সমললৈ যাওক

লেখক:ৰামপতি

ৱিকিউৎসৰ পৰা
ৰামপতি
চণ্ডীত লিখা মতে ৰামপতিৰ থকা ঠাই লৌহিত্যৰ উত্তৰপাৰৰ নাৰায়ণপুৰত। তেওঁ এজন কবি আাছিল ; ৰুদ্ৰসিংহ স্বৰ্গদেৱৰ দিনত ৰুচিনাথৰ পিতায়েক কৃষ্ণাচাৰ্য্যক *• ৰংপুৰ নগৰলৈ নিয়ে। তাতে ৰুচিনাথৰ জন্ম হয় । ৰুচিনাথে ১৬৮১ শকত চণ্ডীৰ ভাঙ্গণী কৰিছে বুলি সিদ্ধান্ত কৰা হৈছে । ৰামপতি ৰুচিনাথৰ পাঁচ পুৰুষৰ ওপৰ । পূৰাতত্ববিদ পণ্ডিতসকলৰ মতে তিনি পুৰুষত এশ বছৰ ধৰে। সেই দৰে হলে পাঁচ পুৰুষত ১৬৬ বছৰ হয়। তেনে হলে দুয়োৰো ভিতৰত ১৬৬ বছৰৰ আঁতৰ । ১৬৮১-১৬৬ ১৫১৫ শক বা তাৰ অলপ আগপিচ বুলি ৰামপতিৰ সময় অনুমানত ধৰি ল’ব পাৰি।


সাহিত্যকৃতি

[সম্পাদনা কৰক]
  1. চাণক্য


এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )