সমললৈ যাওক

পৃষ্ঠা:চাণক্য.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৯)

ৰাজাত ভাৰ্য্যাত কেহো নকৰি বিশ্বাস।
ইটো ছয় আপোন নুহিকে নপায় আশ॥
ইসবৰ কদাচিতো নাহি আত্মা পৰ।
শুনা আৰু পাশ নাচাপিবা যিসবৰ॥
হস্তীৰ ওচৰ নাচাপিবা একোনৰ। (১৭)
দেখিলে সহস্ৰ হাত হৈবাহা অন্তৰ॥
শত হাত অন্তৰ হৈবাহা ঘোটকৰ।
দশহাত অন্তৰ হৈবাহা বৃষভৰ॥
দুষ্টে আক্ৰমিলে এৰিবাক লাগে দেশ।
শুনিযো যাহাত লৈবা গুণ উপদেশ॥ (১৮)
সিংহ বকে দুই গুণ ককুৰাত চাৰি।
কাউৰত পাঞ্চগুণ লভিবা বিচাৰি॥
কুকুৰত ছয় গুণ গৰ্দ্দভত তিনি।
শুনিয়ো সবাৰে গুণ কহো ভিন্নি ভিন্নি॥
অলপ কাৰ্য্যক নৰে কৰিব সত্বৰ। (১৯)
জাৰ শীত উষ্ণ বুলি আলাস নকৰ॥


(১৭) হস্তী হস্ত সহশ্ৰেণ শত হস্তেন বাজিনঃ
  শৃঙ্গিণো দশহস্তেন স্থান ত্যাগেন দুৰ্জ্জনঃ।
(১৮) সিংহাদেকং বকাদেকং ষটগুনঃ ত্ৰীনি গৰ্দ্দভাৎ।
  বায়সাৎ পঞ্চশিক্ষেত চত্বাৰি কুক্কুটাদপি।
(১৯) প্ৰভূতমল্পং কাৰ্য্যং বা যো নৰঃ কৰ্ত্তুমিচ্ছতি
  সৰ্ব্বাৰন্তেণ তৎকুৰ্য্যাৎ সিংহাদেকং প্ৰকীৰ্ত্তিতম্।