পৃষ্ঠা:চাণক্য.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১১)

যদি কোন বস্তু আসিহোয়ে উতপন্ন।
ভাৰ্য্যা পুত্ৰে বিবৰ্ত্তিয়া কৰয় ভোজন॥
যদি কৰ্ম্ম কৰন্তা থাকয় বহুজন।
তভোনৰে কৰ্ম্ম কৰি কৰয় ভোজন॥
এহি চাৰি গোটা গুণ হৈব পুৰুষৰ।
এবে পাঞ্চ গুণ কহো শুনা কাউৰৰ॥
গুঢ় মৈথুনক তাৰ নজানয় আনে। (২২)
ধাতুৰ্ব্বাদ কৰি যিবাৰ কাৰণে॥
পাচক লাগিয়া সাঞ্চি থৱয় গুধূলি।
আগ পাচ চাই ফুৰে মুকলক বুলি॥
শীত উষ্ণ বুলিয়া আলাস নকৰন্ত।
সভয়ে ডৰুক জাতি নুহি দম্ভৱন্ত॥
পৰম চতুৰ বুদ্ধিমন্ত যিটোজন।
কাকত শিখিয়া লৈব কৰিয়া যতন॥
এহি ভাৱে কৰ্ম্ম কৰিবেক যতনৰ।
এবে চয় গুণ কহোঁ শুনা কুকুৰৰ॥


(২২) গূঢ়ং চ মৈথুনং ধাৰ্ষ্ট্যং; কালে কালে চ সংগ্ৰহম্
  অপ্ৰমাদ মনালস্যং পঞ্চশিক্ষেত বায়সাৎ।