদ্যন্ত পঞ্চমঃ
পঞ্চ যত্ৰ ন বিদ্যন্তে তত্ৰবাসং নকাৰয়েৎ॥
(১৬) নখিনাংচ নদীনাংচ শৃঙ্গিণাং শস্ত্ৰ ধাৰিণাং।
বিশ্বাসো নৈব কৰ্ত্তব্যঃ স্ত্ৰীষু ৰাজকুলেষুচ॥
ৰাজাত ভাৰ্য্যাত কেহো নকৰি বিশ্বাস।
ইটো ছয় আপোন নুহিকে নপায় আশ॥
ইসবৰ কদাচিতো নাহি আত্মা পৰ।
শুনা আৰু পাশ নাচাপিবা যিসবৰ॥
হস্তীৰ ওচৰ নাচাপিবা একোনৰ। (১৭)
দেখিলে সহস্ৰ হাত হৈবাহা অন্তৰ॥
শত হাত অন্তৰ হৈবাহা ঘোটকৰ।
দশহাত অন্তৰ হৈবাহা বৃষভৰ॥
দুষ্টে আক্ৰমিলে এৰিবাক লাগে দেশ।
শুনিযো যাহাত লৈবা গুণ উপদেশ॥ (১৮)
সিংহ বকে দুই গুণ ককুৰাত চাৰি।
কাউৰত পাঞ্চগুণ লভিবা বিচাৰি॥
কুকুৰত ছয় গুণ গৰ্দ্দভত তিনি।
শুনিয়ো সবাৰে গুণ কহো ভিন্নি ভিন্নি॥
অলপ কাৰ্য্যক নৰে কৰিব সত্বৰ। (১৯)
জাৰ শীত উষ্ণ বুলি আলাস নকৰ॥
(১৭) হস্তী হস্ত সহশ্ৰেণ শত হস্তেন বাজিনঃ
শৃঙ্গিণো দশহস্তেন স্থান ত্যাগেন দুৰ্জ্জনঃ।
(১৮) সিংহাদেকং বকাদেকং ষটগুনঃ ত্ৰীনি গৰ্দ্দভাৎ।
বায়সাৎ পঞ্চশিক্ষেত চত্বাৰি কুক্কুটাদপি।
(১৯) প্ৰভূতমল্পং কাৰ্য্যং বা যো নৰঃ কৰ্ত্তুমিচ্ছতি
সৰ্ব্বাৰন্তেণ তৎকুৰ্য্যাৎ সিংহাদেকং প্ৰকীৰ্ত্তিতম্।
শীঘ্ৰে কৰ্ম্ম কৰিবেক নকৰি বিশ্ৰাম।
সিংহত শিখিবে গুণ এহিসে উত্তম॥
যদি শক্ৰগণক জিনিবে মন থাকে। (২০)
নুহি তেবে আন কোন কৰ্ম্ম কৰিবাকে॥
কৰিবাক নপাৰিলে চৰ্চ্চায়ো নকৰি।
ছলক চাহিয়া থাকিবন্ত ধৈৰ্য্য ধৰি॥
বলে যেন চুম্পি থাকে ছলমাত্ৰ চই।
ঠোটে ধৰি মাৰে মংস্য এৰন নাযায়॥
এহি মতে নৰে কৰিবেক কৰ্ম্ম গণ।
বগৰ এহি সে গুণ পৰম শোভণ॥
এবে চাৰি গুণ কহো শুনা কুকুড়াৰ। (২১)
নাখাই কাহাকো এৰি পুত্ৰ পৰিবাৰ॥
প্ৰভাতে উঠিয়া বোলে সূতৰ বচন।
দুই পায়ে আঞ্চুৰিয়া কৰয় ভোজন॥
কুকুৰাত চাৰি গুণ জানিবা সকল।
প্ৰভাতে উঠিয়া বাক্য বুলিবা কোমল॥
(২০) সৰ্ব্বেন্দ্ৰিয়ানি সংযম্য বকবৎ পণ্ডিতো জনঃ
দেশ কালোপ পন্নানি সৰ্ব্বকাৰ্য্যানি সাধয়েৎ।
(২১) যুদ্ধংচ প্ৰাতৰুত্থানং ভোজনং সহ বন্ধুভিঃ
স্ত্ৰিয়মাপদ্গতাং ৰক্ষেৎ চতুঃ শিক্ষেত কুক্কুটাৎ।
যদি কোন বস্তু আসিহোয়ে উতপন্ন।
ভাৰ্য্যা পুত্ৰে বিবৰ্ত্তিয়া কৰয় ভোজন॥
যদি কৰ্ম্ম কৰন্তা থাকয় বহুজন।
তভোনৰে কৰ্ম্ম কৰি কৰয় ভোজন॥
এহি চাৰি গোটা গুণ হৈব পুৰুষৰ।
এবে পাঞ্চ গুণ কহো শুনা কাউৰৰ॥
গুঢ় মৈথুনক তাৰ নজানয় আনে। (২২)
ধাতুৰ্ব্বাদ কৰি যিবাৰ কাৰণে॥
পাচক লাগিয়া সাঞ্চি থৱয় গুধূলি।
আগ পাচ চাই ফুৰে মুকলক বুলি॥
শীত উষ্ণ বুলিয়া আলাস নকৰন্ত।
সভয়ে ডৰুক জাতি নুহি দম্ভৱন্ত॥
পৰম চতুৰ বুদ্ধিমন্ত যিটোজন।
কাকত শিখিয়া লৈব কৰিয়া যতন॥
এহি ভাৱে কৰ্ম্ম কৰিবেক যতনৰ।
এবে চয় গুণ কহোঁ শুনা কুকুৰৰ॥
(২২) গূঢ়ং চ মৈথুনং ধাৰ্ষ্ট্যং; কালে কালে চ সংগ্ৰহম্
অপ্ৰমাদ মনালস্যং পঞ্চশিক্ষেত বায়সাৎ।
বিস্তৰত আাশাঁ অলপতে হয়ে তুষ্ট । (২৩)
পাৱে যদি ভোজন কৰয় হৃষ্ট পুষ্ট ॥
নপালেয়ো মনত নাহিকে অপমান।
পৰিলে অসেনিদ্রা লগতে চেতন ॥
গৃহস্থৰ ভক্ত একো বচন নবাধে।
পাৰে বা নোৱাৰে যেই বোলে তাকে সাধে ॥
নাহিকে কোমল বাক্য স্বভাবে দুৰ্জ্জন ।
আত্মাত নাহিকে সত নুবুজিয়া মন॥*
জাতিত অধম পশু জ্ঞানত বিস্তৰ ।
ভালক নোচোৱে জানি নপসয় ঘৰ ॥
এহি ছয় গোটা গুণ হৈব কুকুৰৰ ।
এবে তিনি গুণ কহো শুনা গর্দভৰ ॥
(২৩)
বহ্বাশী স্বল্প সন্তুষ্টঃ সুনিদ্ৰঃ শীঘ্ৰ চেতনঃ
প্রভুভক্তশ্চ শূৰশ্ব জ্ঞাতব্যাঃ ঘট্ শুনো গুণাঃ
অন্যত নাহিকে ৰতি নুবুজন্ত মন।
পাঠান্তৰে
ওপৰঞ্চি-
