পৃষ্ঠা:চাণক্য.pdf/২০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


চাণক্য। শ্ৰীশ্ৰীকৃষ্ণায় নমঃ । জয় জয় কৃষ্ণদেৱ অনাদি অনন্ত । পৰম পুৰুষ সদানন্দ ভগৱন্ত তোমাৰ চৰণে কৰে। কোটি নমস্কাৰ । হৃদয়ত থ’কি জানি দিয়োক জমীৰ ॥ তযু কৃপা বিনে সবে মিছ৷ পুৰুষাৰ্থ । তযু অনুগ্রহ বিনে সবে হয়ে ব্যৰ্থ । এতেকে তোমাৰ পাৱে কৰোহেঁ৷ কাতৰ । পদ বিৰচিবে মন কৰে। চাণক্যৰ ॥ হৃদয়ত থাকি জ্ঞান দিয়ো প্ৰতি নিত। বহু কথা দেখি পদ বিৰচিবে1 চিত ॥ সমস্ত শাস্ত্ৰৰ কথা কহত চাণক্যে । প্ৰস্তাৱৰ বাক্য ব্যক্ত কৰিবে। উৎছুকে ॥ নপঢ়য় জান শাস্ত্র ইহা পঢ়য় । ওখাপিতো সিটে। সভা পণ্ডিত হোৱয় ।