পৃষ্ঠা:চাণক্য.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪)


গৃহত সদায় সৰ্পে নিবাস কৰয়।
মৰিবাক লাগি তাৰ নাহিকে সংশয়॥
ভোজনক প্ৰশংসা কৰিবা জীৰ্ণ গৈলে। (৬)
নিজ ভাৰ্য্যা প্ৰশংসিবা বৃদ্ধ কাল ভৈলে॥
শস্যক প্ৰশংসা কৰা চাপিলে গৃহত।
পুত্ৰক প্ৰসংশা কৰা জিনিলে ৰণত॥
নুহিকে নৃপতি বিদ্যাৱন্ত সমসৰ। (৭)
নৃপতিক কৰিজনা বিদ্বান ভাঙ্গৰ॥
আপোনাৰ দেশে নৃপতিক পূজা কৰে।
বিদ্যাৱন্ত ভৈলে পূজা কৰয় সংসাৰে॥
তাড়ণা নভৈলে গাধা ভাৰ নবহয়। (৮)
কপট দেহিক দণ্ড কৰিতে লাগয়॥
গ্ৰাম দণ্ড প্ৰজাক কৰিতে লাগে দঁড়ি।
তেবে কাৰ্য্য সিদ্ধি হৱে উঠে ৰাজ কড়ি॥


(৬) জীৰ্ণ ময়ং প্ৰসংসীয়াদ্ ভাৰ্য্যাংচ গত যৌবনাম্
  ৰণাৎ প্ৰত্যাগতং পুত্ৰং (শূৰং) শস্যংচ গৃহমাগতম্॥
(৭) বিদ্বত্বঞ্চ নৃপত্বঞ্চ লৈব তুল্যাং কদাচন
  স্বদেশে পূজ্যতে ৰাজা বিদ্বান সৰ্ব্বত্ৰ পূজ্যতে।
(৮) ••• ••• ••• •••