এহি ছয় গোটা গুণ জানা মনুস্যৰ।
পৰমচতুৰ বুদ্ধিমন্ত যিটো নৰ ॥
অল্পতে সন্তোষ হোৱে নোখোজয় ভাল ।
অল্প নিদ্ৰা হৈব জানিবন্ত তত্বকাল ॥
অবিশ্ৰান্তে আপোনাৰ কৰ্ম্মক কৰিব। ২৪
উষ্ণ শীত বুলিয়া আলাস নকৰিব॥
অল্প কৰ্ম্ম হোক নুহি কৰোক ডাঙ্গৰ।
এহি তিনি গোটা গুণ হৈব গৰ্দ্দভৰ॥
সভা মধ্যে নোশোভন্ত অপবিত্ৰ ঠগ। (২৫)
পণ্ডিতৰ লগে যেন হংস মধ্যে বগ॥
সভাৰ মধ্যত তাক শোভা নকৰতয়।
মাতা বৈৰী পিতা শক্ৰ বুলিয়া নিন্দয়॥
চিন্তাৰ সমান জ্বৰ নাহি পুৰুষৰ-(২৬)
মৈথুন কালত জ্বৰ জানিবা অশ্বৰ।
ৰাজসেৱা কৰিব দেৱতা হেন কৰি।
আজ্ঞা বাণি কৰিবন্ত হেলা পৰিহৰি।
হৈৱন্ত দাুুৰুণ আতি কটুৰ বচন।
সমস্তে ডৰাই তাক নুবুজন্ত মন॥
(২৪) অবিশ্ৰামং বহেদভাৰং শীতোষ্ণং চনবিন্দতি
সসন্তোষস্তথা নিত্যং ত্ৰীনি শিক্ষেত গৰ্দ্দভাৎ।
(২৫) মাতা শত্ৰু পিতা বৈৰী যেন বালো ন পাঠিতঃ
ন শোভতে সভামধ্যে হংস মধ্যে বকো যথা।
(২৬) চিন্তা জ্বৰো মনুষ্যানাং বস্ত্ৰাণামাতপো জ্বৰঃ
অসৌ ভাগ্যং জ্বৰঃ স্ত্ৰীনামশ্বানাং মৈথুনং জ্বৰ।
স্বামীত অসূৱা নাৰী সমস্তৰে জ্বৰ।
ৰৌদ্ৰত শুখাইলে জ্বৰ জানিবা যন্ত্ৰৰ॥
চিন্তাবান্ পুৰুষ নিজীয়ে বহুদিন।
ঘুৰীৰ সংসৰ্গে ঘোৰা বল হবে হীন।
স্বামীত অসূয়া নাৰী হবয় মলিন।
যাৰ যৈত গতি কহো শুণা ভিনে ভিন॥
নাৰীৰ নাহিকে গতি স্বামীত অপৰ। (২৭)
সমস্ত নদীৰ গতি জানিবা সাগৰ॥
মনুষ্যক পীড়া যদি কৰে শক্ৰগণে।
তেবেগতি নাহি জানা নৃপতিত বিনে॥
পণ্ডিতৰ বচন জানিবা বেদসম। (২৮)
মূৰুখে নজানি তাক বোলয় অধম॥
তেনয় মুৰুখে যদি কহয় অপাৰ।
তথাপিতো জানা পণ্ডিতৰ কথা সাৰ॥
ব্ৰাহ্মণ হৈবাৰ ফল বেদক জানিলে। (২৯)
কুলৰ জানিবা ফল শাস্ত্ৰক মানিলে॥
(২৭) ... ... ... ..
(২৮) ... ... ... ...
(২৯) ... ... ... ...
.
( ১৫ )
পুত্ৰ ভৈলে ফল ধৰে নাৰী সমস্তৰ।
লাৰিচাৰি খাই ফল জানিবা ধনৰ॥
উপকাৰী জনক কৰিতে লাগে ভাল। (৩০)
শক্ৰসমে মিত্ৰতা নাহিকে একো কাল॥
শক্ৰক নেৰিবা দ্বন্দ কৰিবা বিস্তৰ।
ধনবিত ভৰি কথা কৰিয়ো ওপৰ॥
ভৰিত নিদিলে হাত ধোৱন নাযায়।
কাটাত নিদিলে কাটা কাঢ়ন নাযায়॥
কাচা মৎস্ত্য মাংস ঘৃত খাই যিবা নৰে। (৩১)
যুবা নাৰী সমে যিটো আলাপক কৰে॥
উষ্ণোদক ভুঞ্জয ভোজন কৰে ক্ষীৰ।
গাছৰ তলত স্বস্থ কৰয শৰীৰ॥
এহি ছয় বিধে প্ৰাণ শীতল কৰয়।
শুনিয়ো যিসবে কৰে প্ৰাণৰ সংশয়॥
(৩০) উপকাৰ গৃহীতেন শত্ৰুনা শক্ৰমুদ্ধৰেৎ।
পাদলগ্নকৰস্থেন কণ্টকেনৈব কণ্টকম্॥
(৩১) সদ্যো ম্ংসৎ নবান্নংচ বালান্ত্ৰী ক্ষৗৰ ভোজনং
ঘৃত মৃষ্ণোদকঞ্চৈব সদ্যঃ প্ৰাণ কৰাণিষট্॥
( ১৬ )
বৃদ্ধা নাৰী সম্ভোগ শুখান মাংস খায়। (৩২)
কাঞ্চি দৈ ভুঞ্জে আগৰৌদ্ৰক পুহায়॥
যিটো জনে প্ৰভাতে মৈথুন নিদ্ৰা কৰে।
এহি ছয়ে মনুষ্যৰ সদ্যে প্ৰাণ হৰে॥
মনুষ্যৰ মিত্ৰৱতী নাহিকে ৰজাত। (৩৩)
নহিকন্ত মিত্ৰৱতী চোৰ খলুৱাত॥
সৰ্পসমে মিত্ৰতা কৰিবে নুহি ভাল।
ইচাৰিত মিত্ৰতা নৰহে চিৰকাল॥
অৰণ্য মধ্যত পুষ্প আছে এক ভাল। (৩৪)
সুগন্ধিকা পুষ্প ফল দেখিবাক ভাল॥
তাৰ গদ্ধে আমোদিত যত তৃণ বন।
বংশত গুপুত্ৰ ভৈলে ৰাখে জ্ঞাতিগণ॥
একপুত্ৰে আনন্দ কৰয় সমস্তৰ।
শুনিয়োক যেন গুণ কহো কুপুত্ৰৰ॥
(৩২) শুষ্কং মাংসং স্ত্ৰিয়ো বৃদ্ধা বালাৰ্ক স্তৰুণং দধি
প্ৰভাতে মৈথুনং নিদ্ৰা সদ্য প্ৰাণ হৰাণি ষট্।
(৩৩) --------------------
(৩৪) একে নাপি সূবৃক্ষেণ পুস্পিতেণ সুগন্ধিনা
বাস্যতেতদ্ বনং সৰ্ব্বং সুপুত্ৰেণ কুলং যথা।
( ১৭ )
কুবৃক্ষ এক ভাল আছয় বনত । (৩৫)
ওপজয় হুতাশন তাৰকোটৰত ॥
সেহি অগনিত লাগি পোৰে সব বন।*
কুবৃক্ষৰ লগে আন বৃক্ষৰ মৰণ ॥
চোৰ ডকা দেই ব্ৰাহ্মণৰ বিত্ত হৰে ।
আপুনি পাপত পচে বংশ নাশ কৰে ॥
বিদ্যাৰ সমান বন্ধু নাহি স্বৰূপত । (৩৬)
ব্যাধিৰ সমান শক্ৰ নাহি সংসাৰত ॥
পুত্ৰৰ সমান স্নেহ নাহি ৰবিতলে ।
কদাচিতো আশা নকৰিবা পৰহলে ॥
পৰক কৰিলে আশ পাই অপমান ।
শুনিয়ো যিসব বস্তু বিষৰ সমান ॥
(৩৫) একে নাপি কুবৃক্ষেণ কোটৰন্থেন বহ্নিনা
দহতে তদ্নং সৰ্ব্বং কুপুত্ৰেণ কুলংযথা।
( ৩৬) নচ বিদ্যা সমো বন্ধুঃ নচব্যাধি সমো ৰিপুঃ
নচাপত্য সমঃ স্নেহঃ নচ দৈবাৎ পৰং বলং।
তাৰ অগনিয়ে লাগি পোৰে সব বন ।
-পাঠান্তৰে ।-
ওপৰঞ্চি-
বংশত পুত্ৰ ভৈলে জানা সেহি নয়।
তাৰ অপযশে সব বংশক পাৱয় ।
-মাধৱ দাস ।
( ১৮ )
কৰিবে নোৱাৰে বিদ্যা বোলে শিথিবাক। (৩৭)
বিষত অধিক বিদ্যা বুলি মানে তাক ॥
বিষত অধিক পঢ়িবাক নাই মন।
তাহাত অধিক বিষ অজীৰ্ণ ভোজন॥
দৰিদ্ৰৰ পুত্ৰে বিষ মনে থাকে গুণি।
তাহাত অধিক বিষ বৃদ্ধৰ তৰুণী॥
যাহাৰ ঘৰত নাই পণ্ডিতৰ নাম। (৩৮)
তাৰ বহুশাস্ত্ৰ থাকিবাৰ কোন কাম।
যেন অন্ধকৰ তাৰ নাহিকে লোচন।
সিটো কি কাৰ্য্য লাগি লৈবেক দৰ্পণ॥
ব্ৰাহ্মণ সবৰ গুৰু জানা হুতাশন। (৩৯)
সমস্ত জাতিৰ গুৰু জানিবাব্ৰাহ্মণ॥
ভাৰ্য্যাৰ নাহিক গতি বিনে নিজ পতি।
সমস্ত জাতিৰ গুৰু জানিবা অতিথি॥
(৩৭) দুৰধিতা বিষং বিদ্যা অজীৰ্ণে ভোজনং বিষং
বিষং গোষ্ঠি দৰিদ্ৰতা বৃদ্ধাস্য তৰুণী বিষমৃ।
(৩৮) যস্য নাস্তি নিজা প্ৰজ্ঞা শাস্ত্ৰং তস্য কৰোতি কিম্
লোচনাভ্যাং বিহীনস্য দৰ্পনঃ কিং কৰিষ্যতি।
(৩৯) গুৰু ৰগ্নি দ্বিজাতীনাং বৰ্ণানাং ব্ৰাহ্মণোগুৰুঃ
পতিৰেকো গুৰু স্ত্ৰীনাং সৰ্ব্বত্ৰাভ্যাগতো গুৰুঃ।
ঘৃতৰ কলস যেন সমস্ত কামিনী। (৪০)
যুৱত পুৰুষ সব জলন্ত অগণি॥
নাৰীয়ে পুৰুষে যদি হোৱে একস্থান।
সম্ভোগ নভৈলে তাৰ নাহি পৰিত্ৰাণ॥
নাৰীৰ পৰশে মন ৰাতুল বৃদ্ধৰ।
ঘৃত অগনিৰ তাৰ সেহি পটন্তৰ॥
নিজ তনয়ক পিতৃ কৰিব আদৰ। (৪১)
প্ৰাণসম দেখিবেক পঞ্চম বছৰ॥
পাচে দশ বছৰ দেখিব শক্ৰ প্ৰায়।
ষোড়শ বছৰে থাকিবেক যেন ভাই।
ওঠৰ বছৰ ভৈলে নামানে বচন।
কতো ভাল হোৱে কতো হোৱয় দুৰ্জ্জন॥
আদৰ কৰিলে নিজ পুত্ৰ হহে নীচ। (৪২)
তাড়না না পাইলে বিদ্যা নিশিকন্ত শিষ্য॥
(৪০) ধৃত কুম্ভ সমা নাৰী তপ্তাঙ্গাৰ সমঃপুমান্
তস্মাদ্ ঘৃতং চ বহ্নিং চ নৈকত্ৰ স্থাপয়েদ্ বুধঃ।
(৪১) লালয়েৎ পঞ্চবৰ্ষানি দশ বৰ্ষানি তাড়য়েৎ
প্ৰাপ্তেষু যোড়শেবৰ্ষে পুত্ৰে মিত্ৰ বদাচৰেৎ;
(৪২) লালনে বহবো দোষাস্তাড়নে বহবো গুণাঃ।
তস্মাৎ পুত্ৰং চ শিষ্যং চ তাড়য়েন্নতু লালয়েৎ॥
শিষ্যক পুত্ৰক ভাল কৰিব যিজন।
কৰিব তাড়না তাক নকৰি লালন॥
এহিমতে ভাল মন্দ শিষ্যৰ পুত্ৰৰ।
শুনিয়ো প্ৰমান কহোঁ অধম মিত্ৰৰ।
পাচত অনিষ্ট চিন্তে আগে চিন্তে হিত। (৪৩)
কুমন্ত্ৰনা দিয়া লাৰিবাক চাৱে চিত্ত॥
সেহিটো অধম মিত্ৰ নপাই তাৰ চিত।
বিষ কলসৰ যেন মুখত অমৃত॥
কুমিত্ৰত বিশ্বাস নাই নাপাই তাৰ মতি। (৪৪)
কুভাৰ্য্যাৰ লগে তাৰ হৰাইব সুৰুতি॥
দুষ্ট ভাৰ্য্যা সমে প্ৰীতি নাহি একো কাল।
শুনিয়ো যিসব বস্তু নুহিকন্ত ভাল॥
বস্ত্ৰ নাহি অলঙ্কাৰে নকৰে শোভন। (৪৫)
দধিঘৃত না থাকিলে আসুৰী ভোজন॥
নাৰীৰ নাহিকে স্তন সৰ্ব্বাঙ্গে সুন্দৰী।
তিনিয়ো নুহিকে ভাল থোৱা দূৰ কৰি॥
(৪৩) পৰোক্ষে কাৰ্য্য হন্তাৰং প্ৰত্যক্ষে প্ৰিয়বাদিনং
বৰ্জ্জয়েদ্ যত্নতো বন্ধুং বিষকুম্ভং পয়ো মুখম্।
(৪৪) ... ... ... ... ...
(৪৫) বস্ত্ৰহীন স্তলঙ্কাৰো ঘৃত হীনঞ্চ ভোজনং
স্তন হীনাচ যানাৰী দুৰতঃ পৰি বৰ্জ্জয়েত।
আপোনাৰ ঐশ্বৰ্য্যক নথবা পৰত। (৪৬)
ভাৰ্য্যাক নথবা কেহো পৰৰ ঘৰত॥
গৰু সব নষ্ট হৱে পৰ গৃহে থৈলে।
ব্ৰাহ্মণ হৱয় নষ্ট পৰগৃহে খাইলে॥
সমস্তত খাইলে দ্বিজ অধম হৱয়।
শুনা যি কাৰ্য্যত নকৰিবা লাজ ভয়॥
ধনধান্য আৰ্জ্জিয়া পাৱয় যিবা সাজ। (৪৭)
শিখিবা অনেক বিদ্যা নকৰিবা লাজ॥
আহাৰে বিহাৰে লাজ ভাৱ নুযুয়ায়।
ছলে বলে আনিবা বৰ্ত্তিবা খুজি খায়॥
অবংশত ৰাজা যদি হৱে এক জন। (৪৮)
দৰিদ্ৰ সকলে যদি পাৱে বহু ধন॥
মুৰুখৰ বংশে যদি হৱয় পণ্ডিত।
পৃথিবী নধৰে আতি তিনিৰ ফষ্টিত॥
বোলয় আমাৰ সম নাহি ত্ৰিভুবনে।
সমস্তকে তৃণ সম দেখে তাৰ মনে॥
(৪৬) ... ... ... ...
(৪৭) ধনধান্ত প্ৰয়োগেধু বিদ্যামভ্যসনেষুচ
আহাৰেচ বিহাৰেচ ত্যক্ত লজঃ সদা ভবেৎ।
(৪৮) অবংশ পতিতো ৰাজা মুৰ্খপুত্ৰস্ত পণ্ডিতঃ
নিৰ্দ্ধনোহপি ধনং প্ৰাপ্য তৃণবন্মন্যতে জগৎ॥
সৰ্ব্বকালে যিটো ৰাজা হৱে ধনৱন্ত। (৪৯)
সৰ্ব্বকালে যাৰ বংশে পণ্ডিত হৱন্ত॥
তাসম্বাৰ দম্ভদৰ্প নাহিকে মনত।
ইহাৰ দৃষ্টান্ত আচে লৈয়োক মৎস্যত॥
অগাধ জলৰ মাজে ৰৌমাছ থাকে। (৫০)
ডেৱভাম্ফি কৰন্তে দেখিছে কোনে তাকে॥
থাকে যদি পুথিমাছ আঞ্চল জলত।
তাতে তাৰ ডেৱা ডেই আনন্দ মনত॥
অধম উত্তম ভৈলে কাহাকো নাচান্ত।
শুনা সৰ্ব্বজনে আক দেখিয়োঁ দৃষ্টান্ত॥
কুৱা পঙ্কজল বেঙ্গে কৰয় ভোজন। (৫১)
তাতে তাৰ মক মকি গৰ্ব্বিত বচন॥
শুনা সৰ্ব্বজনে আক নকৰিবা হেলা।
কৰিবাক লাগে আক প্ৰস্তাৱৰ বেলা॥
হোৱে সভাপণ্ডিত নাহিকে অন্যয়থা।
বিৰচিলা ৰামপতি চাণক্যৰ কথা॥
(৪৯) ... ... ... ... ...
(৫০) অগাধ জলসঞ্চাৰী বিকাৰীনচ ৰোহিতঃ
অঙ্গুষ্ঠ জল মাত্ৰেন সফৰী ফৰফৰায়তে।
(৫১) দিব্যচুত ৰসং পিত্বা নগৰ্ব্বংযাতি কোকিলঃ
পিত্বা কৰ্দ্দম পানীয়ং ভেকোমক মকায়তে।
(২৩)
আছে বহু কথা আক শুনা যত্ন কৰি।
পাপ নষ্ট হোক ডাকি বোলা হৰি হৰি॥
দুলৰী।
গুণবন্ত চাই আপোন প্ৰজাই
পাতিবে সবে প্রজাক।
শুনা কৌতুহলে নৃপতি সকলে
লগত ৰাখিব যাক॥
অতি কুলৱন্ত হৈব গুণ (৫২)
স্বভাবে অতি গম্ভীৰ ।
সত্য ধম্ম যত সবে জানিবস্তু
দয়ালু হেবন্ত থিৰ॥
পাঞ্চিলে কৰ্ম্মক কৰন্তু সত্ৰৰে
নকাৰি মনে আলাস।
সহি সে জনক নৃপতি সকলে
আনি চপাইবেক পাশ॥
দয়াবন্তু অতি সুথিৰ হৈবন্তু। (৫৩
জানিবে ধৰ্ম্ম কস্মক।
(৫২)-------------------
(৫৩)-------------------
( ২৪ )
সমস্ত কাৰ্য্যত সূচক হৈবন্ত
বুজিবে সবে অৰ্থক॥
কথা সুধিবাক নহৈব আলাস
সবাতে সমান মতি।
দণ্ড অধিকাৰী সেহিটো জনক
পাতিবেক নৰপতি॥
ইঙ্গিত অ৷কাৰে কাৰ্য্য বুজিবেক (৫৪)
হৈব কিছু বলৱন্ত।
নৃপতিক যিটো হিত মানি মনে
সদীয় সেৱা কৰন্ত॥
পঞ্চিলে কৰ্ম্মক অলাস নকৰে।
সাধি আসে প্ৰতিনিত।
নৃপতি সকলে পঞ্চিবাক লাগি
সেহি সে দূত উচ্চত্ত॥
ধনু আদি কৰি খড়গ চৰ্ম্ম গদা (৫৫)
সমস্তক যিটো জানে।
(৫৪)দূতং চৈব প্ৰকুৰ্ব্বীত সৰ্ব্বশাস্ত্ৰ বিশাৰদম্,
ইঙ্গিতাকাৰ চেষ্টজং গুচিং দক্ষং কুলোদগতং।
(৫৫) গজাশ্বৰথ চৰ্য্যাসু শিক্ষিতং সুজিতশ্ৰমম্
খড়্গ যুদ্ধ নিযুদ্ধেষু শীঘ্ৰং,চঙক্ৰমক্ণষমং
ব্যহতজ্ঞ বিধানজ্ঞঃ ফল্গুসাৰ বিশেষবিৎ
ৰাজ্ঞো সেনাপতিঃ কাৰ্য্যো ভ্ৰমণ ক্ষতয়ো ইখবা
( ২৫ )
হস্তী ঘোৰা উট গৰ্দ্দভ মহিষ
চৰিব সব বাহনে ॥
আপোন প্ৰজাত দয়ালু হৈবন্ত
শত্ৰুত সমান প্ৰীতি ।*
সেহিটো জনক নৃপতি সকলে।
পাতিবেক সেনাপতি ॥
পিতৃ সমহিত কৰি যিটো জনে (৫৬)
শাস্ত্ৰ নীতি হানিৱন্ত ।
নানাবিধ ঠান শৰৰ শয়ন
বান্ধিবাক জানিৱন্ত ॥
আপুনিয়ো শুদ্ধ হৈব কুলৱন্ত
জানিব বাচ বিচাৰ ।
সেহিটো জনক নৃপতি সকলে।
পাতিবেক সূপকাৰ ॥
সমত্যা বুজিয়া ব্যৱস্থাক দিয়া (৫৭)
জানিব বস্তু থৈবাক ।
শক্ৰত কৰি নমাতি—পাঠান্তৰে।
(৫৮) পুত্ৰ পৌত্ৰ গুণোপেতঃ শাস্ত্রজ্ঞো মিষ্ট পাচকঃ
শূৰশ্চ কুলীনশ্চৈব সুপকাৰঃ সউচ্যতে
(৫৭) .. ... ... ...
মানুষ চিনিয়া দিবাক জানিব
ন লাগে যেন হৈবাক॥
লুভীয়া কূঠীয়া চোৰ নহৈবেক
হৈব আতি শুদ্ধমতি।
বস্তু অধিকাৰী তাহাক ভাণ্ডাৰী
পাতিব তাক নৃপতি॥
সুন্দৰ শৰীৰ লাৱন্য হৈবেক (৫৮)
শুদ্ধ সত্ব হৈব অতি।
নিয়ম আচাৰ সমস্ত জানিব
হৈবেক উত্তম জাতি॥
প্ৰস্ৰাব কৰিয়া জল আচাৰিয়া
হাত ধুই বান্ধিব চুলি।
কুটনাট মন্ত্ৰ একো নজানিব
সেহিটো ৰাজ তামূলী॥
ঠাক ঠিক চাই মৰন জীবন
কহিবেক পাৰিবেক।
মন্ত্ৰ তন্ত্ৰ নানা ঔষধ প্ৰকাৰ
অসংখ্যাত শিখিবেক॥
(৫৮) আয়ুৰ্ব্বেদ ক্কৃতাভ্যাসঃ সৰ্ব্বেষাং প্ৰিয়দৰ্শনঃ
আৰ্য্যশীল গুণোপেত এষ বৈদ্যো বিধীয়তে।
প্ৰাণী উপকাৰ ধৰ্ম্মক জানিবে
নকৰিব বহু গৈদ্য।
আপোনাৰ গুণ গুৰুক নেৰিব
সেহি সে ৰাজাৰ বৈদ্য॥
সমস্ত শাস্ত্ৰৰ তত্ত্ব জানিবেক (৫৯)
জপ হোম কৰে নিত।
আশীৰ্ব্বাদ কৰে নিতে যিটো জন,
সেহি ৰাজ পুৰোহিত।
ৰাজনীতি কথা নৃপতি সবৰ
কহিলোহো এহিমান।
অন কথা যেবে কহো শুনিয়োক
বিদ্যাৰ যেন প্ৰমান॥
ডাহিন পাৱক আগে থাপিবেক (৬০)
পাচে দিবে বাম পায়।
যিটো বুদ্ধিমন্ত আগ পাচগুণি
চলিবেক এহি ভায়॥
(৫৯) বেদ বেদাঙ্গ তত্ত্বজ্ঞো জপ হোম পৰায়ণঃ
আশীৰ্ব্বাদ বচোযুক্ত এষ ৰাজ পুৰোহিতঃ।
(৬০) চলত্যেকেন পাদেন তিষ্ঠত্যেকেন বুদ্ধিমান্।
শা সমীক্ষ্য পৰং স্থানং পূৰ্ব্বমায়তনং ত্যজেৎ॥
পাখা নেখেলাবা ধাৰে নিদিবাহা
নামাতিবা পৰনাৰী।
কহিলো নিশ্চয় জানিবা তেবেসে
মিত্ৰতা ৰাখিবে পাৰি॥
এহি তিনি কৰ্ম্ম কৰিলে জানিবা
দুইৰো দুই হবে মন্দ।
কাহাৰো পীৰিতি কাহাতো না থাকে
লাগে অপ্ৰয়াসে দ্বন্দ॥
দাতাত মাগিলে শুভিক্ষা মিলয় (৬৫)
বিস্তৰ দিবাক পাৰে।
দৰিদ্ৰত যেন দৰিদ্ৰে মাগিলে
দুখ মাত্ৰ আপোনাৰে॥
সুখৰ মধ্যত আৰোগ্য সমান (৬৬)
আন কিছু সুখ নাই।
যদি ধন ৰত্ন থাকে অসংখ্যাত
সবেয়ো থাকন্ত চাই॥
নাৰী সকলৰ স্বামী বিনে সুখ
আন নাহি আত পৰে।
(৬৫) ... ... ... ... ... ...
(৬৬) ... ... ... ... ... ...
( ৩১ )
আৰ্জিত বস্তক ভুঞ্জিবাক পাইলে (৬৭)
সমস্তে আনন্দ কৰে।
যি সব দেশত নাহিকে সন্মান
নকৰন্ত সত কাৰ।
মিত্ৰ নাহিকন্তু, বান্ধৱ নাহিকে
বন্ধুগণ আপোনাৰ॥
একো বিদ্যা যদি দেখিবে নপাৰে,
আসিবেক পৰিহৰি।
খুজিয়ো নাপায় বান্ধব নাহিকে
জীবো তাত কেন কৰি॥
পণ্ডিতক নিন্দি মুৰুখকদেই (৬৮)
তাক দানী বুলি হত।
হতযজ্ঞ বুলি দান নকৰয়
দক্ষিণা নাহিকে যাত॥
ৰূপৱতী কন্যা স্বামী নাহিকন্ত
তাহাক বোলন্ত হত।
(৬৭) যস্মিন্ দেশে ন সন্মানো ন প্ৰীৰ্তিনচবান্ধবঃ
নচ বিদ্যাগমঃ কশ্চিৎতং দেশং পৰিবৰ্জ্জয়েৎ।
(৬৮) ... .. ... ...
ইতিনি নভৈলে তিনিৰো দুখৰ
বুজিমাত্ৰ লয়ো তত্ত্ব॥
ব্যেশ্যা সকলৰ শক্ৰ নাহি কন্ত (৬৯)
সবাতে সমান চিত।
মুখতেসে মাত্ৰ অহিত চিন্তয়
হৃদয়ে চিন্তয় হিত॥
বেশ্যা সকলৰ নিতে নিতে যেন
আন পুৰুষক মন।
গৰু সবে যেমন বিচাৰি ফুৰয়
নিতে নিতে নব বন॥
অ’পোনাৰ নিজ বৃত্তিসে শোভন * (৭০ )
জানিবাহা পুৰুষৰ।
ফুলিলে সে জানা শোভন হৱয়
বৃক্ষলতা শুভকাৰ॥
সমস্ত জাতিৰ বৃত্তিসে শোভন
জানিবা আক সম্প্ৰতি
নাৰী সকলৰ জানিবা ভূষণ
থাকে যদি নিজ পতি॥
(৬৯) ... ... ... ... ... ...
চৰিত্ৰ ভূষণ−− পাঠান্তৰে।−−−
(৭০) ... ... ... ... ... ...
(৩৬ )
সবে পৰ্ব্বতত মানিক না থাকে (৭১)।
কোনো পৰ্বতত থাকে।
সমস্ত হস্তীত মুকুতা না থাকে
নিশ্চয় জানিবা তাকে॥
সকল ব্ৰাহ্মণ সাধু নুহিকন্ত।
আছে কতো থানে থানে।
কতোহো বনত চন্দন থাকন্ত
নথাকন্ত সব বনে॥
পাঞ্চিলেসে জানি ভূতৰ লক্ষণ (৮২)
কেনে মতে সেৱা কৰে।
বান্ধৱৰ চিন আপদত পায়
এবে কিবা চাপি ধৰে॥
নিদান কালত মিত্ৰৰ প্ৰমান
ভাল মন্দ বুজি পায়।
দৰিদ্ৰ কালত ভাৰ্য্যাৰ প্ৰমাণ।
থাকে বা এৰিয়া যায়।
(৭১) শৈলে শৈলে নমাণিক্যং মৌক্তিকং ন গজে গজে।
সাধবো নহি সৰ্ব্বত্ৰ চন্দনো ন বনে বনে।
(৭২) জানীয়াৎ প্ৰেষণে ভৃত্যান্ বান্ধবান্ ব্যসনাগণে।
মিত্ৰং চাপদিকাৰ্লেচ ভাৰ্য্যাংচ বিভৱক্ষয়ে।
৩৪ )
অতি মৃদু ভাৱ ভৈলে নুহি ভাল,(৭৩)
কেহো তাক ন ডৰাই ।
যেন কুহিয়াৰ তিতা কেহা নাই
মিঠা পায় সবে খায় ॥*
কদলী বৃক্ষক ঢিলা কেসে যেবে
চৱা লেয়ো মাৰে ঘাৱ ।
যেহেন শিলক ডাঙ্গৰে না কটে
বোলে জানো ভাঙ্গে দাৱ ॥
সাধু সমস্তেয়ো ধৰ্ম্মকে সে চিন্তে (৭৪)
আহাৰক নিচিন্তয় ।
আহাৰ আসিয়া আগে দেখা দেই
মনুষ্য পাছে হয় ।
মাতৃৰ গৰ্ভত যেতিয়া থাকয়
আগে দেখা দেই স্তন ।*
(৭৩) ... ... ... ...
হীন পুৰুষক নাহিকে অপেক্ষা ভালমুখে নেদে মাত ।
ইহাৰ কাৰণ কহো শুনিয়োক
দেখিয়া আছা সাক্ষাত–মাধৱদাস।
৭ে৪) গৰ্ভস্থস্যতুযঃ পুৰ্ব্বং বৃত্তিং কল্পিতবান্ পয়ঃ
শেষ বৃত্তি বিধানায় সকিংসুপ্তোহখবা মৃতঃ ।
( ৩৫ )
মনুষ্যত কৰি আহাৰে সে আগ
জানিবা নিষ্ঠ বচন।
নিৰ্বলীৰ বল নৃপতি সকল (৭৫)
কান্দিলে বল শিশুৰ।
মুৰখৰ বল নমাতি থাকিলে
নিৰ্ভয়ে বল চোৰৰ।
ঋণৰ শেষক ব্যাধিৰ শেষক (৭৬)।
শক্ৰৰ ন থৈবা শেষ।
অলপ থাকিলে বিস্তৰ হৱয়
গুছাইবা তাক নিশেষ।
ব্ৰহ্ম বধী জন পূজিত হবন্ত (৭৭)
যদি থাকে বহু জন।
(৭৫)দুৰ্ব্বলস্য বলং ৰাজা বালানাং ৰোদনং বলং
বলং মুৰ্খস্য মৌনিত্বং চৌৰাণা মনৃতং বলম।
(৭৬) ঋণ শেষোহগ্নি শেষশ্চ ব্যাধি শেষ স্তথৈবচ
পুনশ্চ বৰ্দ্ধতে বস্থাৎ তস্মাচ্ছেবং নকাৰষেৎ।
- আসিহৱে উপসন্ন -পাঠান্তৰে।
মিছায়ে-পাঠান্তৰে।
(৭৭) ব্ৰহ্মাহাপি নৰঃ পূজ্যো ষস্যান্তি বিপুল ধনং।
শশিন ল্য বংশোহপি নিৰ্দ্ধনংঃ পৰিভূয়তে॥
ধনহীন ভৈলে কুলীনে অধম
জানিবা নিষ্ঠ বচন।
শুনা সভাসদ চাণক্যৰ পদ
ওপজে মনত জ্ঞান।
ইহাক শুনিলে প্ৰস্তাৱৰ বাক্য
ফল হবে এহিমান॥
বহু সম্পদক দিবাক নপাৰে
সাৰিবে নপাৰে গতি।
প্ৰস্তাৱৰ কথা জানি চাণক্যৰ
ৰচিলোঁ পদ সম্প্ৰতি॥
হেন জানি আক হেলা নকৰিবা
শিখিলৈয়ো অবিশ্ৰাম।
গুৰুৰ চৰণে হৃদয়ে ধৰিয়া
ডাকি বোলা ৰাম ৰাম॥
পদ।
চোৰ বৈৰী গৃহস্থৰ আয়ক দেখয়। (৭৮)
কদাচিতো ইটো দুই ব্যয় নেদেখয়॥
(৭৮) ... ... ... ... ... ... [ ৫৪ ]
মধ্যস্থ সকলে মাত্ৰ দেখে আয় ব্যয়।
সুহৃদে দেখয় ব্যয় আয় নেদেখয়॥
ব্ৰাহ্মণ হোৱন্ত তুষ্ট সম্পূৰ্ণে ভোজনে। (৭৯)
ময়ুৰ পক্ষীৰ তুষ্ট মেঘৰ গৰ্জ্জনে॥
পৰৰ কল্যানে সাধু সব তুষ্ট মতি।
চোৰ খলুয়াৰ ৰঙ্গ পৰৰ বিপত্তি॥
একক তেজিয়া তভু ৰাখিবে কুলক। (৮০)
কুলক তেজিয়া সবে ৰাখিবে গ্ৰামক॥
গ্ৰামক ৰাখিয়া নিজ প্ৰাণ ৰাখিবেক।
আপুনি নৰিলে পাছে দেশচাৰিবেক॥
কোকিল পক্ষীৰ ৰূপ সুস্বৰ বচন। (৮১)
স্ত্ৰীৰ ৰূপ সেৱা কৰে স্বামীৰ চৰণে॥
বিদ্যাৰ সমান ৰূপ নাহি পুৰুষৰ।
ক্ষমাৰ সমান ৰূপ নাহি বৈষ্ণবৰ॥
(৭৯) নৃত্যন্তি ভোজনে বিপ্ৰাঃ ময়ুৰাঃ মেঘঃদৰ্শনে
সাধবঃ পৰ সম্পৎসু খলঃ পৰ বিপত্তিষু
(৮০) ত্যজে দেব কুলস্যাৰ্থে গ্ৰামস্যাৰ্থে কুলং ত্যজেৎ॥
গ্ৰামং জন পদং স্যাৰ্থে আত্মাৰ্থে পৃথিবীং ত্যজেৎ॥
(৮১) কোকিলানাং স্বৰোৰূপং নাৰীপং প্ৰতিব্ৰতং
বিদ্যাৰূপং কু পানাম্ ক্ষমা ৰূপং তপস্বনাম্॥
দূৰত থাকিলে শোভা মুৰুখ জনৰ। (৮২)
অলঙ্কাৰ পিন্ধে যদি পাট পাটম্বৰ॥
অল্প বেলি মাত্ৰ তাক কৰয় শোভন।
যাবত সভাত কিছু নোবোলে বচন॥
বচনত তাৰ সবে উমানক পাৱে।
জানিয়া তাহাক সবে মুৰ্খ ভাৱে পাৱে॥
মুৰ্খ ভৈলে বস্ত্ৰ অ ঙ্কাৰ কিয় পিন্ধে।
আগত নোবোলে একো পাছে তাক নিন্দে॥
ক্ষণে আসিবাৰ তাৰ কুবুাদ্ধ স্বভায়।
সাধু সবে বেলে আৰ পাইবি পৰ ভাৱ॥
খলুৱাৰ দোষে তাৰ বংশে দুখ পান্ত।
শুনিয়োক কহো আবে ইহাৰ দৃষ্টান্ত॥
সীতাক হৰিয়া যাতো নিলা লঙ্কেশ্বৰ। (৮৩)
তাৰদোষে বন্ধুগণ গৈলা যমঘৰ॥
যাতো তাকো আচৰিয়া আছন্ত সাগৰ।
তাতেসে বান্ধিলে সেতু ৰাম গদাধৰ॥
(৮২) দূৰতঃ শোভতে মুৰ্খো লম্বশাত পটাবৃতঃ।
তাবচ্চ শোভতে মুৰ্খো যাবৎ কিঞ্চিন্ন ভাষতে॥
(৮৩) খলঃ কৰোতি দুৰ্ব্বৃত্তং নুনং ফলতি সাধুষু
দশাননোহহরৎ সীতাং বন্ধনন্ত মহোদধেঃ।
পাছে যদি হিতচিন্তে সেহি বন্ধুজন। (৮৪)
নিজ মিত্ৰে শক্ৰ জানা এহিসে কাৰণ॥
যেন মহা দুখ দেই শৰীৰৰ ব্যাধি।
মহা উপকাৰী যেন বনৰ ঔষধি॥
জানিবাহা নিষ্ট কৰি সেহি পটন্তৰ।
কাহলো প্ৰমান ইটো অধম মিত্ৰৰ॥
অতি দান অতি দৰ্প নুহিকন্ত ভাল। (৮৫)
অতি ৰূপৱতী কন্যা নুহিকন্ত ভাল॥
অতি দানে বলী ৰাজা পাইলেক বন্ধন।
অতি দৰ্পে নষ্ট ভৈলা লঙ্কাৰ ৰাবন॥
অতি ৰূপে সীতাৰ দুখৰ নাহিপাৰ।
তিনিয়ো নুহিকে ভাল জানা সাৰে সাৰ॥
অনেক বৃক্ষৰ ফল মধুৰস খায়। (৮৬)
তথাপিতো কোকিলৰ মদ গৰ্ব্ব নাই॥
(৮৪) ... ... ... ... ... ...
(৮৫) অতিৰূপে হৃতা সীতা (১) অতি মানেচ কৌৰবাঃ
অতিদানে বলিৰ্ব্বদ্ধঃ সৰ্ব্বমত্যন্ত গৰ্হিতং।
(১) অতিদৰ্পে হতা লঙ্কা—পাঠান্তৰে।
(৮৬) দিব্যং চূতৰসং পিত্বা ন গৰ্ব্বং যাতি কোকিলঃ,
পিত্বা কৰ্দ্দম পানীয়ং ভেকো মক মকায়তে।
কুৱা পঙ্কজল বেঙ্গে কৰন্ত ভোজন।
তাক খায় মক মকি গৰ্বিত বচন॥
উত্তমে অধমে কৈতো নুহিকে সমান। (৮৭)
শুনা সৰ্ব্বজন আক দেখাইলো প্ৰমাণ॥
সুবৰ্ণৰ মনি যদি পিন্ধৰ পাৱত।
কাঞ্চ মণি পিন্ধে যদি শিৰত গলত॥
তথাপিতো কাঞ্চমনি নুহি সমসৰ।
কাঞ্চন্ত কৰিয়া জানা সুবৰ্ণ ডাঙ্গৰ॥
শিশুকালে পিতৃৰ লাগয় ৰাখিবাক। (৮৮)
যুবা কালে স্বামী ৰক্ষা কৰিবে ভাৰ্য্যাক॥
বৃদ্ধ কালে ৰাখিবাক লাগয় পুত্ৰৰ।
তিনিয়ো কালত নাৰী নোহে স্বতন্তৰ॥
স্থান ভ্ৰষ্ট ভৈলে সিটো থাাকতে নপাৰি। (৮৯)
আপোনাৰ শৰীৰত চাহিয়ো বিচাৰি॥
নখকেশ দান্তাদি থান হন্তে গুছে।
কৰে অনাদৰ আৰু কোনে তাক পুচে। (৮৭)
(৮৭) মণি লুণ্ঠিত পাদেন কাচঃ শীৰসি ধাৰ্য্যতে
যথৈ বান্ত তথৈ বাস্তু কাচঃ কাচোমনিৰ্ম্মণিঃ।
(৮৮) পিতা ৰক্ষতি কৌমাৰে ভত্তা ৰক্ষতি যৌবনে।
পুত্ৰন্ত স্তবিৰে কালে ন স্ত্ৰী স্বাতন্ত্ৰ্য মৰ্হতি।
(৮৯) ... ... ... ...
সেই মতে পুৰুষে হৰাই নিজ থান।
নাথাকে সম্ভ্ৰম কেহো নকৰে সন্মান॥
পৰদেশে হীনহয়ে ক্ষীণ হয়ে কান্তি।
শুনা আৰ কলিত যি নাৰী থাকে শান্তি॥
যদি ওচৰত তাৰ নাথাকন্ত বন। (৯০)
আৰু যদি অবজৰ নাপায়ে তেখন॥
যদি ওচৰত নাথাকন্ত দুষ্ট জন।
হাস পৰিহাস কেহো নোবোলে বচন॥
তেবেসে জানিবা সিটো নাৰী থাকে শান্তি।
এহি কথা বিদুৰত কহিলন্ত কুন্তী॥
কহিবোহো কথ আবে কৰিবন্ত সাৰ।
এক মনে বিদ্যাগণ শিখিব অপাৰ॥
বহুধন আৰ্জ্জিবে থাকিবে গৃহ বাসে। (৯১)
ধৰ্ম্মক দেখিব মৃত্যু ধৰিয়া নপসে॥
নমৰোহো বুলি আৰ্জ্জিবেক বহু ধন।
মৰো হেন বুলি কৰিবেক ধৰ্ম্মগণ॥
পেষন্তে সৰিৰা তেল টোপা টোপা সৰে।
তথাপিতো দিৱসত এক ঘট ভৰে॥
(৯০) • • • • • • • •
(৯১) অজৰামৰবৎ প্ৰাজ্ঞো বিদ্যা মৰ্থঞ্চ চিন্তয়েৎ।
গৃহীত ইব কেশেষু মৃত্যুনা ধৰ্ম্মমাচৰেৎ।
সেহিমতে অল্প অল্প আৰ্জ্জি বহুধন।
অল্প অল্প কৰি শিখিবেক বিন্যাগণ॥
অল্প অল্প কৰিয়া ধৰ্ম্মত দিব মতি।
এতেকে কৃষ্ণৰ পাৱে বাৰিবে ভকতি॥
লোকে পুচে বাপু তুমি কেনে আছা ভালে। (৯২)
সম্বুধি বোলয় বাপু আছোহো কুশলে॥
মুখে মাত্ৰ কহন্ত নুগুণি সিটো মনে।
সূৰ্য্যৰ লগত আয়ু যায় দিনে দিনে॥
শৰীৰত থাকিবে অনেক গুণগণ। (৯৩)
বহু বিদ্যা শিখিবন্ত কৰিয়া যতন॥
এক তিলে শৰীৰ হৈবন্ত ছাৰখাৰ।
বিদ্যাৰে সে মান্য থাকে চন্দ্ৰ দিৱাকৰ॥
যেন সৰ্প ক্ৰূৰ জাতি না পায় তাৰ মন। (৯৪)
তাহাতো অধিক ক্ৰূৰ খলুয়া দুৰ্জ্জন॥
মন্ত্ৰ যদি শুনে সৰ্প চপৰান্ত শিৰ।
বিস্তৰ ভাষিলে দুষ্ট জন হৱে ধীৰ॥
(৯২) লোকঃ পৃচ্ছতি সদ্বাৰ্ত্তাং শৰীৰে কুশলং তব।
কুতঃ শৰীৰ মম্মাকম্ আয়ুৰ্য্যাতি দিনে দিনে।
(৯৩) ... ... ... ...
(৯৪) সৰ্পঃ ক্ৰূৰঃ খলঃ ক্ৰূৰঃ সৰ্পাৎ ক্ৰূৰতৰঃ খলঃ
মন্ত্ৰৌষধি বশঃ সৰ্পঃ খলঃ কেন নিবাৰ্য্যতে।
সাখী যেন শৰীৰত যাৱ মাত্ৰ চাই। (৯৫)
পণ্ডিত সন্তোষ হুৱে সতকাৰ পাই॥
আপোনাৰ সদৃশ অন্যক পাইবে নাই।
আপোনাৰ সম জানা মিত্ৰক নাপাই॥
মুৰ্খক কৰন্ত দান তাৰ নাম হত। (৯৬)
যজ্ঞহত হোৱন্ত দক্ষিণা নাহি যাত॥
হতশূন্য বুলি যাৰ নাহিকে নায়ক।
ৰাৱণে হৰিয়া যাতো নিলন্ত সীতাক॥
লগত থাকয় যদি শ্ৰীৰাম লক্ষণ।
তেবেকি সীতাক নিবে পাৰয় ৰাৱণ॥
অষ্ট ভোজনৰ বস্তু থাকয় বিস্তৰ। (৯৭)
ভুঞ্জিবাক নপাৰন্ত দেহা অথান্তৰ॥
ৰূপে গুণে থাকে নাৰী সৰ্ব্বাঙ্গে সুন্দৰী।
নুহিকা স্বভাবে থাকে পুৰুষক ডৰি॥
অনেক ঐশ্বৰ্য্য তাৰ থাকয় সম্প্ৰতি।
(৯৫) ... ... ... ...
(৯৬) হতম শ্ৰোতিয়ে দানং হতো যজ্ঞত্ব দক্ষিণঃ
হতা ৰূপবতী বন্ধ্যা হতং সৈন্য মনায়কম্!
(৯৭) ভোজ্যং ভোজনশক্তিশ্চ ৰতিশক্তিবৰন্ত্ৰিয়ঃ
বিভবো দান শক্তিশ্চ নাল্পস্য তপসঃ ফলম্।
দান কৰিবাক লাগি নাহিকে শকতি॥
তিনিকো তিনিয়ে যদি হয় অবিকল ।
ইজন্মৰ ফল নুহি পূর্ব্ব জন্মৰ ফল॥
নৃপতিয়ো ভৈলে কুৰুক্ষেত্ৰকে নজানে। (৯৮)
মূৰ্খ পুত্ৰ ভৈলে নপঠাবো একো স্থানে॥
নৃপতিৰ লগে ৰাখিবাক ভাল নুই।
তাক লগে ৰাখিলে অনেক পাপ হুই॥
চোৰৰ নাহিকে নিদ্ৰা জানা সাৰে সাৰে। (৯৯)
চিন্তা ভৈলে ৰাতি সুখ নাহিকে তাহাৰ॥
একো কাৰ্য্যে সুখ নাহি দৰিদ্ৰ জনৰ।
মনত নাহিকে সুখ কামী পুৰুষৰ॥
এক পুৰুষৰ নাৰী হুৱয় বিস্তৰ। (১০০)
তেবেকি মনক পুৰে সিটো পুৰুষৰ॥
পাৱয় সম্পত্তি যদি তিনিয়ো ভুবন।
তেবেকি তাহাৰ জানা শান্ত হৱে মন ॥
অনেক নদীর জল পৰয় সাগৰে।
তেবেকি জানিবা সিয়ো সাগৰে নধৰে॥
(৯৮) ... ... ... ...
(৯৯) ... ... ... ...
(১০০) ... ... ... ...
ঐশ্বৰ্য্য আকাৰে যদি হুয়া থাকে অন্ধ। (১০১)
অৰ্থ নষ্ট হবে যদি গুছে কৰ্ম্ম বন্ধ॥
আপোনার বুদ্ধি ভাল আৰু গুৰু বুদ্ধি। (১০২)
পৰ বুদ্ধি লৈলে কাৰ্য্য নাহি হয় সিদ্ধি॥
স্ত্ৰীৰ বুদ্ধি লৈলে সিয়ো যায় অধোগতি।
চাণক্যৰ কথা এহি মানে সমাপতি॥
আক শুনি সাধু সবে নিন্দা নকৰিবা।
শাস্ত্ৰ চাহি তোৰা সবে আপুনি দেখিবা॥
মই মহা অধম পামৰ দুষ্ট জন।
তথাপি ইহাক চাইবে মোৰ ভৈলা মন॥
হেন জানি নৰলোক তেজি আনকাম।
নিৰন্তৰে নৰে ভাষিবোলা ৰাম ৰাম॥
অন্ত।
(১০১) ... ... ...
(১০২) আত্ম বুদ্ধি শুভকৰী গুৰু বুদ্ধিঃ বিশেষতঃ
পৰবুদ্ধিঃ বিনাশাৰ স্ত্ৰী বুদ্ধিঃ প্ৰলয়ংকৰী।
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )